গাজাৰ চিকিৎসালয়ত ৰকেট বিস্ফোৰণ : নিহত প্ৰায় ৫০০

গাজাৰ চিকিৎসালয়ত ৰকেট বিস্ফোৰণ : নিহত প্ৰায় ৫০০

ডিজিটেল ডেস্কঃ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ইজৰাইল আৰু হামাছৰ যুদ্ধয়। ইতিমধ্যেই শ শ নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে এই যুদ্ধত। মঙলবাৰে নিশা গাজাত হোৱা বিস্ফোৰণে পুনৰ প্ৰাণ কাঢ়িলে শ শ লোকৰ।

মঙলবাৰে গাজাৰ এখন চিকিৎসালয়ত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণৰ ফলত প্ৰায় ৫০০ লোকৰ মৃত্যু হোৱা বুলি হামাছৰ দ্বাৰা পৰিচালিত স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰৰ দ্বাৰা জানিব পৰা গৈছে।

এই ঘটনাৰ বাবে হামাছে ইজৰালক দোষাৰূপ কৰাৰ বিপৰীতে ইজৰাইলে সম্পূৰ্ণৰূপে এই অভিযোগ অস্বীকাৰ কৰিছে। আনহাতে এই ভয়ংকৰ আক্ৰমণৰ বাবে ইজৰাইলে পেলেষ্টাইনৰ ইছলামিক জেহাদ সংগঠন দায়ী বুলি অভিযোগ উত্থাপন কৰিছে।

ইজৰাইলৰ সেনাই কয় যে, তেওঁলোকে একাধিক সূত্ৰৰ পৰা পোৱা চোৰাংচোৱা তথ্যই ইংগিত দিয়ে যে গাজাৰ চিকিৎসালয়ত আঘাতপ্ৰাপ্ত হোৱা ব্যৰ্থ ৰকেট উৎক্ষেপণৰ বাবে ইছলামিক জেহাদ দায়ী। এক সংবাদমেলত মুখপাত্ৰ ডেনিয়েল হাগাৰীয়ে কয় যে, আক্ৰমণৰ সময়ত ইজৰাইলে চিকিৎসালয়খনৰ ওচৰত কোনো আকাশী অভিযান চলোৱা নাছিল আৰু যিবোৰ ৰকেট ব্যৱহাৰ কৰা হৈছিল সেইবোৰ তেওঁলোকৰ সঁজুলিৰ সৈতে মিল নাছিল।

ইয়াৰ বিপৰীতে হামাছে এক বিবৃতিত যোগে প্ৰকাশ কৰে যে, ইজৰাইলে গাজাৰ বেপ্টিষ্ট আৰব নেচনেল হস্পিতালত বোমা বিস্ফোৰণ কৰি তেওঁলোকে কৰা নৃশংস হত্যাকাণ্ডৰ দায়িত্বৰ হাত এৰাই চলিবলৈ অশেষ চেষ্টা কৰিছে। লগতে তেওঁলোকে কৰা এই বিস্ফোৰণৰ বাবে পেলেষ্টাইনত গঢ়ি উঠা ইছলামিক জেহাদ আন্দোলনৰ ওপৰত দোষাৰোপ কৰিব বিচাৰিছে।

গাজাৰ চিকিৎসালয়ত ৰকেট বিস্ফোৰণ : নিহত প্ৰায় ৫০০
মণিপুৰত পৃথক পৃথক অভিযানত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in