৫ দিনীয়া ভ্ৰমণ সূচীৰে মংগোলিয়া, জাপানলৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং…

৫ দিনীয়া ভ্ৰমণ সূচীৰে মংগোলিয়া, জাপানলৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং…

ডিজিটেল ডেস্ক : সোমবাৰে ৫ দিনীয়া কাৰ্য্যসূচীৰে মংগোলিয়া তথা জাপান ভ্ৰমণ কৰিব ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । ভাৰতৰ সৈতে দেশ দুখনৰ প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ সম্পৰ্ক অধিক গাঢ় কৰিবলৈ এই ভ্ৰমণ কাৰ্য্যসূচী হাতত লোৱা বুলি জানিবলৈ পোৱা গৈছে । ৰাজনাথ সিঙৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে যোগদান কৰিব জাপানৰ প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সৈতে হ'ব লগীয়া এই বৈঠকত । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৫ ছেপ্তেম্বৰৰ পৰা ৭ ছেপ্তেম্বৰলৈ মংগোলিয়া ভ্ৰমণ কৰাৰ পাছত ৮ ছেপ্তেম্বৰৰ পৰা ৯ ছেপ্তেম্বৰলৈ জাপান ভ্ৰমণত ব্যস্ত থাকিব । তেনে পৰিস্থিতিত জাপানৰ মন্ত্ৰালয়ৰ সৈতে হ'ব লগীয়া বৈঠকখন ৮ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব বুলি জনা গৈছে ।
এই বৈঠকখনক ২+২ শীৰ্ষক নামেৰে নামাকৰণ কৰা হৈছিল প্ৰায় ৫ মাহ পূৰ্বেই ভাৰত-জাপানৰ বাৰ্ষিক অধিৱেশনৰ বাবে জাপানৰ প্ৰধান মন্ত্ৰী ফুমিঅ' কিশ্বিদাৰ ভাৰত ভ্ৰমণৰ সময়ছোৱাত । এই ভ্ৰমণ কালতে ফুমিঅ' কিশ্বিদাই অহা ৫ বছৰত ভাৰতত ৫ ত্ৰিলিয়ন য়েন (৩ লাখ ২০ হাজাৰ কোটি) ৰ বিনিয়োগৰ কথা ঘোষণা কৰিছিল ।


উল্লেখ্য যে, এই ২+২ শীৰ্ষক বৈঠকত প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ উপৰিও ইণ্ডো-পেচিফিক অঞ্চলসমূহৰ উন্নয়ণৰ বাবেও আলোচনা কৰা হ'ব । আনহাতে, ভাৰতে এই ২+২ শীৰ্ষক বৈঠকত আমেৰিকা, জাপান, অষ্ট্ৰেলিয়া আৰু ৰাছিয়াৰ সৈতে মিলিত হৈছে ।
২০১৫ চনৰ মংগোলিয়া ভ্ৰমণত ভাৰতে দেশখনত ১ বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছিল ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in