Advertisment

মোডীয়ে দিয়া মূল্যৱান হীৰাই আটাইতকৈ দামী উপহাৰ বাইডেন পৰিয়ালৰ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২৩ ত আমেৰিকা ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি জো বাইডেনৰ পত্নী তথা মাৰ্কিন ফাৰ্ষ্ট লেডী জিল বাইডেনক বহু মূল্যৱান উপহাৰ দিছিল। সেই সময়ত এই মূল্যৱান উপহাৰসমূহে বিশ্বজুৰি চৰ্চাও লাভ কৰিছিল।

author-image
Asomiya Pratidin
New Update
মোডীয়ে উপহাৰ দিয়া মূল্যৱান হীৰা ব্যৱহাৰ কৰিব নোৱাৰিব জিল বাইডেনে !

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২৩ ত আমেৰিকা ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি জো বাইডেনৰ পত্নী তথা মাৰ্কিন ফাৰ্ষ্ট লেডী জিল বাইডেনক বহু মূল্যৱান উপহাৰ দিছিল। সেই সময়ত এই মূল্যৱান উপহাৰসমূহে বিশ্বজুৰি চৰ্চাও লাভ কৰিছিল।

Advertisment

এই উপহাৰসমূহৰ ভিতৰত আছিল এটা মূল্যৱান হীৰাও। যাৰ মূল্য আছিল প্ৰায় ২০ হাজাৰ মাৰ্কিন ডলাৰ। ভাৰতীয় টকাৰ হিচাপত হিচাপত ইয়াৰ মূল্য আছিল ১৭ লাখ ১৫ হাজাৰ টকা।

এই উপহাৰ লাভ কৰি জিল বাইডেন যথেষ্ট সুখী হৈছিল। কিন্তু এতিয়াৰে পৰা এই হীৰা ব্যৱহাৰ কৰিব নোৱাৰে তেওঁ।  

মন কৰবিলগীয়া যে, যেতিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিদেশ ভ্ৰমণ কৰে, তেওঁ বিভিন্ন ধৰণৰ উপহাৰৰ টোপোলা লৈ যায়। এই উপহাৰসমূহ ভাৰতৰ বিভিন্ন ৰাজ্যৰ শিল্পীসকলে তৈয়াৰ কৰে। এনে উপহাৰত থাকে ভাৰতীয় সংস্কৃতিৰ চানেকি।

২০২৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাইডেন আৰু তেওঁৰ পত্নী জিলক দিয়া উপহাৰবোৰো আছিল ভাৰতীয় সংস্কৃতিৰ চানেকিৰে অতি চকুত লগা। এই উপহাৰৰ ভিতৰত আছিল এটা ৭.৫ কেৰেটৰ 'গ্ৰীণ লেব গ্ৰোন ইকো-ফ্ৰেণ্ডলী হীৰা'

এই হীৰায়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। যিটো বাকচত এই মূল্যৱান হীৰা উপহাৰ হিচাপে দিছিল সেই বাকচটোও নিৰ্মাণ কৰা হৈছিল বিশেষ ধৰণে।

এক বিশেষ জনজাতিৰ শিল্পীয়ে কাগজৰে বিশেষভাৱে নিৰ্মাণ কৰা এই বাকচটোও আছিল চালে চকুৰোৱা। প্ৰধানমন্ত্ৰী মোডীয়ে সেই সময়ত দিয়া এইসমূহ উপহাৰ এতিয়া জিল বাইডেনে ব্যৱহাৰ কৰিব নোৱাৰিব। 

যোৱা বছৰ ৫ নৱেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে। এই নিৰ্বাচনত ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰতিদ্বন্দিতা কৰাৰ পৰা বিৰত থাকে।

তেওঁৰ স্থানত প্ৰতিদ্বন্দিতা কৰে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে। কিন্তু ৰিপাব্লিকান নেতা ডনাল্ড ট্ৰাম্পৰ হাতত তেওঁ পৰাস্ত হয়।

কেইদিনমানৰ পাছতে ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। সেয়ে জো বাইডেন আৰু তেওঁৰ পত্নী জিল বাইডেনে চৰকাৰী দায়িত্বত থকাৰ সময়ত লাভ কৰা সকলো উপহাৰ আৰ্কাইভলৈ প্ৰেৰণ কৰা হৈছে।

ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে ২০২৩ ত উপহাৰ হিচাপে দিয়া মূল্যাৱন হীৰ চৰকাৰী ব্যৱহাৰৰ বাবে হোৱাইট হাউচৰ পূব শাখাত ৰখা হৈছে। তাৰোপৰি মোডীৰ ভ্ৰমণকালত জো বাইডেনক  হাতেৰে নিৰ্মাণ কৰা চন্দনকাঠৰ বাকচত উপহাৰ হিচাপে দিয়া ৰূপৰ গণেশ মূৰ্তি, চাকি, "উপনিষদৰ ১০ টা নীতি" শীৰ্ষক গ্ৰন্থও আৰ্কাইভলৈ প্ৰেৰণ কৰা হৈছে।

মন কৰিবলগীয়া যে, ২০২৩ ত বাইডেন দম্পত্তীয়ে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰনেতাৰ পৰা যিসমূহ উপহাৰ লাভ কৰিছিল তাৰ ভিতৰত আটাইতকৈ মূল্যৱান উপহাৰ হিচাপে পৰিগণিত হৈছে মোডীয়ে দিয়া  'গ্ৰীণ লেব গ্ৰোন ইকো-ফ্ৰেণ্ডলী হীৰা'।  কেৱল ইমানেই নহয়, ২০২২ তো মোডীয়ে বহু মূল্যৱান উপহাৰ দিছিল বাইডেন পৰিয়ালক।  

 

আমেৰিকা যুক্ত ৰাষ্ট্ৰ জো বাইডেন নৰেন্দ্ৰ মোডী