/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/86005293-c2b7-406b-909f-a69a5b7f36fb/102.jpg)
ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰ অনুগামীসকলে 'বিশ্বগুৰু' হিচাপে অধিষ্ঠিত কৰিব বিচৰাৰ সময়তে বহিঃৰাষ্ট্ৰৰ মানুহৰ তেওঁৰ প্ৰতি আস্থা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ 'পিউ ৰিছাৰ্চ চেণ্টাৰে' শেহতীয়াকৈ প্ৰকাশ কৰা এক সমীক্ষাত কেতবোৰ উদ্বেগজনক তথ্য প্ৰকাশ পাইছে।
ৱাশ্বিংটনত প্ৰকাশ কৰা সমীক্ষাত ভাৰতৰ প্ৰতি বহিঃৰাষ্ট্ৰৰ মানুহৰ ইতিবাচক ধাৰণা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। যোৱা ২০ ফেব্ৰুৱাৰীৰ পৰা ২২ মে' পৰ্যন্ত চলোৱা সমীক্ষাৰ তথ্য অনুসৰি ভাৰত সম্পৰ্কে ইতিবাচক ধাৰণা অধিকাংশ দেশত দ্ৰুতগতিত কমি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/9871d6c8-9a29-4f0d-baaa-843d4626868e/PG_2023_08_29_views_of_india_01_01.webp)
বিশ্বৰ ভিতৰত ইউৰোপত ভাৰতৰ প্ৰতি ঋণাত্মক দৃষ্টিভংগী পোষণ কৰা লোকৰ সংখ্যা অধিক। ইয়াৰোপৰি ফ্ৰান্স,জাৰ্মানী আদি দেশত ভাৰতৰ প্ৰতি থকা ইতিবাচক ধাৰণা পূৰ্বতকৈ যথেষ্ট পৰিমাণে হ্ৰাস পায়।
Also Read: বানৰ কবলত গৰুখুটি বহুমুখী কৃষি প্ৰকল্প