ধ্বংসস্তূপৰ মাজত অসহায় পিতৃৰ অনুৰোধ "মোৰ সন্তানৰ ফটো লোৱা"...

ধ্বংসস্তূপৰ মাজত অসহায় পিতৃৰ অনুৰোধ "মোৰ সন্তানৰ ফটো লোৱা"...
Published on
Updated on

ডিজিটেল ডেস্ক : তুৰস্কৰ ভূমিকম্পই শিকাই গ'ল বহু কথা, বহু বেদনা । জীৱশ্ৰষ্ঠ হৈয়ো প্ৰকৃতিৰ ওচৰত কিদৰে অসহায় জীৱশ্ৰেষ্ঠ মানৱ সমাজ । কিন্তু এই বিধ্বংসী ভূমিকম্পৰ অন্তৰালত আছিল বহু কথা । ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা প্ৰায় ২৩ লাখ । বিগত ১২ বছৰে যুদ্ধ, সন্ত্ৰাসবাদ আৰু আন বহু সমস্যাই জুৰুলা কৰি থৈছিল ছিৰিয়াক । তুৰস্কতো আছিল ৰাজনৈতিক অস্থিৰতা । সন্মুখত নিৰ্বাচন, নিৰ্বাচনত বৰ্তমানৰ ৰাষ্ট্ৰপতি পৰাজিত হোৱাতো এক প্ৰকাৰ নিশ্চিত কৰি দিলে ভূমিকম্পৰ সময়ত চৰকাৰৰ বিফলতাই ।

কিন্তু তাৰ মাজতেই আন এক আলোকচিত্ৰই কপাই গ'ল সমগ্ৰ বিশ্বৰ হৃদয় । এই আলোকচিত্ৰই পাষাণৰ কঠিন অন্তৰো মূহুৰ্ততে গলাই দিব পাৰে জলন্ত মমৰ টোপালৰ দৰে ।

ফ্ৰান্সৰ এক আন্তৰ্জাতিক সংবাদ মাধ্যমৰ আলোকচিত্ৰ সংগ্ৰহকাৰী সাংবাদিক এগৰাকীয়ে তুৰস্কত ব্যস্ত আছিল ধ্বংসস্তূপৰ আলোকচিত্ৰ সংগ্ৰহ কৰাত ।

সন্মুখত আছিল এক প্ৰকাণ্ড অট্টালিকাৰ অৱশেষ । তেতিয়ালৈ উপস্থিত হোৱা নাছিল উদ্ধাৰকাৰীৰ দল । দুৰ্ঘটনাগ্ৰস্ত লোকসকলে নিজেই ধ্বংসস্তূপৰ পৰা ওলাই আহিবলৈ আপ্ৰাণ চেষ্টা চলাই আছিল । কিন্তু সকলোৰে মাজত কমলা জেকেট পৰিহিত লোক এজন নিশ্চুপ হৈ বহি আছিল । সাংবাদিক গৰাকীৰ ড্ৰোণখনে মুহুৰ্ততে উৰা মাৰিছিল মানুহজনৰ ওচৰলৈ । কেমেৰা লগা ড্ৰোণখন দেখি অস্পষ্ট স্বৰেৰে কৈ উঠিছিল মানুহজনে, "মোৰ সন্তানৰ ফটো লোৱা..."

কেমেৰাই অনুসৰণ কৰিছিল মানুহজনৰ ইংগিত । সাংবাদিক গৰাকীৰ লেন্সত ভাহি উঠিছিল এক বুকু কপাই যোৱা দৃশ্য ।

সন্তানৰ ওপৰত কেইবা হেজাৰ টনৰ ছাদ, কেৱল হাতখন ওলাই আছে ধ্বংসস্তূপৰ মাজৰ পৰা । যিখন হাত ধৰি বহি আছিল অতপৰে পিতৃ । দেখিলেই বুজা যায় কাহানিবাই মৃত্যু ঘটিছে সন্তানটিৰ ।

ধ্বংসস্তূপৰ হাহাকাৰৰ মাজত সম্ভৱ ন‍াছিল পিতৃক কিবা প্ৰশ্ন সোধাৰ । তথাপিও সন্তানটিৰ কথা ক'লে পিতৃয়ে, "মোৰ কন্যা, ইমৰাক" ।

আলোচিত্ৰখনে খেদি ফুৰিল বিশ্বৰ অগণন লোকক । কেইবা নিশাও উজাগৰে কটালে লাখ লাখ জনতাই । বিশ্বৰ অন্যতম সংবাদ মাধ্যম সমূহৰ শিৰোনাম দখল কৰিল আলোকচিত্ৰখনে । কিন্তু "মোৰ সন্তানৰ ফটো লোৱা" বুলি কোৱা কন্ঠস্বৰটোৰ সমান শক্তি নাছিল কাৰোৱেই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in