ঢাকাত নিষিদ্ধ বিদ্ৰোহী সংগঠনৰ মিছিলে সৃষ্টি কৰিলে যুদ্ধ সদৃশ পৰিবেশ

ঢাকাত আজি "মাৰ্চ ফৰ খিলাফাত" কাৰ্যসূচীৰ অংশ হিচাপে নিষিদ্ধ ঘোষিত সংগঠন হিজবুত তাহৰীৰে বাহি কৰা প্ৰতিবাদী মিছিলৰ ফলত ঢাকাৰ ৰাজপথত যুদ্ধসদৃশ পৰিস্থিতিৰ সূচনা কৰে।

author-image
Tushar Pratim
New Update
ঢাকাত নিষিদ্ধ বিদ্ৰোহী সংগঠনৰ মিছিলে সৃষ্টি কৰিলে যুদ্ধ সদৃশ পৰিবেশ

মাছুম বিল্লাহ, ঢাকাঃ বাংলাদেশৰ ৰাজধানী ঢাকাত আজি "মাৰ্চ ফৰ খিলাফাত" কাৰ্যসূচীৰ অংশ হিচাপে নিষিদ্ধ ঘোষিত সংগঠন হিজবুত তাহৰীৰে আজি এক মিছিল বাহিৰ কৰে। শুকুৰবাৰে জুমাৰ নামাজৰ পাছত বাহিৰ কৰা এই মিছিল কেন্দ্ৰ কৰি ঢাকা চহৰত যুদ্ধ সদৃশ পৰিস্থিতিৰ সূচনা হয়।

Advertisment

উল্লেখ্য যে, নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনটোৱে ঢাকাৰ বিজয় নগৰৰ দিশে যাত্ৰা আৰম্ভ কৰাৰ পাছতে আৰক্ষীৰ বাধাৰ সন্মুখীন হয়। কিন্তু তাৰ পূৰ্বে প্ৰায় ১৫ মিনিট সময় নিষিদ্ধ হোৱাৰ পাছতো এক দীঘলীয়া মিছিল বাহিৰ কৰে সংগঠনটোৱে।

পিছত আৰক্ষীয়ে এই মিছিলৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে ছাউণ্ড গ্ৰেণেডো নিক্ষেপ কৰে। ফলত মিছিলত অংশগ্ৰহণ কৰা বিদ্ৰোহী সংগঠনটোৰে সমৰ্থক, সদস্যসকলে ছত্ৰভংগ দিয়ে। কিন্তু পাছত আকৌ একত্ৰিত হৈ তেওঁলোকে পুনৰ প্ৰতিবাদী মিছিল গঢ়ি তোলাৰ চেষ্টা চলায়।

ফলত সুৰক্ষা কৰ্মীয়ে পুনৰ তেওঁলোকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰি তেওঁলোকক প্ৰতিৰোধ কৰে। এই সময়ছোৱাত হিজবুত তাহৰীৰ সদস্যসকলে সুৰক্ষা কৰ্মীলৈ ইটা, শিল আদি নিক্ষেপ কৰে। আৰক্ষীয়ে প্ৰতিবাদী মিছিলত অংশগ্ৰহণ কৰা বহু কেইজন লোকক আটক কৰিছে।

এই পৰিস্থিতিত ঢাকাৰ পলণ্টন-বায়তুল আদি অঞ্চলত সম্পূৰ্ণৰূপে যানবাহনৰ চলাচল বন্ধ হৈ পৰাৰ লগতে স্বাভাৱিক জনজীৱনো স্তব্ধ হৈ পৰে। এই ঘটনাৰ পাছতে আৰক্ষীৰ ফালৰ পৰা জনাইছে, দেশখনত হিজবুত তাহৰীৰ সকলো কাৰ্যকলাপ বেআইনী আৰু শাস্তিযোগ্য অপৰাধ।

আৰক্ষীয়ে এই বাৰ্তাত পুনৰ স্পষ্ট কৰি দিছে হিজবুত তাহৰী এক নিষিদ্ধ সংগঠন।সন্ত্ৰাসবাদ বিৰোধী আইন-২০০৯ অনুসৰি যিকোনো নিষিদ্ধ ঘোষিত সংগঠনৰ কাৰ্যকলাপ দণ্ডনীয় অপৰাধ বুলি গণ্য কৰা হয়।

এই আইনৰ আধাৰতে হিজবুত তাহৰীৰ সকলো সভা, সমাবেশ, মিছিল, পোষ্টাৰ, লিফলেট বিতৰণ বা অন্য ধৰণৰ প্ৰচাৰ চলালে ইয়াক আইন উলংঘন হিচাপে গণ্য কৰি তেনে লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সোঁৱৰাই দিছে।

ঢাকা