/asomiyapratidin/media/media_files/2025/02/06/ebBFg3wfnNZOvL0KyQw3.jpg)
ডিজিটেল ডেস্কঃ পুনৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি। ঢাকাত অৱস্থিত বংগবন্ধু শ্বেইখ মজিবুৰ ৰহমানৰ স্মৃতি বিজড়িত ৩২ নম্বৰ ধানমণ্ডিৰৰ বাসগৃহ ভাঙি পেলোৱা হৈছে। উল্লেখ্য যে, বুধবাৰে বাংলাদেশক উদ্দেশ্যি ভাৰ্ছুৱেলী ভাষণ প্ৰদান কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই।
তেওঁৰ এই ভাষণৰ পূৰ্বে ভাষণৰ কথা প্ৰচাৰ কৰিছিল আৱামী লীগ আৰু ছাত্ৰ লীগে। সেয়ে দেশখনৰ হাছিনা বিৰোধীসকলৰ ক্ষোভ পুঞ্জীভূত হৈ আছিল। বুধবাৰে হাছিনাৰ ভাষণ আৰম্ভ হোৱাৰ পূৰ্বেই হাছিনা বিৰোধীসকলৰ সেই ক্ষোভৰ বৰ্হি প্ৰকাশ ঘটে ৩২ নং ধানমণ্ডিৰৰ বাসগৃহত।
হাছিনা বিৰোধীসকলে প্ৰথমে বংগবন্ধুৰ সেই ঐতিহাসিক বাসগৃহত প্ৰৱেশ কৰি তাণ্ডৱ আৰম্ভ কৰে। তাৰ পাছত সেই বাসগৃহত অগ্নি সংযোগ কৰে। তাতো সন্তষ্ট নহৈ উত্তেজিত লোকসকলে নিশা সেই বাসগৃহ বুলডোজাৰেৰে সম্পূৰ্ণৰূপে ভাঙি পেলায়।
বাংলাদেশৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি বুধবাৰে নিশা প্ৰায় ১১ বজাত মুজিবুৰ ৰহমানৰ ঘৰত উত্তেজিত লোকসকলে এখনে ক্ৰেন আৰু এখন এক্সেভেটৰৰ সৈতে প্ৰৱেশ কৰি ঘৰটো ভাঙিবলৈ আৰম্ভ কৰে। নিশা ১২ বজাৰৰ ভিতৰত বাসগৃহটোৰ এটা অংশ ভাঙি গুড়ি কৰি দিয়া হয়। তাৰ পাছত বাকী অংশও ভাঙি পেলোৱা হয়।
উল্লেখ্য যে, ধানমণ্ডিত শ্বেইখ হাছিনাৰো বাসগৃহ আছে। এই বাসগৃহও হাছিনা বিৰোধীসকলৰ ৰোষত পৰে। হাছিনাৰ বাসভৱন 'সুধা সদন'তো অগ্নি সংযোগ কৰা হৈছে। নিশা ১০ বজাত হাছিনাৰ সুধা সদনত অগ্নি সংযোগ কৰিছিল হাছিনা বিৰোধীসকলে। কিন্তু এই অগ্নি সংযোগৰ খবৰ অগ্নি নিৰ্বাপক বাহিনীয়ে ১১ বজাতহে লাভ কৰে।
কেৱল ঢাকাতেই নহয়, ঢাকাৰ বাহিৰলৈয়ো সম্প্ৰসাৰণ হৈছে এই হিংসাত্মক কাৰ্যকলাপ। দেশখনৰ খুলনাত থকা শ্বেইখ মজিবুৰ ৰহমানৰ সম্পত্তিত ধ্বংস কৰা হৈছে। তাৰোপৰি চিটি কৰ্পোৰেচনৰ দুটা আৱাসগৃহ, প্ৰাক্তন সাংসদ মাহবুব উল আলম হানিফৰ বাসগৃহও ভাঙি পেলোৱা হৈছে।
জাহাঙ্গীৰ বিশ্ববিদ্যালয়তো শ্বেইখ মজিবুৰ ৰহমানৰ স্মৃতি ধ্বংস কৰা হৈছে। ভোলা সদৰৰ গাজীপুৰ পথত থকা প্ৰিয় কুটিৰ নামৰ এটা আৱাসগৃহও জ্বলাই দিয়া হৈছে। আৱামী লীগৰ নেতা, প্ৰাক্তন সাংসদ তোফায়েল আহমেদ, বাহাউদ্দীন বাহাৰেৰ ঘৰো জ্বলি ছায় হৈছে। এই সকলো ধ্বংসাত্মক ঘটনাৰ আঁৰত আছে বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ নেতা-কৰ্মী।
উল্লেখ্য, বুধবাৰে এই ধ্বংসলীলা আৰম্ভ হোৱাৰ পূৰ্বে বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনৰ নেতা হাছনাত আব্দুল্লাহে সামাজিক মাধ্যমৰ জৰিয়তে কৈছিল, ''আজি নিশা বাংলাদেশ ফেচীবাদৰ তীৰ্থ ভূমিৰ পৰা মুক্ত হ'ব।'' তাৰোপৰি এই ছাত্ৰ আন্দোলনৰ নেতাই বাংলাদেশৰ সংবাদ মাধ্যমকো হাছিনাৰ কোনো ভাষণ প্ৰচাৰ নকৰিবলৈ সকিয়নি প্ৰদান কৰিছিল।
উল্লেখ্য যে, শ্বেইখ হাছিনাই বাংলাদেশ এৰাৰ সময়তো তেওঁৰ পিতৃ বংগবন্ধু শ্বেইখ মজিবুৰ ৰহমানৰ ধানমণ্ডিৰ বাসগৃহ বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ কৰ্মীৰ ৰোষৰ বলি হৈছিল। তেওঁলোকে এই বাসগৃহ ধ্বংস কৰিছিল। তেতিয়াৰে পৰা এই বাসগৃহ পৰিত্যক্ত হৈ আছিল।
শ্বেইখ হাছিনাই এই সন্দৰ্ভত বুধবাৰে ভাষণত কয়, ধানমণ্ডিৰ ঘৰৰ পৰা জাতিৰ পিতা (শ্বেইখ মুজিবুৰ ৰহমান)ই স্বাধীনতাৰ ঘোষণা দিছিল। সেই ঘটনাৰ পাছত পাকিস্তানী বাহিনীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াও এই বাসগৃহত লুটপাত হৈছিল। কিন্তু অগ্নি সংযোগ কৰা হোৱা নাছিল। ভাঙি পেলোৱা নাছিল।
তেওঁ আৰু কয়, মুজিবুৰ ৰহমানে কেতিয়াও দেশৰ ৰাষ্ট্ৰপতি ভৱন, প্ৰধানমন্ত্ৰীৰ ভৱনত বাস কৰা নাছিল। তেওঁ এই সৰু ঘৰটোতেই আছিল। আমাৰ মায়ে অনেক কষ্ট কৰি এই ঘৰটোৰ প্ৰতিটো ইটা নিজৰ হাতেৰে গাঠিছিল।
অনেক বিশ্ব নেতা এই বাসগৃহলৈ আহিছিল। আজি এই বাসগৃহ ভাঙি পেলোৱা হৈছে। ঘৰটোৰ কি অপৰাধ আছিল? এই ঘৰটোক কিয় ইমান ভয় কৰা হৈছে?