ব্ৰিটেইনত আৰ্থিক সংকট, মহাৰাণী এলিজাবেথৰ অন্তিম সন্মান প্ৰদৰ্শনত ব্যয় হ'ব ৬ বিলিয়ন ইউৰো...

ব্ৰিটইনৰ নৱ নিযুক্ত প্ৰধান মন্ত্ৰী লিজ ট্ৰাছে ঘোষণা কৰিছিল আৰ্থিক সংকটৰ কথা
ব্ৰিটেইনত আৰ্থিক সংকট, মহাৰাণী এলিজাবেথৰ অন্তিম সন্মান প্ৰদৰ্শনত ব্যয় হ'ব ৬ বিলিয়ন ইউৰো...

ডিজিটেল ডেস্ক : ইউৰোপিয়ান ৰাজনীতি এক অস্থিৰ পৰিৱেশৰ মাজেৰে গতি কৰি থকাৰ মাজতেই বৃহস্পতি বাৰে মৃত্যু ঘটিছিল মহাৰাণী এলিজাবেথ দ্বিতীয়ৰ । ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই মূ্ল্যবৃদ্ধি হৈছিল সকলো সামগ্ৰীৰ । মুদ্ৰাস্ফীতি ঘটিছিল ইউৰোৰ । ইয়াৰ ওপৰিও ৰাছিয়াই প্ৰাকৃতিক গেছৰ পাইপ লাইন বন্ধ কৰাৰ পাছত শক্তি সংকটতো ভূগিব ইউৰোপে অতি শীঘ্ৰেই । জাৰ্মানীয়ে ইতিমধ্যেই নিজৰ জিডিপিৰ ২৫ শতাংশ বাজেট শক্তি সংকটৰ পৰা ৰক্ষা পাবলৈ ব্যয় কৰিব বুলি ঘোষণা কৰিছে ।

তেনে সময়তেই মহাৰাণী এলিজাবেথ দ্বিতীয়ৰ অন্তিম সন্মান প্ৰদৰ্শনৰ বাবে ৬ বিলিয়ন ইউৰো ব্যয় কৰাৰ কথা ব্যক্ত কৰিছে ৰাজ পৰিয়ালে । ইয়াৰ উপৰিও ইউৰোৰ নতুন নোটত চপা কৰা হ'ব মহাৰজা চাৰ্লছৰ ছবি । এই সমগ্ৰ প্ৰক্ৰিয়াটোও যথেষ্ট ব্যয়বহুল ।

উল্লেখ্য যে, বাকিংহাম ৰাজপ্ৰসাদে যোৱা কেইবাটাও বৰ্ষৰ পৰাই প্ৰস্তুত হৈ আহিছিল মহাৰাণীৰ মৃত্যুৰ পাছৰ আনুষ্ঠানিকতাৰ বাবে । ইয়াৰ উপৰিও চৰকাৰী ভাৱে বন্ধ ৰখা হৈছে সকলো বেংক আৰু বানিজ্যিক প্ৰতিষ্ঠান । এই সকলোবোৰেই কেইবা মিলিয়ন ইউৰোৰ ক্ষতি কৰিব ব্ৰিটেইনক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in