ধন নালাগে! তৰমুজৰ বিনিময়ত লাভ কৰিব বিলাসী ফ্লেট…

ধন নালাগে! তৰমুজৰ বিনিময়ত লাভ কৰিব বিলাসী ফ্লেট…

author-image
asomiyapratidin
New Update
ধন নালাগে! তৰমুজৰ বিনিময়ত লাভ কৰিব বিলাসী ফ্লেট…

ডিজিটেল ডেস্ক: আপুনি ফ্লেট লোৱাৰ কথা ভাৱিছে নেকি? যদি ভাৱিছে তেন্তে আপোনাৰ বাবে এই খবৰ। টকা নালাগে, তৰমুজৰ বিনিময়ত আপুনি লাভ কৰিব বিলাসী ফ্লেট।

Advertisment

পূৰ্বৰ বিনিময় প্ৰথা যেন অনুসৰণ  কৰিছে একাংশই। ৰিয়েল ইষ্টেট ডেভেলপাৰে লৈ আনিছে এক নতুন নিয়ম। ইয়াৰ ভিত্তিত ঘৰ এটা কিনিবলৈ প্ৰয়োজন নহয় ধনৰ। তৰমুজ বা অন্য খেতিত উৎপাদিত সামগ্ৰী দিলেই লাভ কৰিব ফ্লেট।

অৱশ্যে এয়া ভাৰতৰ খবৰ নহয়। চীনৰ ৰিয়েল ইষ্টেট ডেভেলপাৰে লৈ আনিছে এই বিশেষ পদ্ধতি। ৰিয়েল ইষ্টেট ডেভেলপাৰে কেইবাখনো চহৰত বিভিন্ন পদ্ধতিৰ প্ৰচাৰ চলাইছে। গৃহ ক্ৰেতা সকলক তেওঁলোকৰ ডাউন পেমেণ্টৰ কিছু অংশ ঘেঁহু আৰু নহৰুৰে পৰিশোধ কৰিবলৈ উৎসাহিত কৰিছে। আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যম গ্লোবেল টাইমচত প্ৰকাশ পাইছ এই তথ্য।

নানজিংৰ নামৰ এজন ব্যৱসায়ীয়ে কয় যে ই ঘৰ ক্ৰেতা সকলক প্ৰতি কিলোগ্ৰামত ২০ ইউয়ান হাৰত তৰমুজ ব্যৱহাৰ কৰি তেওঁলোকৰ ঘৰৰ বাবে পৰিশোধ কৰিবলৈ অনুমতি দিয়া হ'ব।

অৱশ্যে মুখ্য কাৰ্যালয়ৰ দ্বাৰা নিৰ্দেশ দিয়াৰ পিছত  প্ৰচাৰ মূলক অনুষ্ঠানটো স্থগিত ৰখা হৈছে। লগতে সকলো ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা পোষ্টাৰ সমূহ ডিলিট কৰিবলৈ কোৱা হয় য'ত প্ৰচাৰ হৈছিল এই বিজ্ঞাপন।

২৮  জুনৰ পৰা ১৫  জুলাইলৈ এই বিজ্ঞাপন  দিয়াৰ আৰম্ভ কৰা হৈছিল। ইয়াৰ অধীনত সৰ্বাধিক ৫,০০০ কিলোগ্ৰাম তৰমুজ পৰিশোধ কৰিবলৈ অনুমতি দিয়া, যাৰ মূল্য ১০০০০০ ইউয়ান।  উল্লেখ্য যে, স্থানীয় তৰমুজ খেতিয়কসকলক সমৰ্থন কৰাৰ বাবে প্ৰচাৰ কৰা হৈছিল।

আৰু পঢ়ক: অসুস্থ লালু প্ৰসাদ যাদৱ, ICU ত ভৰ্তি…

china watermelons