যুদ্ধ ইউক্ৰেইনত, কি প্ৰভাৱ অসমত…

যুদ্ধ ইউক্ৰেইনত, কি প্ৰভাৱ অসমত…

author-image
asomiyapratidin
New Update
সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰাকৈয়ে ইথানল মিহলি পেট্ৰ’ল বিক্ৰী কৰিছে তেল কোম্পানীসমূহে….

ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ফলত অৰ্থনৈতিকভাৱে কিছু প্ৰভাৱ পৰিব ভাৰততো।ইতিমধ্যে ভাৰতীয় শ্বেয়াৰ মাৰ্কেটত দেখা গৈছে ইয়াৰ প্ৰভাৱ। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছতেই তললৈ নামি গৈছে শ্বেয়াৰ মাৰ্কেট।

Advertisment

বৃদ্ধি হ'ব পাৰে তেলৰ দাম। ইতিমধ্যে আন্তৰ্জাতিক বজাৰত অপৰিশোধক তেলৰ দাম ২.০৩ শতাংশ বাঢ়িছে।বিষেজ্ঞৰ মতে দাম বাঢ়ি অতিক্ৰম কৰিব পাৰে ১০০ ডলাৰ। ইয়াৰ ফলত ভাৰতত পে'ট্ৰল, ডিজেল, এলপিজিৰ দাম বৃদ্ধি হ'ব পাৰে।

ভাৰতীয় টকাৰ মূল্য কমাৰ সম্ভাৱণা আছে। ইতিমধ্যে মাৰ্কিন ডলাৰৰ বিৰপীতে ৰুপী ২৪ পইচা হ্ৰাস পাইছে।

অন্যহাতে আজি বৃদ্ধি পাইছে সোণৰ মূল্য।ভাৰতত ১০ গ্ৰাম সোণৰ মূল্য ১৪০০ টকাতকৈও অধিক বৃদ্ধি পাই।বৃহস্পতিবাৰে ভাৰতীয় বজাৰত সোণ আৰু ৰূপৰ হাৰ অনুসৰি ৯৯৯ বিশুদ্ধতাৰ সোণ ১০ গ্ৰাম ৫১,৪১৯ হৈছে।লগতে ১ কিলো ৰূপৰ দাম ৬৬,৫০১। বিভিন্ন ধৰণৰ ধাতু, পাথৰ আদিৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱণা আছে।

২০২১ চনত, ভাৰতৰ কয়লা আমদানি ১.৬ শতাংশৰ পৰা ১.৩ শতাংশলৈ হ্ৰাস পাইছিল। এতিয়া আৰু হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও, ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি কৰে,গতিকে এই ক্ষেত্ৰতো প্ৰভাৱ পৰিব পাৰে।

india ukraine russia