Advertisment

খাদ্য, ইন্ধন আৰু সাৰৰ সংকটৰ সন্ধান বিচাৰি জি-২০ সন্মিলনত মোডীৰ ভাষণ

জি-২০ শীৰ্ষ বৈঠকত ভাৰতৰ এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যত ভাৱনাৰ কথা তুলি ধৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এইবাৰ ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত জি-২০ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
জি-২০ সন্মিলন

ডিজিটেল ডেস্কঃ জি-২০ শীৰ্ষ বৈঠকত ভাৰতৰ এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যত ভাৱনাৰ কথা তুলি ধৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এইবাৰ ব্ৰাজিলৰ ৰিঅ ডি জেনেৰিঅত জি-২০ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছে।

Advertisment

এই বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে জি-২০ ৰ ৰাষ্ট্ৰনেতাসকলৰ সৈতে হোৱা আলোচনাৰ সময়ত অনুন্নত দেশসমূহৰ সমস্যাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, পৃথিৱীৰ বিভিন্ন প্ৰান্তত সংঘৰ্ষ আৰু সংঘাতৰ বাবে গ্লোবেল ছাউথৰ দেশবোৰে খাদ্য, শক্তি আৰু সাৰৰ অভাৱৰ সন্মুখীন হৈছে।

গ্লোবেল ছাউথৰ অৰ্থ হৈছে নিম্ন আয়ৰ দেশসমূহ যত ব্যাপকভাৱে আছে দৰিদ্ৰতা। ৰাষ্ট্ৰসংঘৰ মতে আফ্ৰিকা, দক্ষিণ আমেৰিকা, কেৰিবিয়ান দ্বীপপুঞ্জ, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ লগতে ওচেনিয়া, এছিয়াৰ কেইবাখনো দেশ এই গ্লোবেল ছাউথৰ অধীনত।

জি-২০ ৰ সন্মিলনত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভোক আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজৰ ওপৰত এক মত বিনিময়ৰ অধিবেশনত অংশগ্ৰহণ কৰি এই সন্দৰ্ভত ভাষণ প্ৰদান কৰে। তেওঁ ভাষণত কয়, খাদ্য, ইন্ধন আৰু সাৰৰ অভাৱৰ মূল কাৰণ হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘৰ্ষৰ পৰিস্থিতি। ইয়াৰ ফলত গ্লোবেল ছাউথ আটাইতকৈ বেছি প্ৰভাৱিত হৈছে।

প্ৰধানমন্ত্ৰী মোডীয়ে সেয়ে কয়, এই সমস্যাসমূহ সমাধান নকৰাকৈ আলোচনা কেতিয়াও ফলপ্ৰসূ হব নোৱাৰে। ব্ৰাজিলে এনে বিষয়ত আলোচনা কৰিবলৈ জি-২০ ৰ দৰে আন্তৰ্জাতিক মঞ্চক বাচি লোৱা কাৰ্যক প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰশংসা কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে দিল্লীত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনতো প্ৰধানমন্ত্ৰী মোডীয়ে জনমুখী সিদ্ধান্তৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিছিল। মোডীৰ সেই একেই স্থিতি এইবাৰৰ ব্ৰাজিলৰ অধিবেশনতো আছে।

বিশ্বৰ খাদ্য, ইন্ধন আৰু সাৰৰ সংকতৰ পৰিস্থিতিৰ পৰা পৰিত্ৰাণৰ বাবে তেওঁ জি-২০ ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত চৰকাৰী স্তৰত সংস্কাৰৰ বাৰ্তাও প্ৰেৰণ কৰে। ভাৰতত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনৰ মূল আধাৰ আছিল এক বিশ্ব, এক পৰিয়াল আৰু এক ভৱিষ্যত।

প্ৰধানমন্ত্ৰী মোডীয়ে বিগত বছৰৰ সেই আধাৰকে এই বছৰো ব্ৰাজিললৈ কঢ়িয়াই নিছে। মোডীৰ মতে ভাৰতৰ সেই মূল আধাৰ এতিয়াও বিশ্বৰ বাবে প্ৰাসংগিক।

জি-২০ শীৰ্ষ সন্মিলনত মোডীয়ে ভাৰতে ভোক আৰু দৰিদ্ৰতা দূৰীকৰণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়েও উল্লেখ কৰে। তেওঁ কয় যোৱা এটা দশকত ভাৰতে ২৫ কোটি জনসাধাৰণক দৰিদ্ৰ সীমা ৰেখাৰ পৰা তুলি আনিছে।

৮০ কোটি ভাৰতীয়ক বিনামূলীয়াকৈ খাদ্য শস্য যোগান ধৰিছে। নাৰী আৰু কৃষকৰ বাবে ভাৰত চৰকাৰে লোৱা চৰকাৰী উদ্যোগৰ কথাও তেওঁ এই সন্মিলনত ঘোষণা কৰিছে।

 

 

 

জি-২০ নৰেন্দ্ৰ মোডী ব্ৰাজিল