ট্ৰেণ্ট ব’ল্টৰ টেষ্ট কেৰিয়াৰ শেষ! এই মন্তব্য প্ৰাক্তন কিৱি ক্ৰিকেটাৰৰ…

ট্ৰেণ্ট ব’ল্টৰ টেষ্ট কেৰিয়াৰ শেষ! এই মন্তব্য প্ৰাক্তন কিৱি ক্ৰিকেটাৰৰ…

author-image
asomiyapratidin
New Update
ট্ৰেণ্ট ব’ল্টৰ টেষ্ট কেৰিয়াৰ শেষ! এই মন্তব্য প্ৰাক্তন কিৱি ক্ৰিকেটাৰৰ…

ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে নিউজিলেণ্ড ক্ৰিকেট ব'ৰ্ডৰ কেন্দ্ৰীয় চুক্তিৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰে অভিজ্ঞ পেচাৰ ট্ৰেণ্ট ব'ল্টে।তাৰকা পেচ বলাৰ ব'ল্টে নাম প্ৰত্যাহাৰ কৰা সন্দৰ্ভত নিউজিলেণ্ডৰ প্ৰাক্তন উইকেটকীপাৰ ইয়ান স্মিথে কয় যে "ব'ল্টৰ এই সিদ্ধান্তই তেওঁৰ কেৰিয়াৰৰ প্ৰতি শংকা সৃষ্টি কৰাৰ উপৰিও নিউজিলেণ্ড ক্ৰিকেটৰ বাবে ই এক ডাঙৰ ক্ষতি কৰিব।"

উল্লেখ্য যে, ২০১১ চনত অষ্ট্ৰেলিয়াৰ বিপক্ষে টেষ্ট অভিষেক ঘটাই বৰ্তমানলৈ ৭৮ খন টেষ্ট মেচ খেলিছে ব'ল্টে আনহাতে ৬৫ বছৰীয়া স্মিথে দেশৰ হৈ ৬৩ খন টেষ্টৰ লগতে ৯৮ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে য'ত স্মিথৰ কেৰিয়াৰত আছে দুটা শতকৰ লগতে নটাকৈ আন্তঃৰাষ্ট্ৰীয় অৰ্ধশতক ।

ইয়াৰ উপৰিও অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পন্টিংৰ মতে, ভৱিষ্যতে একাধিক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰে নিউজিলেণ্ডৰ পেচাৰ ট্ৰেণ্ট ব'ল্টে গ্ৰহণ কৰা পথ অনুসৰণ কৰিব আৰু ঘৰুৱা লীগত অংশগ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰীয় চুক্তিৰ পৰা নিজকে প্ৰত্যাহাৰ কৰিব।

আৰু পঢ়কঃভিয়েটনামৰ আন্তঃৰাষ্ট্ৰীয় জুনিয়ৰ টাইকোৱাণ্ড চেম্পিয়নশ্বিপলৈ অসমৰ ৭ খেলুৱৈ…

cricket ian smith new ziealand ricy ponting trant boult