চলন্ত ৰে'ল গুলীচালনাঃ যাত্ৰীৰ মাজত হাহাকাৰ...

বেলুচিস্তানত পেছাৱাৰ অভিমুখী এখন ৰে’লত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ পাছতেই প্ৰাদেশিক চৰকাৰে স্থানীয় কৰ্তৃপক্ষক “জৰুৰীকালীন ব্যৱস্থা” গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

author-image
Tushar Pratim
New Update
চলন্ত ৰে'ল গুলীচালনাঃ যাত্ৰীৰ মাজত হাহাকাৰ...

ডিজিটেল ডেস্কঃ মঙলবাৰে পাকিস্তানৰ বেলুচিস্তানত পেছাৱাৰ অভিমুখী এখন ৰে’লত গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। ঘটনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ। জানিব পৰা মতে এই ঘটনাৰ পাছতেই প্ৰাদেশিক চৰকাৰে স্থানীয় কৰ্তৃপক্ষক “জৰুৰীকালীন ব্যৱস্থা” গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

Advertisment

বেলুচিস্তান চৰকাৰৰ মুখপাত্ৰ শ্বাহিদ ৰিণ্ডেয়ে এক বিবৃতিত কয় যে, ‘পেহৰো কুনৰি আৰু গাডালাৰৰ মাজত কুৱেটাৰ পৰা পেছাৱাৰলৈ যোৱা ‘জাফ্ফাৰ এক্সপ্ৰেছ’ত দুৰ্বৃত্তই গুলীচালনাৰ খবৰ পোৱা গৈছে।
ইফালে নিয়ন্ত্ৰক ৰে’লৱে মহম্মদ কাছিফে জনোৱা মতে,  ৯টা ডবাৰে গঠিত ৰে’লখনত প্ৰায় ৫০০ যাত্ৰী আছিল।নিয়ন্ত্ৰকগৰাকীয়ে কয়, ‘৮ নং সুৰংগত অস্ত্ৰধাৰী লোকে ৰে’লখন প্ৰথমে ৰখাই তাৰ পাছতে গুলীচালনা কৰে।

ৰে’লখনত থতা যাত্ৰী আৰু কৰ্মচাৰীৰ সৈতে ঘটনা সন্দৰ্ভত যোগাযোগ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। চৰকাৰৰ বিবৃতি অনুসৰি ছিবি চিকিৎসালয়ত জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছে আৰু এম্বুলেন্স আৰু নিৰাপত্তা বাহিনী ঘটনাস্থলীলৈ ৰাওনা হৈছে।

অৱশ্যে ৰিণ্ডেয়ে লগতে কয় যে, শিলেৰে আবৃত্ত এই অঞ্চলটোৰ সৈতে যোগাযোগ ব্যৱস্থা সূচল নহয় বাবে এই বিষয়াসকল ঘটনাস্থলীত গৈ উপস্থিত হোৱাত অসুবিধাৰ সন্মুখীন হৈছে।

বিবৃতিটোত আৰু কোৱা হৈছে যে, ‘ৰে’ল বিভাগে উদ্ধাৰৰ বাবে অধিক ৰে’ল সেই স্থানলৈ প্ৰেৰণ কৰিছে। এই ঘটনাৰ সৈতে উগ্ৰপন্থী সংগঠন জড়িত থকাৰ সন্দেহ কৰা হৈছে।

বেলুচিস্তান চৰকাৰে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে আৰু সকলো সুৰক্ষা প্ৰতিষ্ঠানকে সক্ৰিয় হৈ থাকিবলৈ নিৰ্দেশ দিছে। তাৰোপৰি জনসাধাৰণক শান্তি অটুট ৰাখি উৰা বাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈ আহ্বান জনাইছে।

স্বাস্থ্য বিভাগৰ মুখপাত্ৰ ডাঃ ৱাছিম বেইগে জনোৱা মতে, অসামৰিক চিকিৎসালয় কুৱেটাতো জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। বেইগে কয়, ‘সকলো পৰামৰ্শদাতা, চিকিৎসক,  ফাৰ্মাচিষ্ট,  ষ্টাফ নাৰ্ছ আৰু পেৰামেডিকেল ষ্টাফক চিকিৎসালয়লৈ মাতি অনা হৈছে।

যোৱা বছৰৰ অক্টোবৰ মাহত পাকিস্তান ৰে’লৱেই ডেৰ মাহতকৈ অধিক সময় স্থগিত ৰখাৰ পিছত কুৱেটা আৰু পেছাৱাৰৰ মাজত ৰে’ল সেৱা পুনৰ ঘূৰাই অনাৰ কথা ঘোষণা কৰিছিল।

বিগত এটা বছৰত বেলুচিস্তানত সন্ত্ৰাসবাদী আক্ৰমণৰ হাৰ বৃদ্ধি পাইছে। ২০২৪ চনৰ নৱেম্বৰ মাহত কুৱেটা ৰে’লৱে ষ্টেচনত হোৱা আত্মঘাতী বিস্ফোৰণৰ ফলত কমেও ২৬ জন লোক নিহত হৈছিল আৰু ৬২ জন আহত হৈছিল।

পাকিস্তান গুলীচালনা