Advertisment

ব্ৰিটেইনৰ অহংকাৰ লণ্ডনৰ সৰ্বাধিক সম্পত্তিয়েই ভাৰতীয়ৰ দখলত...

২০০ বছৰ তেওঁলোকে ভাৰতত শোষণ কৰিছিল। ভাৰতৰ সম্পদ লুণ্ঠন কৰি ধনী হৈছিল তেওঁলোক। তেওঁলোকে ভাৰতৰ পৰা কাঢ়ি নিজৰ ৰাণীৰ শিৰত ৰাখিল ভাৰতৰ অমূল্য ৰত্ন।

author-image
Asomiya Pratidin
New Update
ব্ৰিটেইনৰ অহংকাৰ লণ্ডনৰ সৰ্বাধিক সম্পত্তিয়েই ভাৰতীয়ৰ দখলত...

ডিজিটেল ডেস্কঃ ২০০ বছৰ তেওঁলোকে ভাৰতত শোষণ কৰিছিল। ভাৰতৰ সম্পদ লুণ্ঠন কৰি ধনী হৈছিল তেওঁলোক। তেওঁলোকে ভাৰতৰ পৰা কাঢ়ি নিজৰ ৰাণীৰ শিৰত ৰাখিল ভাৰতৰ অমূল্য ৰত্ন।

Advertisment

ঔপনিৱেশিক শাসনৰ সময়ত শোষক হিচাপে তেওঁলোকলকে ভাৰতীয়ৰ ওপৰত যি নিৰ্যাতন চলালে সেই নিৰ্যাতনত অনেক ভাৰতীয়ই প্ৰাণ কাঢ়িলে। এই অপৰাধৰ পৰিণামো নিশ্চয় তেওঁলোকে ভূগিব লাগিব। এয়াই আছিল এসময়ত ভাৰতীয়ৰ আশা।

 সময়ৰ ওচৰত সকলো দাস। ব্যতিক্ৰম হ’ব নোৱাৰে ব্ৰিটিছসকলো। এসময়ত বিশ্বৰ প্ৰান্তে প্ৰান্তে ঔপনিৱেশিকতাৰ জাল পেলোৱা ব্ৰিটিছৰ যেন বেলি মাৰ যোৱাৰ সময় সমাগত।

যি ভাৰতীয়ক এসময়ত তেওঁলোকে হেয় জ্ঞান কৰিছিল সেই ভাৰতীয়ই এতিয়া ইংলেণ্ডত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। একালত কুকুৰৰ সৈতে স্থান দিয়া ভাৰতীয়ই এতিয়া ইংলেণ্ডৰ প্ৰসিদ্ধ চহৰ লণ্ডনৰ সৰ্বাধিক সম্পত্তি নিজৰ কৰিছে।

এয়াই সত্য। লণ্ডনস্থিত এটা প্ৰ’পাৰ্টি ডেভলেপমেণ্ট কোম্পানীৰ শেহতীয়া এক প্ৰতিবেদন এক প্ৰকাৰে চাঞ্চল্য সৃষ্টি কৰিছে। এই প্ৰতিবেদন অনুসৰি লণ্ডনৰ সৰ্বাধিক সম্পত্তি আছে ভাৰতীয়ৰ হাতত।

বাৰাট লণ্ডন (Barratt London) নামৰ কোম্পানীটোৰ শেহতীয়া প্ৰতিবেদনত কোৱা হৈছে যে, ইংলেণ্ডৰ পুৰণি ভাৰতীয় বংশোদ্ভৱ বাসিন্দা, এন আৰ আই, ভাৰতীয় বিনিয়োগকাৰী, শিক্ষাৰ্থী আদিৰ হাতত যিমান সম্পত্তি আছে সেয়া লণ্ডনৰ স্থানীয় ব্ৰিটিছ নাগৰিকৰ তুলনাত বহু বেছি।  
প্ৰতিবেদনখনত আু কোৱা হৈছে, ভাৰতীয়সকলে প্ৰতি বছৰে ৩০ মিলিয়নৰ পৰা ৪৭ মিলিয়ন ধন বিনিয়োগ কৰি লণ্ডনত ফ্লেট আৰু ঘৰ ক্ৰয় কৰে। ভাৰতীয় নাগৰিকৰ পাছতে লণ্ডনত সৰ্বাধিক সম্পত্তি আছে ইংলেণ্ড আৰু পাকিস্তানৰ নাগৰিকৰ নামত। 
লণ্ডনত ভাৰতীয়সকলে এনেদৰে আধিপত্য বিস্তাৰ কৰাত অনেক ভাৰতীয় সুখী হোৱা পৰিলক্ষিত হৈছে। সামাজিক মাধ্যমত এই বিষয়টোক লৈ চৰ্চা হৈছে। বিশেষকৈ ব্ৰিটিছ ঔপনিবেশিক শাসনৰ কথা উল্লেখ কৰি বিদ্ৰূপ কৰিছে। 
কোনো কোনেৱে মুকলিকৈ লিখিছে, ২০০ বছৰ আপোনালোকে ভাৰতত অবৈধভাৱে শাসন কৰিছিল। এতিয়া ভাৰতে বৈধভাৱে ব্ৰিটেইনক অধিকাৰ কৰিছে, সেয়াও সম্পূৰ্ণ প্ৰতিযোগিতামূলক পৰিবেশত। আন একাংশই আকৌ কৈছে যেনে কৰ্ম তেনে ফল ভোগ কৰিছে ব্ৰিটিছসকলে। 

 

ব্ৰিটেইন লণ্ডন