/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/PM-30.jpg)
ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাত কোভিডৰ নতুন প্ৰকাৰ অমিক্ৰণৰ উপস্থিতি ধৰা পৰাৰ পিছতে সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি হৈছে। তাৰ মাজতে বিভিন্ন দেশে দক্ষিণ আফ্ৰিকাৰ সৈতে সাময়িকভাৱে বৈমানিক সেৱা বন্ধ কৰিছে। বহু কেইখন দেশে বিমান সেৱাৰ ওপৰত বহু নীতি-নিয়ম জাৰি কৰিছে। কিন্তু ইয়াৰ বিপৰীতে ভাৰতত বিদেশৰ পৰা অহা বিমান আৰু যাত্ৰীৰ ক্ষেত্ৰত সামান্য নীতি-নিয়ম জাৰি কৰিয়েই দায়িত্ব সামৰিছে। যাৰ বাবে এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
বহুতেই কবলৈ লৈছে কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰন ভাৰতত প্ৰবেশ কৰা নাই, সেয়ে প্ৰধানমন্ত্ৰী মোডীয়ে অমিক্ৰন প্ৰকাৰে ভাৰতত প্ৰবেশ কৰালৈ অপেক্ষা কৰি আছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰশ্ন উত্থাপন কৰিছে, মোডী ডাঙৰীয়া কালৈ অপেক্ষা কৰিছে? শীঘ্ৰে বিদেশৰ পৰা অহা বিমান বন্ধ কৰা নাই কিয়?
মন কৰিবলগীয়া যে দিল্লী চৰকাৰে কোভিড-১৯ৰ নতুন প্ৰকাৰ অমিক্ৰনৰ প্ৰতি লক্ষ্য ৰাখি সকলো প্ৰস্তুতি চলাইছে। দিল্লী চৰকাৰে এল এন জে পি চিকিৎসালয়ক অমিক্ৰন নতুন প্ৰকাৰৰ বাবে সংৰক্ষণ কৰিছে।এল এন জে পিত অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত ৰোগীসকলক পৃথকীকৰণ আৰু চিকিৎসাৰ বাবে এটা বা দুটা ৱাৰ্ড সংৰক্ষণ ৰখাৰ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে ৰাতিপুৱা এটা টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অমিক্ৰন প্ৰভাৱিত দেশসমূহৰ পৰা অহা বিমান সমূহ তৎক্ষণাৎ বন্ধ কৰিবলৈ আহ্বান জনায়।
কেজৰিৱালে এটা টুইটত লিখিছে, "বহুতো দেশে অমিক্ৰন প্ৰভাৱিত দেশসমূহৰ পৰা বিমান চলাচল বন্ধ কৰি দিছে। আমি কিয় পলম কৰি আছো? আনকি প্ৰথম ঢৌতো, আমি বিদেশী বিমান দেশলৈ অহা বন্ধ কৰাত পলম কৰিছিলো। বেছিভাগ বিদেশী বিমান দিল্লীলৈ আহে, দিল্লী আটাইতকৈ বেছি প্ৰভাৱিত হয়। পি এম মহোদয় অনুগ্ৰহ কৰি অতি শীঘ্ৰে বিমান চলাচল শীঘ্ৰে বন্ধ কৰক।
ইয়াৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীলৈ কোৰোনাৰ নতুন প্ৰকাৰৰ বিষয়ত পত্ৰ লিখিছিল। য'ত তেওঁ লিখিছিল যে আমি সকলোৱে কৰোনাৰ নতুন প্ৰকাৰ ভাৰতত প্ৰৱেশ কৰাত প্ৰতিহত কৰিবলৈ সকলো প্ৰচেষ্টা কৰা উচিত। ইউৰোপকে ধৰি বহুতো দেশে কৰোনাৰ নতুন প্ৰকাৰৰ দ্বাৰা প্ৰভাৱিত অঞ্চললৈ ভ্ৰমণ নিষিদ্ধ কৰিছে। অমিক্ৰনৰ দ্বাৰা প্ৰভাৱিত ঠাইবোৰৰ পৰাও ভাৰতত বিমান চলাচল নিষিদ্ধ কৰা উচিত। আনকি এই ক্ষেত্ৰত অলপ পলম হ'লেও ক্ষতিকাৰক প্ৰমাণিত হ'ব পাৰে।
ইফালে আতংকৰ মাজতে প্ৰকাশ হৈছে আন এক গুৰুতৰ খবৰ। যোৱা ১৫ টা দিনত আফ্ৰিকাৰ পৰা ভাৰতত প্ৰবেশ কৰা মুঠ ১০০০ জন ব্যক্তিৰ ৫০০ ৰো অধিক লোক নিৰুদ্দেশ হৈছে। মুম্বাইত প্ৰৱেশ কৰা এই লোকসকলৰ কোনোধৰণ তথ্য নাই বিমানবন্দৰ কৰ্তৃপক্ষৰ হাতত। মাত্ৰ ৪৬৬ গৰাকী বক্তিৰহে তথ্য লাভ কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষই। আনহাতে দিল্লী হৈ মুম্বাইত প্ৰৱেশ কৰা আফ্ৰিকা ফেৰত এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ অৱস্থিতি। অৱশ্যে এতিয়ালৈকে তেওঁৰ দেহত ঠাই লোৱা কোৰোনা ভাইৰাছ কোনটো প্ৰকাৰৰ সেইয়া এতিয়াও নিশ্চিত হোৱা নাই।
তাৎপৰ্যপূৰ্ণভাৱে, অমিক্ৰন প্ৰকাৰ প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাত পোৱা গৈছিল। ইয়াৰ পিছতে বিজ্ঞানীসকলে সতৰ্কবাণী জাৰি কৰিছি যে এই নতুন প্ৰকাৰৰ সংক্ৰমণৰ হাৰ অতি দ্ৰুত হ'ব পাৰে আৰু ৰোগীৰ ক্ষেত্ৰত গুৰুতৰ লক্ষণ বিকশিত হ'ব পাৰে। বিজ্ঞানীসকলে বিশ্বাস কৰে যে এই নতুন প্ৰকাৰটোত কমেও ১০ টা পৰিৱৰ্তন আছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এখন সমিতিয়ে এই নতুন প্ৰকাৰৰ কৰোনা ভাইৰাছক 'অমিক্ৰন' নাম দিছে আৰু ইয়াক "অত্যন্ত সংক্ৰামক উদ্বেগজনক ৰূপ" বুলি অভিহিত কৰিছে।