/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/c1c03c33-6d89-49f1-ae03-e72f26231ff5/alizabeth_08.jpg)
queen elizabeth ii queen elizabeth ii
ডিজিটেল ডেস্কঃ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথে। বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা অসুস্থ হৈ থকা এলিজাবেথ দ্বিতীয়ৰ মৃত্যুৰ খবৰ আজি বিয়লিৰ পৰাই প্ৰকাশ হৈ আছিল যদিও তেওঁৰ মৃত্যুৰ খবৰ কিছু সময়ৰ পূৰ্বৰ লৈকে সম্পূৰ্ণ সত্য নাছিল। তেওঁ চিকিৎসকৰ নিৰীক্ষণত জীৱন-মৃত্যুৰে যুঁজি আছিল।
অৱশেষত চিকিৎসকে তেওঁৰ মৃত্যু নিশ্চিত কৰিছে। মৃত্যুৰ সময়ত এলিজাবেথ দ্বিতীয়ৰ বয়স আছিল ৯৬ বছৰ। উল্লেখ্য যে ব্ৰিটেইনত আটাইতকৈ দীৰ্ঘতম সময়ৰ বাবে ৰাজত্ব কৰাৰ গৌৰৱ অৰ্জন কৰিছে এলিজাবেথ দ্বিতীয়ই।
আজি সন্ধিয়া, বাকিংহাম পেলেচেৰ ফালৰ পৰা কোৱা হৈছিল যে, ৰাণী দ্বিতীয় এলিজাবেথ চিকিৎসা ৰক্ষাৰ অধীনত আছে। চিকিৎসকসকলে তেওঁৰ স্বাস্থ্যৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। যোৱা অক্টোবৰ মাহৰ পৰাই অসুস্থ হৈ থকা ৰাণী গৰাকীয়ে খোজ কঢ়া আৰু থিয় হোৱাৰ সমস্যাত ভূগী আছিল।