ভাৰতীয় সেনাই ক'ত ক'ত কৰিছিল আক্ৰমণঃ পাকিস্তানে প্ৰকাশ কৰিলে তথ্য...

২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ৭ মে’ত ভাৰতীয় সেনাই আৰম্ভ কৰিছিল অপাৰেচন সিন্দূৰ। শেহতীয়াকৈ এই অভিযানৰ নতুন তথ্য পোহৰলৈ আহিছে।

author-image
Tushar Pratim
New Update
ভাৰতীয় সেনাই ক'ত ক'ত কৰিছিল আক্ৰমণঃ পাকিস্তানে প্ৰকাশ কৰিলে তথ্য...

ডিজিটেল ডেস্কঃ ২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ৭ মে’ত ভাৰতীয় সেনাই আৰম্ভ কৰিছিল অপাৰেচন সিন্দূৰ। শেহতীয়াকৈ এই অভিযানৰ নতুন তথ্য পোহৰলৈ আহিছে। পাকিস্তানৰ পৰাই পোহৰলৈ অহা এই তথ্যত প্ৰকাশ পাইছে সাতটা অজ্ঞাত স্থানত আক্ৰমণ হোৱাৰ কথা।

Advertisment

তথ্য অনুসৰি যোৱা মে’ মাহত ৭ তাৰিখে চলোৱা আক্ৰমণত লক্ষ্য কৰি লোৱা হৈছিল পাকিস্তানত বাহৰ পাতি থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ। এই আক্ৰমণত পেছাৱৰ, আত্তক, বাহৱালনগৰ, চৌৰ, হায়দৰাবাদ (সিন্ধ), গুজৰাট আৰু ঝাং (পঞ্জাৱ) অঞ্চলত আঘাত কৰিছিল।

অপাৰেচন সিন্দূৰক প্ৰত্যাহ্বান জনাবলৈ পাকিস্তানে আৰম্ভ কৰা অপাৰেচন বুনিয়ান-উম-মৰছুছ সন্দৰ্ভত প্ৰস্তুত কৰা এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৮, ৯ আৰু ১০ মে’ত ভাৰতৰ ড্ৰোণ আক্ৰমণৰ গ্ৰাফিক বিৱৰণ আছে। 

ইয়াতে যিসমূহ স্থানৰ কথা উল্লেখ কৰা হৈছে সেই স্থানসমূহত লস্কৰ-ই-তৈবা, জৈইছ-ই-মহম্মদ, হিজবুল মুজাহিদ্দিনৰ ঘাটি আছিল। সেই সমূহৰ ভিতৰত মুৰিদকেৰ মাৰকাজ টাইবা, বাহৱালপুৰৰ মাৰকাজ সুবহান আল্লাহ, শিয়ালকোটৰ মেহমুনা জয়া ফেচিলিটি, বৰ্ণালৰ মাৰকাজ আহলে হাদিছ, মুজাফৰাবাদৰ ছাৱাই নাল্লা আদি। 

স্মৰ্তব্য, ভাৰতৰ অপাৰেচন সিন্দূৰৰ পিছতে যোৱা ৮, ৯ আৰু ১০ তাৰিখে পাকিস্তানে যি আক্ৰমণ কৰিছিল তাৰ প্ৰত্যুত্তৰত ভাৰতে পাকিস্তানৰ বায়ু সেনাৰ ঘাটি, বায়ু প্ৰতিৰক্ষা ব্যৱস্থা, নিয়ন্ত্ৰণ কেন্দ্ৰ আৰু ৰাডাৰ ছাইট আদি ধ্বংস কৰিছিল। 

অপাৰেচন সিন্দুৰ পাকিস্তান