আমেৰিকা ভ্ৰমণ সামৰি ইজিপ্তলৈ প্ৰধানমন্ত্ৰী মোডীঃ প্ৰথমবাৰৰ বাবে পৰিদৰ্শন কৰিব মছজিদ...

আমেৰিকা ভ্ৰমণ সামৰি ইজিপ্তলৈ প্ৰধানমন্ত্ৰী মোডীঃ প্ৰথমবাৰৰ বাবে পৰিদৰ্শন কৰিব মছজিদ...
আমেৰিকা ভ্ৰমণ সামৰি ইজিপ্তলৈ প্ৰধানমন্ত্ৰী মোডীঃ প্ৰথমবাৰৰ বাবে পৰিদৰ্শন কৰিব মছজিদ...

ডিজিটেল ডেস্কঃ আমেৰিকা ভ্ৰমণসূচী সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ইজিপ্তলৈ ওৰা মাৰিছে। ইজিপ্তত তেওঁ দুটা দিন অতিবাহিত কৰিব। প্ৰধানমন্ত্ৰী মোডীৰ এয়া প্ৰথম ইজিপ্ত ভ্ৰমণ।

অন্তিম তথা প্ৰথমবাৰৰ বাবে ১৯৯৭ ৰতেই ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিক কাৰ্যসূচীৰে দ্বিপাক্ষিক বৈঠকৰ বাবে ইজিপ্ত ভ্ৰমণ কৰিছিল। তাৰ পাছত মোডীৰ এই ভ্ৰমণ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দ্বিতীয়টো তেনে ভ্ৰমণ বুলি চিহ্নীত হৈছে।

উল্লেখ্য যে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বহু ভাৰতীয় সেনাই ইজিপ্তৰ হৈ যুদ্ধত নামি পৰিছিল। তেনে বহু ছহিদ সেনা জোৱানক এই ভ্ৰমণৰ সময়ছোৱাতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ বাবে তেওঁ হেলিঅ'পলিছ ৱাৰ গ্ৰেভ সমাধিক্ষেত্ৰ ভ্ৰমণ কৰিব।

ইফালে এই ভ্ৰমণৰ সময়ছোৱাতে প্ৰধামন্ত্ৰী মোডীয়ে পৰিদৰ্শন কৰিব ১১ শতিকাৰ আল-হাকিম মছজিদ। ইজিপ্ত ভ্ৰমণৰ দ্বিতীয় তথা অন্তিমটো দিনত তেওঁ ৰজধানী কাইৰোত থকা এই মছজিদ পৰিদৰ্শন কৰিব।

এই মছজিদটোত তেওঁ প্ৰায় আধা ঘণ্টা সময় অতিবাহিত কৰিব। উল্লেখ্য, এই মছজিদৰ আছে এক ইতিহাস। বিশ্বৰে প্ৰসিদ্ধ এই মছজিদ ১৬ সংখ্যক ফাতিমিদ খলিফা আল-হাকিম বাই-আমৰ আল্লাৰ (৯৮৫-১০২১) নামেৰে নামকৰণ কৰা হৈছে।

এই মছজিদটো দশম শতিকাৰ শেষৰ ফালে চনত আল-হাকিম বাই-আমৰ আল্লাৰ পিতৃ খলিফা আল-আজিজ বিল্লাহে নিৰ্মাণ কৰিছিল ।

আমেৰিকা ভ্ৰমণ সামৰি ইজিপ্তলৈ প্ৰধানমন্ত্ৰী মোডীঃ প্ৰথমবাৰৰ বাবে পৰিদৰ্শন কৰিব মছজিদ...
চিকিৎসালয়ত তাণ্ডৱ চলাই তিনি মদাহী ঢকুৱাখনা আৰক্ষীৰ জালত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in