পুৱেৰ্ট' ৰিকোৰ মানৱ বৰ্জিত দ্বীপত আবদ্ধ ১০০ ৰো অধিক শৰণাৰ্থী

মানৱ সৰবৰাহৰ জালত বন্দী হৈ অনাহাৰে, অনিদ্ৰাই কটাইছে দিন...
পুৱেৰ্ট' ৰিকোৰ মানৱ বৰ্জিত দ্বীপত আবদ্ধ ১০০ ৰো অধিক শৰণাৰ্থী

ডিজিটেল ডেস্ক : মানৱ সৰবৰাহৰ এক অবৈধ অভিযানত প্ৰায় ১০০ ৰো অধিক শৰণাৰ্থীক আবদ্ধ কৰি ৰখা হৈছে পুৱেৰ্ট' ৰিকোৰ এটি মানৱ বৰ্জিত দ্বীপত । মূলত: হাইটিৰ নাগৰিকত্ব থকা এই শৰনাৰ্থী সকলক নাওঁ, ডোঙাত কঢ়িয়াই এই দ্বীপটোত নিশ্চিত মৃত্যুৰ দিশলৈ ঠেলি পঠিয়াইছিল সৰবৰাহকাৰীৰ দলটোৱে । শিশু, গৰ্ভৱতী মহিলা, ৰোগীৰ সৈতে এই ১০০ জনৰো অধিক লোকৰ দলটোৱে এতিয়া অনিদ্ৰা, অনাহাৰে কটাইছে দিন ।

এই দলটি আবদ্ধ মানৱ বৰ্জিত ম'না দ্বীপ যি ডমেনিকান ৰিপাব্লিক আৰু পুৱেৰ্ট' ৰিকোৰ মাজত অৱস্থিত, দীৰ্ঘ দিনৰ পৰাই মানৱ সৰবৰাহকাৰীৰ বাবে স্বৰ্গভূমি ৰূপে পৰিগণিত হৈ আহিছিল । এই দ্বীপৰ পৰাই হাইটি আৰু ডমেনিকান ৰিপাব্লিকৰ নাগৰিক সকলক অবৈধ ভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰোৱাৰ প্ৰতিশ্ৰুতিৰে লৈ যোৱা হয় বিপদ সংকুল নৌকাযাত্ৰাত । বহু সময়ত সাগৰীয় প্ৰবল ঢৌৰ প্ৰকোপত মৃত্যুমুখত পৰে অনুপ্ৰৱেশকাৰীসকল ।

এতিয়া, ম'না দ্বীপত শতাধিক শৰনাৰ্থী আসন্ন মৃত্যুৰ অপেক্ষাত । হাইটি আৰু ডমেনিকান ৰিপাব্লিক চৰকাৰে উদ্ধাৰ নকৰালৈকে কোনো আশাৰ বাট দেখা নাই লোক সকলে । মানৱ অধিকাৰৰ আওতাতো যেন নপৰে এই সকল লোক । তেনে স্থলত এই সকল লোকৰ ভৱিষ্যত কি ? কোনে দ্বায়িত্ব ল'ব এই সকল লোকৰ ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in