/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/1oukhp7_ukraine-crisis-afp-650_625x300_25_February_22.jpg)
ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ অব্যাহত আছে। ইয়াৰ মাজতে ইউক্ৰেইনৰ সহায়ৰ বাবে আগবাঢ়ি আহিল পোলেণ্ড।
পোলেণ্ডে ঘোষণা কৰিছে যে ৰাছিয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁলোকৰ সকলো মিগ-২৯ জেট ইউক্ৰেইনত দিব।অৱশ্যে এই ক্ষেত্ৰত আমেৰিকাই কৈছে যে পোলেণ্ডৰ এই পদক্ষেপ উদ্বেগজনক।খবৰ অনুসৰ ৰাছিয়াৰ দ্বাৰা নিৰ্মিত বিমান ইউক্ৰেইনক দিয়াৰ বাবে প্ৰস্তাৱ নাকচ কৰে আমেৰিকাই।
অৱশ্যে, ৰাছিয়াৰ আক্ৰমণ বিফল কৰিবলৈ, আমেৰিকাই পোলেণ্ডত ২ টা পেট্ৰিয়াট মিছাইল মোতায়েন কৰিব।ইউৰোপীয় কমাণ্ডৰ এজন মুখপাত্ৰই মঙলবাৰে নিশা কয় যে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটো মিত্ৰশক্তিৰ প্ৰতি যিকোনো সাম্ভাব্য ভাবুকিৰ মোকাবিলা কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই পোলেণ্ডলৈ দুটা পেট্ৰিয়াট মিছাইল বেটাৰি প্ৰেৰণ কৰিছে। পেট্ৰিয়ট হৈছে বায়ু প্ৰতিৰক্ষা মিছাইল এনে প্ৰণালী, যাৰ জৰিয়তে কম দূৰত্বৰ বেলিষ্টিক মিছাইল, উন্নত বিমান আৰু ক্ৰুজ মিছাইলৰ সৈতে যুঁজ দিব পাৰি।