৯ নাবালিকা ধৰ্ষণকাৰীক ফাচী!

৯ নাবালিকা ধৰ্ষণকাৰীক ফাচী!

author-image
asomiyapratidin
New Update
৯ নাবালিকা ধৰ্ষণকাৰীক ফাচী!

ডিজিটেল ডেস্কঃ অৱশেষত অৱসান ঘটিল পাকিস্তানৰ চিৰিয়েল কিলাৰ ইমৰাণ আলীৰ দুস্কৰ্মৰ। বুধবাৰে পুৱা ৫.৩০ বজাত লাহোৰৰ লখপত কাৰাগাৰত ইমৰাণ আলীক ফাচী প্ৰদান কৰা হয়।

Advertisment

ইমৰাণৰ ফাচী প্ৰদানৰ সময়ত উপস্থিত থাকে লখপত কাৰাগাৰ দণ্ডাধীশ আদিল স্বৰৱৰ আৰু ইমৰাণে ধৰ্ষণ কৰি হত্যা কৰা নাবালিকা জয়নাবৰ পিতৃ মহম্মদ আমীন।

৯ গৰাকী নাবালিকাক অপহৰণ কৰি ধৰ্ষণৰ পিছত হত্যা কৰাৰ অভিযোগত ফ্ৰেব্ৰুৱাৰী মাহত আদালতে ইমৰাণৰ মৃত্যুৰ শাস্তি ঘোষণা কৰিছিল। উল্লেখ্য যে, ইমাৰণে জয়নাল আলী নামৰ এগৰাকী ৭ বছৰীয়া নাবালিকা সহ মুঠ ৯ গৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰে।

আদালতে ইমৰাণৰ বিৰুদ্ধে ৪টাকৈ গোচৰ ৰুজু কৰি অৱশেষত শাস্তি হিচাপে ফাচীৰ ঘোষণা কৰে। আনহাতে বুধবাৰে ইমাৰণৰ ফাচী প্ৰদানৰ পূৰ্বে মঙলবাৰে ইমৰাণ আৰু পৰিয়ালৰ মাজত ৪৫ মিনিট সময় বাৰ্তালাপৰ ব্যৱস্থা কৰি দিছিল আদালতে।

পাকিস্তানৰ এক স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইমৰাণৰ ফাচীৰ সময়ত কাৰাগাৰৰ বাহিৰত ইমৰাণৗৰ ভাতৃ আৰু দুই বন্ধুৱে এখন এম্বুলেঞ্চৰে সৈতে অপেক্ষা কৰি আছিল।