যুদ্ধৰ কবিতা আৰু গুলী দুয়োটাই পালে পুলিৎঝাৰ বঁটা

পুলিৎঝাৰ বঁটা এইবাৰ সর্বাধিক লাভ কৰে নিউয়র্ক টাইমছ আৰু নিউয়কাৰ আলোচনীয়ে। যুদ্ধৰ প্ৰতিবেদনৰ বাবে নিউয়র্ক টাইমছে চাৰিটা আৰু নিউয়ৰ্কাৰ আলোচনীয়ে তিনিটা বঁটা লাভ কৰে।

author-image
Tushar Pratim
New Update
যুদ্ধৰ কবিতা আৰু গুলী দুয়োটাই পালে পুলিৎঝাৰ বঁটা

ডিজিটেল ডেস্কঃ মার্কিন যুক্তৰাষ্ট্ৰৰ শেনচকুৰ মাজতো কিদৰে চীনা ড্ৰাগছ সৰবৰাহকাৰীয়ে ফেন্টাডাইল ড্ৰাগছ যুক্তৰাষ্ট্ৰলৈ সৰবৰাহ কৰি হেজাৰ হেজাৰ মার্কিনৰ প্ৰাণ লৈছিল, সেই সন্দর্ভত সুদীর্ঘ প্রতিবেদন প্রকাশ কৰি এইবাৰ সন্মানীয় পুলিৎঝাৰ বঁটা লাভ কৰিছে সংবাদ প্রতিষ্ঠান ৰয়টাৰে। ৰয়টাৰৰ 'ফেন্টাডাইল এক্সপ্রেছ' শীর্ষক ৭ টা খণ্ডৰ প্রতিবেদনে উদঙাইছিল যুক্তৰাষ্ট্ৰত ফেণ্টাডাইল ড্রাগছ আহৰণ কৰাটো কেনে সহজসাধ্য আৰু কি কাৰণত মার্কিন প্রশাসন ব্যর্থ হৈছিল এই ঘাতক ড্ৰাগছ সৰবৰাহ নিয়ন্ত্ৰণত। 

Advertisment

মার্কিন সংবাদ জগতৰ আটাইতকৈ সন্মানীয় পুলিৎঝাৰ বঁটা এইবাৰ সর্বাধিক লাভ কৰে নিউয়র্ক টাইমছ আৰু নিউয়কাৰ আলোচনীয়ে। যুদ্ধৰ প্ৰতিবেদনৰ বাবে নিউয়র্ক টাইমছে চাৰিটা আৰু নিউয়ৰ্কাৰ আলোচনীয়ে তিনিটা বঁটা লাভ কৰে। উল্লেখযোগ্য যে নিউয়র্ক টাইমছে পুলিৎঝাৰ বঁটা প্ৰৱৰ্তন হোৱাৰ দিনৰ পৰা এই বছৰ পৰ্যন্ত ১৩৯ টা পুলিৎঝাৰ বঁটা লাভ কৰিছে। 

নিউয়র্ক টাইমছে এইবাৰ লাভ কৰা পুলিৎঝাৰ বঁটাৰ ভিতৰত আছে ফটোগ্ৰাফাৰ ডাউগ মিলছে লাভ কৰা শ্রেষ্ঠ আলোকচিত্ৰৰ বঁটা। বিগত বছৰৰ জুলাইত এক নির্বাচনী সভাত তেতিয়াৰ ৰাষ্ট্ৰপতি পদৰ প্রার্থী ড’নাল্ড ট্রাম্পলৈ ঘাতকে বৰ্ষণ কৰা গুলীক ডাউগ মিলছে নিজৰ কেমেৰাৰে বন্দী কৰা বিৰল দৃশ্যটোৰ বাবে এই বঁটা প্রদান কৰা হয়। 

নিউয়ৰ্কাৰে ভাষ্য, বিষয় আলোকচিত্র আৰু শ্রাব্য প্রতিবেদনৰ বাবে এইবাৰ লাভ কৰিছে পুলিৎঝাৰ বঁটা। নিউয়ৰ্কাৰত পেলেষ্টাইনী কবি মোছাব আবু তোহালে গাজাৰ যুদ্ধক লৈ লিখা হৃদয়স্পর্শী লেখাৰ বাবে লাভ কৰে ভাষ্য শিতানৰ পুলিৎঝাৰ বঁটা। 

কবি তোহাৰ লেখাটো প্রকৃততে গাজাত ২০২৩ চনৰ ডিচেম্বৰ মাহত ইজৰাইলী বায়ু আক্রমণত নিহত হোৱা সহযোগী কবি ৰেফাট আলাৰীলৈ শ্রদ্ধার্ঘ। আলাৰীৰ শেষ কবিতাটো আছিল- 'মই যদি মৰিবই লাগে, তেন্তে সেয়া সাধু কথাত পৰিণত হ'ব লাগিব।' 

২০২৩ চনত আবু তোহাক গাজাত ইজৰাইলী সেনাই আটক কৰে। ইজৰাইলে তেওঁক ইজিপ্তৰ হাতত অর্পণ কৰাৰ পাচত তোহাই যুক্তৰাষ্ট্ৰলৈ যাত্ৰা কৰে। এলন মাস্কৰ ৰাজনৈতিক আৰু ব্যক্তিগত চ্যুতিৰ প্রতিবেদনৰ বাবে ৱালস্ট্রীট জার্নেলে লাভ কৰে ৰাষ্ট্ৰীয় প্রতিবেদনৰ পুলিৎঝাৰ বঁটা। 

কলা আৰু সাহিত্য শিতানৰ পুলিৎঝাৰ প্ৰদান কৰা হয় পাৰ্চিভেল ইভেৰেটক 'জেমছ'ৰ বাবে। কৃষ্ণাংগ উচ্চ মধ্যবিত্ত পলিয়ালক লৈ ৰচিত 'পাৰপাছ' নামৰ নাটকৰ বাবে ড্রেডেন জেকবছ জেনকিন্সলৈ আগবঢ়োৱা হয় নাটকৰ শিতানৰ পুলিৎঝাৰ বঁটা।

পুলিৎঝাৰ বঁটা