বাহন ভাড়ালৈ লোৱাত সাৱধান! অচেতন কৰি যুৱকৰ পৰা লুটি নিলে নগদ ধন

মহানগৰীত ব্যক্তিগত বাহন ভাড়াত লৈ বিপদত এজন যুৱক।অচেতন কৰি যুৱকৰ পৰা লুটি নিয়ে নগদ ধন।

author-image
Asomiya Pratidin
New Update
বাহন ভাড়ালৈ লোৱাত সাৱধান! অচেতন কৰি যুৱকৰ পৰা লুটি নিলে নগদ ধন

ভুক্তভোগী যুৱক

ডিজিটেল ডেস্ক: মহানগৰীত ব্যক্তিগত বাহন ভাড়াত লৈ বিপদত এজন যুৱক।অচেতন কৰি যুৱকৰ পৰা লুটি নিয়ে নগদ ধন।

Advertisment

যুৱকজনৰ পৰা লুটি নিয়ে প্রায় ৪৫ হাজাৰ ধনসহ মোবাইল। যুৱকজনৰ নাম চাহেব মিঞা বুলি জানিব পৰা গৈছে।

ছয়মাইলৰ পৰা ধুবুৰীলৈ ভাড়াত লৈ গৈছিল গাড়ীখন। গোৱালপাৰাৰ আগিয়াত অচেতন কৰি পেলাই থৈ যায় যুৱকজনক। চাহৰ লগত নিচাযুক্ত দ্রব্য মিহলাই কৰিছিল অচেতন।

দিছপুৰ থানাত ঘটনা সন্দৰ্ভথ গোচৰ ৰুজু কৰিছে যুৱকজনে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

আৰু পঢ়ক: কোনোবাই কৈছিল"ইনছাল্লাহ"! ধ্বংসস্তুপৰ পৰা ১০ দিনীয়া নৱজাতক উদ্ধাৰ

Assam police