ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ বাবে ৬ ঘন্টা যুদ্ধ স্থগিত ৰাখিব ৰাছিয়াই

ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ বাবে ৬ ঘন্টা যুদ্ধ স্থগিত ৰাখিব ৰাছিয়াই

author-image
asomiyapratidin
New Update
ভাৰতৰ সমৰ্থন আশা কৰিছে ৰাছিয়াই, ক’লে আমি আশাবাদী…

ডিজিটেল ডেস্ক: ভাৰতীয় নাগৰিক সকলক সুৰক্ষিত ভাৱে উদ্ধাৰ কৰাৰ বাবে ৬ ঘন্টা যুদ্ধ স্থগিত ৰাখিব ৰাছিয়াই। আজিও অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধ। ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিক সকলক উদ্ধাৰৰ বাবে চেষ্টা চলাই আহিছে চৰকাৰে।

Advertisment

ইয়াৰ মাজতে ৰাছিয়াই ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ বুজাবুজি কৰিছে। খাৰকীভত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিক সকলক উদ্ধাৰ  কৰাৰ বাবে ৰাছিয়াই ৬ ঘন্টা যুদ্ধ স্থগিত কৰিব। এই সময়খিনিতে আৱদ্ধ হোৱা লোকখিনি অন্য দেশৰ সীমান্ত অথবা সুৰক্ষিত ঠাইলৈ যোৱাৰ বাবে সময় পাব।

ইউক্ৰেইনৰ চহৰ খাৰকিভত এতিয়াও আৱদ্ধ হৈ আছে বহু ভাৰতীয় নাগৰিক। খবৰ অনুসৰি সেই ঠাইৰ পৰা ভাৰতীয় নাগৰিক সকলক ওলাই অহাত বাধা আৰোপ কৰিছে একাংশই।তাৰ মাজতে বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতীয় সকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ বিষয়ত আলোচনা কৰে।ৰাছিয়াই কয় যে তেওঁলোকে ভাৰতীয় নাগৰিকক সুৰক্ষা দিয়াৰ বাবে সকলো ধৰণৰ চেষ্টায়েই কৰিছে।

তদুপৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে আশ্বাসো দিয়ে যে ভাৰতীয় নাগৰিকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাত সহায় কৰিব। ৰাছিয়াই ভাৰতীয় নাগৰিকৰ বাবে বনাব কৰিডৰ। লগতে ৬ ঘন্টাৰ বাবে বন্ধ ৰাখিব যুদ্ধ।

ukraine narendra modi russia putin