চীনক উচতনি দিয়াৰ পাছত, নৰেন্দ্ৰ মোডীৰ কাষত মহম্মদ ইউনুছঃ নিদিলে সামান্যও গুৰুত্ব

চুবুৰীয় দুখন দেশ। কেইটামান মাহৰ আগলৈকে দুয়ো দেশ আছিল পৰম বন্ধু। দুয়ো দেশৰ ৰাষ্ট্ৰনেতা আছিল পৰম মিত্ৰ। দুয়োখন দেশেই হাতে-হাত ধৰি আগবাঢ়ি যোৱাৰ কথা আছিল।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
চীনক উচতনি দিয়াৰ পাছতত, নৰেন্দ্ৰ মোডীৰ কাষত মহম্মদ ইউনুছঃ নিদিলে সামান্যও গুৰুত্ব

ডিজিটেল ডেস্কঃ চুবুৰীয় দুখন দেশ। কেইটামান মাহৰ আগলৈকে দুয়ো দেশ আছিল পৰম বন্ধু। দুয়ো দেশৰ ৰাষ্ট্ৰনেতা আছিল পৰম মিত্ৰ। দুয়োখন দেশেই হাতে-হাত ধৰি আগবাঢ়ি যোৱাৰ কথা আছিল।

Advertisment

কিন্তু ৰাজনৈতিক পাকচক্ৰত এতিয়া দুয়োখন দেশৰ মাজৰ সেই সম্পৰ্ক তেনে মধুৰ হৈ থকা নাই। ভূ-ৰাজনৈতিক পৰিস্থিতিত এখন দেশৰ চৰকাৰৰ পতন আৰু ৰাষ্ট্ৰনেতা পলায়নৰ পাছতেই সকলো খেলিমেলি হৈ পৰিল। অৱশ্যে বন্ধুত্বৰ ধৰ্ম পালন কৰি প্ৰাণ বচাই পলায়ন কৰা ৰাষ্ট্ৰনেতাক বন্ধু ৰাষ্ট্ৰই দিছে ৰাজনৈতিক আশ্ৰয়।

ভাৰত আৰু বাংলাদেশৰ কাহিনী এয়া।এতিয়া দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষীক সম্পৰ্ক কেৱল অৱনতি ঘটাই নহয়, ভাৰতৰ অভিন্ন অংগ উত্তৰ পূৰ্বাঞ্চালক অধিকাৰ কৰিবলৈ ভাৰতৰ শত্ৰুক উচতনি দিয়াৰ দৰেও দুঃসাহস কৰিবলৈ সাহস কৰিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বীগৰাকীয়ে।

চীনলৈ লগত লৈ যোৱা ভিক্ষাৰ জোলোঙা ভৰাবলৈ একাধিক ভাৰত বিৰোধী মন্তব্যৰে ছি জিনপিঙৰ হৃদয় জয় কৰাৰ চেষ্টা কৰা মহম্মদ ইউনুছ নামৰ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বীগৰাকী বৃহস্পতিবাৰে মুখামুখি হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰে।

বেংককত অনুষ্ঠিত হোৱা BIMSTEC ৰ বৈঠকৰ মাজতে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ সময়ত নৰেন্দ্ৰ মোডীৰ কাষৰ আসনখনতে দেখা গ’ল মহম্মদ ইউনুছক। অৱশ্যে ক্ষমতালৈ অহাৰ পাছৰে পৰা ভাৰত বিৰোধী চিন্তা কঢ়িয়াই ফুৰা এই নেতাগৰাকীক ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব দিয়া দেখিবলৈ পোৱা নগ’ল।

সৌজন্যতা অনুসৰণ কৰি মাত দিয়া দূৰৰে কথা, তেওঁৰ মুখলৈকে নাচালে প্ৰধানমন্ত্ৰী মোডীয়ে। এই দৃশ্য এতিয়া সামাজিক মাধ্যমত বিয়পি পৰাৰ সমান্তৰালকৈ বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে।

ভাৰতৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষাৰ কথা কৈ, ভাৰত বিৰোধী শক্তিক উচতনি দিয়াত লিপ্ত হোৱা ইউনুছক নৰেন্দ্ৰ মোডীয়ে গুৰুত্ব নিদিয়াৰ পাছতে অৱশ্যে এতিয়া সুৰ সলনি হৈছে ঢাকাৰ। তেওঁলোকে আশা কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে এই সন্মিলনৰ মাজতে ইউনুছক সাক্ষাৎ দিব আৰু আলোচনাত বহিব।

কিন্তু এই সম্পৰ্কে এতিয়ালৈকে নতুন দিল্লীৰ ফালৰ পৰা কোনো কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। উল্লেখ্য যে, ২ এপ্ৰিলৰ পৰা থাইলেণ্ডৰ বেংককত অনুষ্ঠিত হোৱা BIMSTECৰ আজি অন্তিম দিন। এই সন্মিলনত নৰেন্দ্ৰ মোডীৰ উপৰিও মহম্মদ ইউনুছে অংশগ্ৰহণ কৰিছে।

সন্মিলনখনিত এই দুয়োখন দেশৰ নেতৃত্বই অংশগ্ৰহণ কৰিব বুলি প্ৰকাশ পোৱাৰ পাছৰে পৰা সন্মিলনখনৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছিল ভূ-ৰাজনৈতিক বিশেষজ্ঞসকলৰ মাজত। আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলনখনৰ মাজতে দুয়ো নেতাই দ্বিপাক্ষীক বৈঠকত বহিব নেকি সেই সন্দৰ্ভতো জল্পনা-কল্পনা চলি আছিল।

চুবুৰীয়া দেশখনৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইনে এই সন্দৰ্ভত কয় যে, বাংলাদেশে মোডী আৰু ইউনুছৰ মাজত দ্বিপাক্ষিক বৈঠক বিচাৰে। ইয়াৰ বাবে তেওঁলোকে ভাৰতীয় কূটনীতিবিদৰ সৈতে ইতিমধ্যে যোগাযোগ কৰিছে বুলি উল্লেখ কৰিছে।

অৱশ্যে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, এই সন্দৰ্ভত মন্তব্য দিবলৈ মোৰ হাতত কোনো তথ্য নাই। মন কৰিবলগীয়া যে বাংলাদেশত যোৱা আগষ্টৰ বিপ্লৱৰ পাছত আৱামী লীগৰ চৰকাৰৰ পতন হৈছে, দেশ এৰি পলায়ন কৰিছে শ্বেইখ হাছিনাই।

তাৰ পাছৰে পৰা বাংলাদেশ ভাৰত বিৰোধী হৈ পৰিছে। দেশখনত সংখ্যালঘু লোকৰ ওপৰতো যথেষ্ট অত্যাচাৰ চলিছে। যাৰ বাবে ভাৰত অসন্তুষ্ট হৈ আছে আৰু এনে কাৰ্যক গৰিহণা দি আহিছে। দেশখনৰ হিন্দু ধৰ্মীয় নেতা চিন্ময় প্ৰভুক গ্ৰেপ্তাৰ কৰা কাৰ্যকো বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সমালোচনা কৰিছে।

উল্লেখ্য ইয়াৰ পূৰ্বে ভাৰত আৰু বাংলাদেশৰ এই দুয়ো নেতাই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত একেলগে অংশগ্ৰহণ কৰিছিল। সেই সময়তো মহম্মদ ইউনুছে নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব বিচাৰিছিল যদিও সেয়া সম্ভৱ নহ’ল। তাৰ পিছত এইবাৰ পুনৰ BIMSTEC ৰ মঞ্চত পুনৰ মুখামুখি হ’ল মোডী আৰু ইউনুছ। 

নৰেন্দ্ৰ মোডী মহম্মদ ইউনুছ বাংলাদেশ