/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/be63e225-e48f-4493-9b5f-2b3c19615ee0/indonesia.jpg)
ডিজিটেল ডেস্ক : সমন্বয়ৰ খেল পৰিৱৰ্তিত হ'ল গৈ মৃত্যুৰ খেললৈ । ষ্টেডিয়ামতে মৃত্যুবৰণ কৰিলে ১২৯ গৰাকী ব্যক্তিয়ে । এই দুৰ্ঘটনা সংঘটিত হৈছে ইণ্ডোনেছিয়াৰ আৰেমা ফুটবল ক্লাব আৰু পাৰ্ছেবায়া ক্লাবৰ মাজৰ ফুটবল খেল এখনত । খেলৰ ফলাফলক লৈ দুয়ো দলৰ অনুৰাগীৰ মাজত সৃষ্টি হোৱা বিতৰ্কই ক্ৰমে বিষম ৰূপ লয় । তাৰ পাছতেই ষ্টেডিয়ামৰ নিৰাপত্তাৰক্ষী আৰু ইণ্ডোনেছিয়ান আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা চলাই যদিও বৃহৎ সংখ্যক অনুৰাগীক নিয়ন্ত্ৰণলৈ আনিবলৈ অসফল হয় । নিৰাপত্তাৰক্ষী আৰু আৰক্ষী জড়িত হোৱাৰ লগে লগেই আৰু বিষম হয় পৰিস্থিতি । সাধাৰণ মতানক্যৰ পৰা সৃষ্টি হোৱা কাজিয়াত ১২৯ গৰাকীৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হয় আন বহু শতাধিক লোক ।
অৱশেষত ৰাষ্ট্ৰীয় সামৰিক বাহিনীৰ হস্তক্ষেপত কন্দুৱা গেছ আৰু লাঠি চাৰ্জৰ প্ৰয়োগেৰে নিয়ন্ত্ৰণলৈ আনিব লগীয়া হয় অনুৰাগী সকলক । উল্লেখ্য যে, এই দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ইণ্ডোনেছিয়াত বৰ্তমান চলি থকা ব্ৰি লিগা-১ৰ সকলো খেল পৰৱৰ্তী সপ্তাহলৈ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে ।