চাৰ্লছ বিশ্ববিদ্যালয়ত গুলীচালনাঃ নিহত প্ৰায় ১৪ জন, আহত ২৪ জনৰ অধিক

চেক গণৰাজ্যৰ (চেক ৰিপাব্লিক) ৰাজধানী প্ৰাগস্থিত এখন বিশ্ববিদ্যালয়ত সংঘটিত ভয়ংকৰ গুলীচালনাত প্ৰাণ গ'ল প্ৰায় ১৪ জনৰ।

author-image
Asomiya Pratidin
New Update
চাৰ্লছ বিশ্ববিদ্যালয়ত গুলীচালনাঃ নিহত প্ৰায় ১৪ জন, আহত ২৪ জনৰ অধিক

ডিজিটেল ডেস্কঃ চেক গণৰাজ্যৰ (চেক ৰিপাব্লিক) ৰাজধানী প্ৰাগস্থিত এখন বিশ্ববিদ্যালয়ত সংঘটিত ভয়ংকৰ গুলীচালনাত প্ৰাণ গ'ল প্ৰায় ১৪ জনৰ। বৃহস্পতিবাৰে দুপৰীয়া ভাগত চাৰ্লছ বিশ্ববিদ্যালয়ত সংঘটিত হয় এই ঘটনা।

খবৰ অনুসৰি দুৰ্বৃত্তৰ এটা দল বিশ্ববিদ্যালয়লৈ সোমাই আহি কৰ্মচাৰীসকলক কোঠাৰ ভিতৰত থাকিবলৈ কয়। ছাত্ৰ-ছাত্ৰীসকলে কয় যে তেওঁলোককে কোঠাৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছিল।

চেক আৰক্ষীৰ মতে আক্ৰমণকাৰীসকল বিশ্ববিদ্যালয়ৰে ছাত্ৰ আছিল। বন্ধুকধাৰী এজনৰ মৃতদেহ ইতিমধ্যে বিশ্ববিদ্যালয়ত উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে এই ঘটনাত প্ৰায় ২৪ জন লোক আহতও হৈছে। বন্দুকধাৰী বিদেশত সংঘটিত গণসংহাৰৰ পৰা প্ৰেৰিত।

এই ঘটনাৰ ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য'ত দেখা গৈছে যে একাংশলোক বিশ্ববিদ্যালয়লৈ সোমাই আহি নিৰ্বিচাৰ গুলীচালনা কৰিছে। তাত থকা লোকসকলে আৰ্তনাদ কৰি পলায়ন কৰাৰ চেষ্টা কৰিছিল। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Also Read: গোলাঘাট আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

prague