ইউৰোপৰ শক্তি সংকট, প্ৰভাৱ পৰিব আগন্তুক বহু বৰ্ষত...

ইউৰোপৰ শক্তি সংকট, প্ৰভাৱ পৰিব আগন্তুক বহু বৰ্ষত...

ডিজিটেল ডেস্ক : ইউৰোপত প্ৰত্যক্ষ হৈছে তীব্ৰ শক্তি সংকট । ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰভাৱ হিচাপে ইউৰোপত দেখা দিয়া শক্তি সংকটৰ ফল ভূগিব তৃতীয় বিশ্বৰ দেশ সমূহে । কিয়নো ইউৰোপৰ নিজা মন্দাৱস্থাৰ মাজত আন দেশ সমূহলৈ শক্তি ৰপ্তানি সম্ভৱ নহ'ব পৰৱৰ্তী বহু কেইটা বৰ্ষত ।

অৱশ্যে, প্ৰচণ্ড শীতে ইউৰোপক জুৰুলা কৰিব ওলোৱা সময়তেই চলিত বৰ্ষৰ শীত কালৰ বাবে মজুত আছে শক্তি । প্ৰাকৃতিক গেছ আৰু বৈদ্যুতিক শক্তিৰ মাছুল বৃদ্ধি কৰা হৈছে যদিও আগন্তুক বৰ্ষৰ পৰা প্ৰচণ্ড সংকটে দেখা দিব ইউৰোপক ।

এই সকলোবোৰৰ ফলস্বৰূপে ইউৰোপত অতি সোনকালেই বন্ধ হৈ পৰিব বৃহৎ উদ্যোগসমূহ, অন্ধকাৰে আৱৰি ধৰিব ইউৰোপীয়ান দেশ সমূহক । ইয়াৰ ওপৰিও আগন্তুক দশকত ইয়াৰ বাবে দেখা যাব এক সামাজিক অস্থাৱৰ অৱস্থাৰ ।

এই সন্দৰ্ভত, ছাউল কাভোনিক নামৰ শক্তি বিশেষজ্ঞজনে দিয়া মন্তব্য অনুসৰি ইউৰোপে যিকোনো মূল্যৰ বিনিময়ত অইন দেশ সমূহৰ পৰা শক্তি ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে । 

তুমুল ৰাজনৈতিক সংকটৰ গৰাহৰ পৰা ৰক্ষা পৰাৰ পাছতেই ইউৰোপৰ শক্তি সংকটৰ প্ৰত্যক্ষ প্ৰভাৱ পৰা দেখা গৈছে পাকিস্তান, ভাৰত, বাংলাদেশ আৰু ফিলিপাইনছত । যাৰ বাবে লণ্ডনতকৈও ভয়ংকৰ প্ৰভাৱ পৰিব দক্ষিণ এছিয়াৰ দেশ সমূহত । এই সংকটত হাত উজান দিছে আন্ত:ৰাষ্ট্ৰীয় বজাৰত ক্ৰমান্বয়ে বৃদ্ধি হৈ অহা আমেৰিকান ডলাৰৰ মূল্য । বৰ্তমান তৃতীয় বিশ্বৰ দেশ সমূহে বৰ্ধিত আমেৰিকান ডলাৰৰ বাবে পুৰণি ঋণ পৰিশোধ কৰিব নে শক্তি ক্ৰয় কৰিব সেই সিদ্ধান্তৰ বাবে অস্থিৰ হৈ পৰিছে প্ৰত্যেকখন তৃতীয় বিশ্বৰ দেশ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in