/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/12c14e8b-a1ba-48f4-8f25-d18976eb4666/raina.jpg)
ডিজিটেল ডেস্কঃ বাওঁহতীয়া বেটছমেন সুৰেশ ৰাইনাক কোনেনো পাহৰিব পাৰে! ভালে কেইখন মেচত ভাৰতক পৰাজয়ৰ পৰা ৰক্ষা কৰিছিল এইগৰাকী তাৰকা ক্ৰিকেটাৰে। চেন্নাই চুপাৰ কিংছকো বহু মেচত জয়ী কৰাইছিল সুৰেশ ৰাইনাই।
পিছে দৰ্শকে পুনৰ আৰু আই পি এলত হাতত বেটলৈ ২২ গজত দেখা নাপাব ৰাইনাক।শ্ৰী লংকা,দক্ষিণ আফ্ৰিকাৰ টী-২০ লীগৰ বাবেই ৰাইনাই ঘৰুৱা ক্ৰিকেট আৰু আই পি এলৰ পৰা মংগলবাৰে অৱসৰ ঘোষণা কৰিছে।
উল্লেখ্য যে ৰাইনাই কিছুবছৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া কেৰিয়াৰত ২২৬ খন মেচত ৫৬১৫ ৰাণ কৰাৰ লগতে ৫ টা শতক সহ ৩৬ টা অৰ্ধশতক অৰ্জন কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us