/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/23e91c5a-2027-4562-bb76-ec1c79a63c8a/leicester_city.jpg)
ডিজিটেল সংবাদ, ইংলেণ্ড : ইংলেন্ডৰ ল্যেষ্টাৰ চহৰত প্ৰৱাসী অসমীয়াই ৮ বহাগ, ইংৰাজী ২২/০৪/২০২৩ তাৰিখে ৰঙালী বিহু উলহ মালহেৰে দিনযোৰা কাৰ্য্যসূচীৰে পালন কৰে । অসমীয়াৰ বাপতি সাহোন বিহু আৰু অসমীয়া কৃষ্টি সংস্কৃতি সাত সাগৰ তেৰ নদীৰ সিপাৰত থাকিও প্ৰৱাসী অসমীয়া সকলে নিজৰ মাতৃভূমিৰ লগত এনাজৰী ডাল মৰমৰে বান্ধি ৰাখিবলৈ যত্ন কৰি আহিছে ।
অসমী আইৰ ভাষা-সংস্কৃতিক নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ বাবেই বিহুৰ আয়োজন কৰা হয় । কণ কণ শিশুৰ পৰা ৮০ উৰ্দ্ধৰ প্ৰাপ্তবয়স্কলৈ টেকেলী ভঙা, মিউজিকেল চকী আদি বিভিন্ন খেল ধেমালিৰ আনন্দ লয়। আদৰণি ভাষণত বিহু কমিতিৰ সভানেত্ৰী শ্রীমতী মঞ্জিৰা চৌধুৰীয়ে মন্তব্য প্ৰদান কৰে যে "আমি সকলোৱে একেলগে এক যৌথ পৰিয়ালৰ দৰে থাকি আমাৰ মুলসূতিৰ লগত নৱপ্ৰজন্মৰ মাজত অসমীয়া ভাষা সংস্কৃতিক জীয়াই ৰাখিবলৈ চেষ্টা কৰাৰ আমাৰ এক ক্ষুদ্ৰ প্ৰচেষ্টা মাথোন।"
এই অনুষ্টানটিৰ অথিতি ল্যেষ্টাৰৰ গুজৰাটী লোহানা সমাজৰ সভাপতি শ্রী চেতনভাই আমল্লানী দেৱক এখন ফুলাম গামোছাৰে আদৰণি জনায় । তেখেতে অসমীয়া সকলোৱে মিলিজুলি ৰঙালী বিহুৰ আনন্দ লৈ নিজৰ লগতে অনা অসমীয়াৰ মাজত অসমীয়া সমাজৰ সাজ-পোচাক, বিহুনাচ, খাদ্য সম্ভাৰকে ধৰি সকলো পৰিৱেশন কৰা দেখি তেখেত নথৈ আনন্দিত হয়।
হুচৰি গীতৰ মাজেৰে ভগৱানৰ ওচৰত অসমবাসীয়ে আৰ্শীবাদ লোৱা প্ৰথা দেখি গুণমুগ্ধ হয় । মঞ্জিৰা চৌধুৰীৰ নেতৃত্বত সাংস্কৃতিক অনুষ্ঠানটি আৰম্ভ কৰা হুচৰিৰে ।বাৰে বাৰেণীয়া অসমীয়া ন-পুৰণি গীত-মাত সমাৰোহেৰে ল্যেষ্টাৰৰ বিহুয়ে আৰ্কষিত কৰে সকলো প্ৰৱাসী অসমীয়াও অনা অসমীয়াক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/7c2e0df9-57d6-4cd4-8e72-8a7ef321636d/WhatsApp_Image_2023_04_24_at_8_49_15_AM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/e199d215-9017-4cc4-9f22-ccd6918131e1/WhatsApp_Image_2023_04_24_at_8_49_11_AM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/776a8829-e5d8-4fff-96af-c762ae7b94a7/WhatsApp_Image_2023_04_24_at_8_49_15_AM__1_.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/31cf5c88-e65a-4352-8a79-23f38f55bb8a/WhatsApp_Image_2023_04_24_at_8_49_10_AM.jpeg)
কণ কণ মাইনা জোনাক প্ৰিয়া, নভ্যা কুক্ৰেজা, আদিত্ৰি কাশ্যপহঁতৰ বিহু নাচ , বিহুসুৰীয়া পুৰণি গীত সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল। বৰ্নিতা দত্ত,ডাঃ দিতিমা গায়নৰ বিহুসুৰীয়া গীত, পাপৰি আৰু কনমাণি গ্ৰেচীৰ মাতৃকন্যাৰ মনোমহা বিহু নাচে মঞ্চ শুৱনি কৰি তোলে।
তবলাৰ সাধক জাকিৰ হুছেইনৰ শিষ্য ইংলেন্ডত জন্ম আৰু ডাঙৰ দীঘল হোৱা ঋষি চৌধুৰীৰ এক অবিস্মৰণীয় তবলা বাদনে সকলোকে মুগ্ধ কৰে । বিহুগীতৰ সম্ৰাত খগেন মহন্তৰ গীতত কমিতিৰ সম্পীদিকা ভানুশ্ৰী মেধিয়ে কণ কণ মাইনাহঁতৰ লগত এটি নাচ প্ৰদৰ্শন কৰে। সাংস্কৃতিক সন্ধিয়াৰ শেষত সকলোৱে আনন্দত আত্মহাৰা হৈ ঢোল, পেপা, গগনা, তালৰ চেওে চেওে ককাল ঘুৰাই ঘুৰাই বিহুৰ আনন্দ লয় । এই সাংস্কৃতিক অনুষ্ঠান টি আট ধৰে সাৱিত্ৰী লাডে আৰু শলাগৰ শৰাই দিয়ে ডাঃ পম্পা দত্ত কুক্ৰেজাই।
এদিনৰ বাবে সকলোৱে মনৰ আনন্দত ৰং বিৰঙৰ অসমীয়া সাজপাৰ পৰিধান কৰি এক মনোমহা পৰিৱেশত প্ৰতিজন প্ৰৱাসী অসমীয়াই অসমীয়া জলপান দৈ, চিৰা, সান্দহ, গুৰ, তিল পিঠা, ঘিলা পিঠা, তেল পিঠা, ঠেকেলী পিঠা, তিলৰ লাৰু, নাৰিকলৰ লাৰু ইত্যাদিৰ লগতে মঞ্জিৰা বাইদেউৰ আৰু ভানুশ্ৰী মেধিৰ পাকঘৰৰ অসমীয়া জুতিৰ ঘৰুৱা ৰন্ধনৰ পিঠাৰ লাৰু, মাছৰ জোলৰ পৰা খাৰলৈ বছৰৰ আৰম্ভণিতেই সোৱাদ লয় ।
অনুষ্ঠানটি সাফল্যৰ আৰঁত বিহু কমিতিৰ মঞ্জিৰা চৌধুৰী, ভানুশ্রী মেধি, উপদেষ্টা ডাঃ তৰুণ চৌধুৰী, ডাঃ যুৱৰাজ কুক্ৰেজা, ডাঃ পম্পা দত্ত, বিজয় কাৰিয়া, ডঃ মৃনাল দাস,বেদাংশু শইকীয়া, ডঃ ময়ুৰী গগৈ আৰু পৰিনতা কাকতিৰ অৱদান উল্লেখনীয় ।