এগৰাকী শিশুৰ বিৰল প্ৰতিভাঃ ১০৫ মিনিটত পঢ়িলে ৩৬ খন গ্ৰন্থ

এগৰাকী শিশুৰ বিৰল প্ৰতিভাঃ ১০৫ মিনিটত পঢ়িলে ৩৬ খন গ্ৰন্থ

author-image
asomiyapratidin
New Update
এগৰাকী শিশুৰ বিৰল প্ৰতিভাঃ ১০৫ মিনিটত পঢ়িলে ৩৬ খন গ্ৰন্থ

ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰন্থ অধ্যয়নেৰে উজ্বললিল এগৰাকী কণমানি শিশু। বয়স মাত্ৰ ৫ বছৰ। সংযুক্ত আৰব এমিৰেটছ নিবাসী ভাৰতীয় বংশোদ্ভৱ কিয়াৰা কৌৰ নামৰ শিশুটিয়ে মাত্ৰ ১০৫ মিনিটত ৩৬ খন গ্ৰন্থ পঢ়ি বিশ্ব অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

এনে বিৰল প্ৰতিভাধৰ শিশুটিয়ে 'ৱৰ্ল্ড বুক অব্ ৰেকৰ্ডছ ইন লণ্ডন' আৰু 'এছিয়া বুক অব্ ৰেকৰ্ডছত' নাম অনৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। ৱৰ্ল্ড বুক অব্ ৰেকৰ্ডছয়ে শিশুটিক 'বিস্ময়কৰ শিশু' আখ্যা দিছে। এছিয়া বুক অব্ ৰেকৰ্ডছে কয় যে, কৌৰে একেৰাহে সৰ্বাধিক গ্ৰন্থ অধ্যয়ণ কৰি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। প্ৰথমে আবুধাবিৰ এখন নাৰ্ছাৰী বিদ্যালয়ৰ শিক্ষকসকলে শিশুটিৰ এই প্ৰতিভা প্ৰত্যক্ষ কৰিছিল।

জানিব পৰা মতে, আমেৰিকাত জন্ম গ্ৰহণ কৰা এই বিৰল প্ৰতিভাৰ অধিকাৰী শিশুটোৰ ককাক চেন্নাইৰ লেফটেনেন্ট কৰ্ণেল এম পি সিং। ভৱিষ্যতে এগৰাকী সুদক্ষ চিকিৎসক হোৱাৰ লক্ষ্য থিৰাং কৰা শিশুটিৰ এই সাফল্যক লৈ পিতৃ-মাতৃ গৌৰৱান্বিত বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।