ৰাছিয়া-ইউক্ৰেই যুদ্ধ সম্পৰ্কে মন্তব্য জ' বাইডেনৰ, পাৰমাণৱিক বোমাৰ ব্যৱহাৰ সম্পৰ্কে পুটিনে কৰা ঘোষণা সচা...

কিউবান মিছাইল সংকটৰ পাছত প্ৰথমবাৰৰ বাবে বিশ্বই সন্মুখীন হৈছে পাৰমাণৱিক বোমাৰ ব্যৱহাৰৰ প্ৰত্যক্ষ ভাবুকিৰ

author-image
Asomiya Pratidin
New Update
ৰাছিয়া-ইউক্ৰেই যুদ্ধ সম্পৰ্কে মন্তব্য জ' বাইডেনৰ, পাৰমাণৱিক বোমাৰ ব্যৱহাৰ সম্পৰ্কে পুটিনে কৰা ঘোষণা সচা...

ডিজিটেল ডেস্ক : বৃহস্পতি বাৰে এক সংবাদ মেলৰ জৰিয়তে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধক সমালোচনা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে । ৰাষ্ট্ৰপতি গৰাকীৰ মন্তব্য অনুসৰি, শীতল যুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্ব সন্মুখীন হৈছে পাৰমাণৱিক যুদ্ধৰ আশংকাত ।ৰাষ্ট্ৰপতি গৰাকীয়ে ডেম'ক্ৰেটিক পাৰ্টীৰ এক পুঁজি সংগ্ৰহ অনুষ্ঠানত উপস্থিত থাকি কয় যে, জন এফ কেনেডী আৰু ১৯৬২ চনৰ কিউবান মিছাইল সংকটৰ পাছত বিশ্বই পাহৰি গৈছিল পাৰমাণৱিক অস্ত্ৰৰ কথা ।কিন্তু ৰাছিয়াৰ প্ৰধান মন্ত্ৰী পুটিনে ইউক্ৰেইনত আগ্ৰাসনৰ বাবে প্ৰয়োজনত পাৰমাণৱিক বোমা ব্যৱহাৰ কৰিব বুলি মন্তব্য কৰাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছিল সমগ্ৰ বিশ্বত । 

Advertisment

আনহাতে, বৰ্তমান ইউক্ৰেইন দখলৰ আশা ক্ষীণ হোৱাৰ বাবে ৰাছিয়াই ব্যৱহাৰ কৰিব পাৰে পাৰমাণৱিক অস্ত্ৰ । তেনেস্থলত, একেবাৰে নূন্যতম পৰিমাণৰ পাৰমাণৱিক শক্তিয়েও সমগ্ৰ অঞ্চলত সৃষ্টি কৰিব এক ভয়াৱহ পৰিস্থিতিৰ । আৰু এই পৰিস্থিতিয়ে আগন্তুক সময়ত বৰ্তমান কেৱল ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুজঁখন আৰু বিয়পাই পেলোৱাৰ সম্ভাৱনা আছে ।

vladimir putin zelensky joe biden america ukraine russia