১৩০ খন বাছ! ৰাছিয়াই সহায় কৰিব ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে

১৩০ খন বাছ! ৰাছিয়াই সহায় কৰিব ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে

author-image
asomiyapratidin
New Update
১৩০ খন বাছ! ৰাছিয়াই সহায় কৰিব ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে

ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতেই তাত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিক সকলক উদ্ধাৰৰ বাবে চেষ্টা চলাইছে চৰকাৰে। ইয়াৰ মাজতে ভাৰতলৈ সহায়ৰ হাত আগবঢ়াইছে ৰাছিয়াই।

ইউক্ৰেইনৰ পৰা ভাৰতীয় সকলক বাহিৰ কৰাৰ বাবে সহায় কৰিব ৰাছিয়াই।ৰাছিয়াৰ তৰফৰ পৰা জাৰি কৰা এক তথ্য অনুসৰি ইউক্ৰেইনৰ খাৰকীভ আৰু চুমী অঞ্চলত আৱদ্ধ হৈ থকা ভাৰতীয় লগতে বিদেশী শিক্ষাৰ্থী সকলক উদ্ধাৰৰ বাবে ৰাছিয়াই বাছৰ ব্যৱস্থা কৰিছে। প্ৰায় ১৩০ খন বাছৰ জৰিয়তে উদ্ধাৰ কৰা হ'ব এই নাগৰিক সকলক।অৱশ্যে ইয়াৰ স্পষ্টতা ভাৰত চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে অহা নাই।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতীয় সকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিৰ সৈতে .টেলিফোন যোগে বাৰ্তালাপ কৰিছিল। তাৰপাছতেই এক বাতৰি প্ৰকাশ পাইছিল যে ভাৰতৰ বাবে ৰাছিয়াই ৬ ঘন্টা যুদ্ধ স্থগিত ৰাখিব। কিন্তু এই কথা আছিল সম্পূৰ্ণ অসত্য। গতিকে পৰৱৰ্তী সময়ত যদিহে ভাৰত চৰকাৰৰ তৰফৰ পৰা স্পষ্টীকৰণ জাৰি কৰে তেতিয়াহে ইয়াৰ সত্যাসত্য গ'ম পোৱা যাব।

india ukraine russia