কোভিডৰ পিল ওলাল !

কোভিডৰ পিল ওলাল !

author-image
asomiyapratidin
New Update
কোভিডৰ পিল ওলাল !

ডিজিটেল ডেস্কঃ অৱশেষত ওলাইছে কোভিডৰ পিল। বিশ্বৰ আগশাৰীৰ ঔষধ নিৰ্মাতা প্ৰতিষ্ঠান ফাইজাৰে এই দাবী কৰিছে। কোম্পানীটোৰ মতে ৯০ শতাংশই সফল হৈছে তেওঁলোক। নতুনকৈ সংক্ৰমণ হোৱা কোৰোনা ভাইৰাছ অমিক্ৰণৰ ক্ষেত্ৰতো এই পিল কাৰ্যকৰী হৈছে ফাইজাৰে দাবী কৰিছে।

এই কোভিড পিলৰ জৰিয়তে সংকটজনক কোভিড ৰোগীও সুস্থ হৈ উঠিব বুলি জনাইছে ফাইজাৰে। ফাইজাৰৰ মুখ্য বৈজ্ঞানিক মাইকেল ডালষ্ট'নে প্ৰকাশ কৰা মতে এই দৰৱৰ গুণাগুণ অদ্ভুত। কোভিডত আক্ৰান্ত লোকসকলে এই পিল ব্যৱহাৰ কৰিলে শীঘ্ৰে সুস্থ হৈ উঠিব বুলিও তেওঁ কয়।

আমেৰিকাৰ চৰকাৰে কোম্পানীটোক এই পিল বিক্ৰীত অনুমতি দিলে ফাইজাৰে বজাৰত ইয়াক এৰি দিব। এই কোভিড পিলৰ নাম ৰখা হৈছে পেক্সলভিড।