/asomiyapratidin/media/media_files/2025/05/07/93tcX6y33001TZ9sdbvM.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাৰ আক্ৰমণত মাজনিশা কপি উঠিল পাকিস্তান।পেহেলগামৰ আক্ৰমণ পৰিণাম ভয়াৱহ হ’ল পাকিস্তানৰ। ভাৰতীয় সেনাৰ আক্ৰমণত টোপনি হেলাৰ ইছলামাবাদৰ। ইছলামাবাদে লালন-পালন কৰি অহা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি ভাৰতে দিলে পেহেলগামৰ প্ৰত্যুত্তৰ।
ভাৰতীয় সেনাই ‘অপাৰেচছন সিন্দুৰ’ৰ অধীনত চলোৱা মিছাইল আক্ৰমণত নিহত হৈছে ৩০ টাকৈ সন্ত্ৰাসবাদী। অৱশ্যে ইছলামবাদে দাবী কৰিছে তেওঁলোকৰ ৮ জন লোকৰ মৃত্যু হৈছে। পাকিস্তানৰ আন্তঃসেৱা জনসংযোগৰ সঞ্চালক প্ৰধানে সংবাদমেল অনুষ্ঠিত কৰি এই তথ্য প্ৰকাশ কৰিছে।
তেওঁ কৈছে, পুৱা ১ বজালৈকে ভাৰতীয় সেনা বাহিনীয়ে পাকিস্তানৰ মুঠ ছটা স্থানত ২৪টাকৈ আক্ৰমণ সংঘটিত কৰিছে। তেওঁ লগতে ভাৰতীয় সেনাই সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ চলোৱা বুলিও দাবী কৰা হৈছে। তেওঁ পাকিস্তানৰ কেইবাগৰাকী মহিলা আৰু শিশুৰ মৃত্যুৰ খবৰ দিয়ে।
অৱশ্যে ভাৰতে নিশ্চিত কৰিছে কেৱল সন্ত্ৰাসবাদীৰ ঘাটিক লক্ষ্য কৰি লৈহে এই আক্ৰমণ চলোৱা হৈছে আৰু ৯টাকৈ স্থানত চলোৱা এই আক্ৰণত ধ্বংস কৰি দিয়া হৈছে লস্কৰ-ই-তৈবা আৰু জৈইছ-ই-মহম্মদৰ ঘাটি। মৃত্যু হৈছে ৩০ টাকৈ সন্ত্ৰাসবাদীৰ।
বুধবাৰে পুৱা পাকিস্তানৰ আই এছ পি আৰৰ ডি জিয়ে সংবাদমেলত কয় যে, "বহাৱালপুৰৰ পূব আহমেদপুৰৰ শ্বুৱান মছজিদত আক্ৰমণ সংঘটিত হৈছে। ইয়াত চাৰিটাকৈ আক্ৰমণত তিনি বছৰীয়া শিশুসহ পাঁচজন নিৰীহ লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও ইয়াত ২৫জন পুৰুষ আৰু ৬গৰাকী মহিলাকে ধৰি ৩১জন লোক আহত হৈছে।"
তেওঁ লগতে কয়, "মুজাফ্ফৰাবাদৰ বিলাল মছজিদকো লক্ষ্য কৰি লোৱা হৈছিল। ইয়াত ৭টা আক্ৰমণত এজন লোক আহত হোৱাৰ লগতে মছজিদটো ধ্বংস কৰা হৈছে।"
পাকিস্তানৰ আন এক বিবৃতি অনুসৰি কোটলি অঞ্চলৰ আব্বাট মছজিদত ৫টাকৈ আক্ৰমণ সংঘটিত হয়। ইয়াত দুজন লোকৰ মৃত্যু হৈছে। ইয়াৰে এজন ১৮ বছৰীয়া যুৱক আৰু আনজন ১৬ বছৰীয়া ছোৱালী। আহত এগৰাকী মহিলা আৰু তেওঁৰ কন্যা।
মুৰিদকেৰ উমালকুৰা মছজিদত চাৰিটাকৈ আক্ৰমণ সংঘটিত হৈছে। ইয়াত এজন লোকৰ মৃত্যু, এজন আহত হৈছে। ইয়াত দুজন লোক সন্ধানহীন হৈছে। মছজিদটোও ধ্বংস কৰা হৈছে।
ছিয়ালকোটৰ কোটকী লোহাৰা গাঁৱত সংঘটিত হৈছে দুটাকৈ আক্ৰমণ। ইয়াত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই। ইয়াৰ উপৰিও শকৰগড়ৰ সমীপতো দুটা আক্ৰমণ সংঘটিত হৈছে। এতিয়ালৈকে কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই।
পাকিস্তানৰ আই এছ পি আৰৰ ডি জিয়ে ভাৰতৰ ‘অপাৰেচন সিন্দুৰ’ক ‘অপ্ৰৰোচিত, কাপুৰুষীয়া আক্ৰমণ’ বুলি অভিহিত কৰিছে। এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়া হৈছে আৰু দিয়া হ’ব বুলিও তেওঁ দাবী কৰিছে।
পেহেলগামত ২৬ জন লোকৰ মৃত্যু হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানক দোষাৰোপ কৰি ভাৰতে ইতিমধ্যে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেনাক সম্পূৰ্ণ স্বাধীনতা দিয়াৰ পিছত ভাৰতীয় সেনাই পাকিস্তান আক্ৰমণ কৰাটো নিশ্চিত হৈছিল।
মাজ নিশা এইদৰে পাক-অধিকৃত জম্মু আৰু কাশ্মীৰৰ মুঠ ৯ টা স্থানত চলোৱা এই মিছাইল আক্ৰমণ পেহেলগামৰ প্ৰতিশোধ। ইফালে পাকিস্তানে ভাৰতৰ সীমান্তত গুলীচালনা আৰম্ভ কৰিছে। ইয়াৰো প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই।
পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰা এখন যুদ্ধ বিমানো ভাৰতীয় বায়ু সেনাই ধ্বংস কৰাৰ খবৰ আহিছে। তাৰোপৰি আজি জম্মু আৰু কাশ্মীৰৰ সকলো শিক্ষানুষ্ঠানকে ধৰি সকলো বন্ধ কৰি দিয়া হৈছে। জম্মু কাশ্মীৰৰ নাগৰিকেও এই আক্ৰমণৰ প্ৰতি সমৰ্থন জনাই সন্তুষ্টি প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰ আছে স্থল সেনাৰ লগতে বায়ু সেনাৰ সুৰক্ষাত।