বান সাহাৰ্য দিবলৈ যোৱা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত! মৃত্যু ৬

বান সাহাৰ্য দিবলৈ যোৱা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত! মৃত্যু ৬

author-image
asomiyapratidin
New Update
বান সাহাৰ্য দিবলৈ যোৱা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত! মৃত্যু ৬

ডিজিটেল ডেস্ক : বান সাহাৰ্য দিবলৈ গৈ দুৰ্ঘটনাগ্ৰস্ত হয় পাকিস্তানী সেনাৰ হেলিকপ্টাৰ। বেলুচিস্তানৰ লাচাবেলা অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হৈ পাকিস্তানৰ কোৱেট্টা কৰ্পৰ লেফটেনেন্ট কামাণ্ডৰ ছৰফৰাজকে ধৰি ৬জন পাকিস্তানী সেনা মৃত্যু হয়।

Advertisment

পাকিস্তানৰ বেলুচিস্তানৰ ২৯খন জিলাত ধাৰাসাৰ বৰষুণৰ ফলত এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। সেই বান বিধ্বস্ত অঞ্চল সমূহত সাহাৰ্য দিবলৈ গৈছিল পাকিস্তানী সেনাৰ দলটো।

স্থানীয় আৰক্ষীয়ে এই সন্দৰ্ভত জানিবলৈ দিয়ে যে চাচি পান্নো নামৰ পাহাৰীয়া অঞ্চলত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। সেই সময়ত এয়াৰ ট্ৰেফিক কন্ট্ৰল (ATC)ৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল পাকীস্তানী হেলিকপ্টাৰখনৰ।

তথ্য অনুসৰি বেলুচিস্তানৰ সেনায়ে ঘটনা সন্দৰ্ভত কোনোধৰণৰ মন্তব্য ব্যক্ত কৰা নাই। প্ৰাথমিক তথ্য অনুসৰি বেলুচিস্তানৰ বিদ্ৰোহীসকলে হেলিকপ্টাৰখনত গুলিবৰ্ষণ কৰিছিল বুলি উল্লেখ কৰা হৈছিল যদিও সঠিক তথ্যৰ বাবে বৰ্তমানেও তদন্ত অব্যাহত আছে।

আৰু পঢ়ক : হাটশিঙিমাৰী মহাবিদ্যালয়ত এন এছ এছৰ ১০ দিনীয়া যোগ কৰ্মশালা

pakistan pakistan helicopter helicopter accident balochistan pakistan army