ৰাছিয়াৰ সৈতে আলোচনা কৰাৰ বাবে মান্তি হ’ল ইউক্ৰেইন…

ৰাছিয়াৰ সৈতে আলোচনা কৰাৰ বাবে মান্তি হ’ল ইউক্ৰেইন…

author-image
asomiyapratidin
New Update
ৰাছিয়াৰ সৈতে আলোচনা কৰাৰ বাবে মান্তি হ’ল ইউক্ৰেইন…

ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতেই এটা ভাল খবৰ পোহৰলৈ আহিছে।ৰাছিয়াৰ লগত আলোচনাত মিলিত হ'ব ইউক্ৰেইন।

Advertisment

বেলাৰুচত আলোচনা কৰাৰ বাবে ৰাছিয়াই প্ৰেৰণ কৰা প্ৰস্তাৱ স্বীকাৰ কৰিছে ইউক্ৰেইনে।ইয়াৰ পূৰ্বে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেস্কীয়ে আলোচনাৰ  বাবে মান্তি হোৱা নাছিল। তেওঁ কৈছিল যে যিখন দেশৰ পৰা তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা হৈছিল তাত আলোচন কেনেকৈ হ'ব।

উল্লেখ্য যে, বেলাৰুচ ইউক্ৰেইনৰ চুবুৰীয়া ৰাষ্ট্ৰ আৰু তেওঁলোকে ৰাছিয়াক সমৰ্থন কৰে।পশ্চিমীয়া দেশ সমূহে ৰাছিয়াৰ লগতে বালাৰুচৰ ওপৰতো বহু নিষেধাজ্ঞা জাৰি কৰিছে। সেইবাবে ইউক্ৰেইনে তুৰ্কী, পোলেন্ড বা অন্য দেশত আলোচনা কৰিব বিচাৰিছিল কিন্তু তেতিয়া ৰাছিয়াই কৈছিল যে ইউক্ৰেইনে আলোচনাৰ বিকল্প শেষ কৰিব বিচাৰিছে।

আলোচনাৰ বাবে ৰাছিয়াৰ আমন্ত্ৰণ এনে এক সময়ত আহিছে যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ ওপৰত  অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ ইউক্ৰেইনক সামৰিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল। তদুপৰি জাৰ্মানীয়ে ইউক্ৰেইনক ১,০০০ এণ্টি-টেংক অস্ত্ৰ আৰু ৫০০  ষ্টিংগাৰ মিছাইল প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। আমেৰিকাই ইতিমধ্যে ইউক্ৰেইনৰ সামৰিক বাহিনীৰ বাবে ৩৫ কোটি ডলাৰ সামৰিক সাহায্য ঘোষণা কৰিছে। তদুপৰি পশ্চিমীয়া দেশবোৰে ৰাছিয়াক বিভিন্ন ধৰণৰ অৰ্থনৈতিক দিশৰ পৰা নিষেধাজ্ঞা জাৰি কৰিছে যাৰ বাবে ৰাছিয়াৰ অৰ্থব্যৱস্থাত প্ৰভাৱ পৰিব পাৰে।

উল্লেখ্য যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক হিংসাৰ পথ ত্যাগ কৰি কূটনৈতিক পদ্ধতিৰে সমস্যা সমাধান কৰাৰ বাবে বহু দেশে আহ্বান জনাইছিল। অৱশ্যে ৰাছিয়া-ইউক্ৰেইনৰ আলোচনাৰ পৰিণাম কি সেয়া লক্ষণীয় হ'ব।

russia ukraine