/asomiyapratidin/media/media_files/2025/02/11/LGNTabstlal9XjrLEF9h.png)
ডিজিটেল ডেস্কঃ ফ্ৰান্সত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এ আই একছন ছামিটত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাষণ আগবঢ়ায়। তেওঁ নিজৰ ভাষণত কৃত্তিম বুদ্ধিমত্তাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মানৱ সমাজৰ জীৱন সলনি কৰাৰ ক্ষেত্ৰত এ আইয়ে স্বাস্থ্য, শিক্ষা, কৃষিকে ধৰি বিভিন্ন ক্ষেত্ৰত সহায় কৰিব বুলিও ভাষণত উল্লেখ কৰে।
ফ্ৰান্সৰ ঐতিহাসিক পেৰিছ চহৰত অনুষ্ঠিত হোৱা এই সন্মিলনত প্ৰধানমন্ত্ৰী মোডীয়ে দিয়া ভাষণত আছিল বহু কেইটা গুৰুত্বপূৰ্ণ দিশ।
কৃত্ৰিম বুদ্ধিমত্তাই সৃষ্টি কৰিব এখন বেলেগ পৃথিৱী
প্ৰধানমন্ত্ৰী মোডীয়ে ভাষণত কয়, কৃত্ৰিম বুদ্ধিমত্তাই এখন অন্য পৃথিৱী সৃষ্টি কৰিব। য’ত উন্নয়নৰ লক্ষ্যৰ দিশত অগ্ৰসৰ হোৱাত সহজ হ’ব আৰু এই উন্নয়নৰ যাত্ৰা দ্ৰুততৰ হ’ব। ইয়াৰ বাবে আমি সম্পদ আৰু প্ৰতিভাক একত্ৰিত কৰিব লাগিব।
তেওঁ কয়, আমি এনে এক মুক্ত উৎস ব্যৱস্থা গঢ়ি তুলিব লাগিব যিয়ে বিশ্বাস আৰু স্বচ্ছতা বৃদ্ধি কৰিব। আমি পক্ষপাতিত্বৰ পৰা মুক্ত আৰু মানসম্পন্ন ডাটা ছেট সৃষ্টি কৰিব লাগিব।
তেওঁ ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তা অভিযান সন্দৰ্ভত কয়, এ আই ভৱিষ্যতে যাতে সকলোৰে ভালৰ বাবে ব্যৱহাৰ হয় তাৰ বাবে ভাৰতে নিজৰ অভিজ্ঞতা আৰু বিশেষজ্ঞতাক ভাগ-বতৰা কৰিব।
তথ্য গোপনীয়তাৰ বাবে ভাৰত টেকন’-লিগেল ভিত্তি সৃষ্টিত আগবাঢ়িছে
প্ৰধানমন্ত্ৰী মোডীয়ে কয়, এ আই সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ আমাক বিশ্বব্যাপী মানদণ্ডৰ প্ৰয়োজন। ভাৰতে অতি কম খৰচত ইয়াৰ ১৪ কোটিৰো অধিক লোকৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি সফলভাৱে সৃষ্টি কৰিছে। ভাৰত এ আই গ্ৰহণ আৰু তথ্যৰ গোপনীয়তাৰ বাবে টেকন’-লিগেল ভেটি গঢ়ি তোলাৰ ক্ষেত্ৰতো আগশাৰীৰ দেশলৈ পৰিণত হৈছে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় ভাৰতে এ আই গ্ৰহণ কৰাৰ লগতে তথ্যৰ গোপনীয়তাৰ বাবে টেকন’-লিগেল ভিত্তি সৃষ্টিৰ ক্ষেত্ৰতো আগবাঢ়ি আছে।
চাইবাৰ সুৰক্ষা, ভুল তথ্য আৰু ডিপফেকৰ ওপৰত গুৰুত্ব
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণত কয়, "আমি এনে মুক্ত উৎস ব্যৱস্থা গঢ়ি তুলিব লাগিব যিয়ে বিশ্বাস আৰু স্বচ্ছতা বৃদ্ধি কৰিব। আমি পক্ষপাতিত্বহীনভাৱে মানসম্পন্ন ডাটা চেণ্টাৰ নিৰ্মাণ কৰিব লাগিব। আমি প্ৰযুক্তিকো গণতান্ত্ৰিক কৰি সকলোৰে বাবে গ্ৰহণযোগ্য এপ্লিকেচন সৃষ্টি কৰিব লাগিব।
আমি চাইবাৰ সুৰক্ষা, ভুল তথ্য আৰু ডিপফেকৰ সৈতে জড়িত বিষয়সমূহো সমাধান কৰিব লাগিব। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "এ আইয়ে ইতিমধ্যে আমাৰ অৰ্থনীতি, নিৰাপত্তা আনকি আমাৰ সমাজখনকো নতুন ৰূপ দিছে।
এ আইয়ে সৃষ্টি কৰিব পৰা নিয়োগৰ সংকটৰ ওপৰতো গুৰুত্ব
সন্মিলনখনত প্ৰধানমন্ত্ৰীয়ে কৃত্ৰিম বুদ্ধিমত্তাই সৃষ্টি কৰিব পৰা নিয়োগ সংক্ৰান্তীয় সংকটৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয়, এ আইৰ শক্তি খৰচৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ইয়াৰ জৰিয়তে নিয়োগ সংকটৰ প্ৰতিও গুৰুত্ব দিব লাগিব। এ আইয়ে নতুন চাকৰিৰ সৃষ্টি কৰিব।
ইয়াৰ ফলত মানৱ সভ্যতাৰ এক নতুন যুগৰো সৃষ্টি হৈছে। আমি ভুল তথ্য আৰু ডিপফেক বন্ধ কৰিব লাগিব। সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে এ আই সন্দৰ্ভত গভীৰ আলোচনাৰ প্ৰয়োজন আছে।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদী ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে এ আই একছন ছামিটৰ সহ-সভাপতি।