সন্ত্ৰাসবাদৰ পৃষ্ঠপোষতা কৰি বিশ্ব মঞ্চত পুৰস্কৃত পাকিস্তান

পেহেলগাম আক্ৰমণৰ আৰু তাৰ পিছৰ অপাৰেচন সিন্দূৰৰ দৰে ঘটনাৰ পিছতো পাকিস্তানে এতিয়া ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ভিতৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
সন্ত্ৰাসবাদৰ পৃষ্ঠপোষতা কৰি বিশ্ব মঞ্চত পুৰস্কৃত পাকিস্তান

ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ এবাৰ বিফল হ’ল ভাৰতৰ দুৰ্বল বৈদেশিক নীতি! সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰ বিৰুদ্ধে বিশ্ব মঞ্চত প্ৰতিৰোধ গঢ়িব পৰাকৈ ভাৰতে পদক্ষেপ গ্ৰহণ কৰিব পাৰিব লাগিছিল যদিও তাৰ বিপৰীত এক দৃশ্য দেখিবলৈ পোৱা গৈছে।

Advertisment

২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণৰ আৰু তাৰ পিছত ৭ মে'ৰ পৰা আৰম্ভ হোৱা অপাৰেচন সিন্দূৰৰ দৰে ঘটনাৰ পিছতো পাকিস্তানে এতিয়া ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ভিতৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক হিচাপেই পৰিচিত পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ তালিবান নিষেধাজ্ঞা সমিতিৰ অধ্যক্ষতা কৰিবলৈ আগবাঢ়িছে।

তাৰোপৰি পাকিস্তানে ৰাষ্ট্ৰসংঘৰ  নিৰাপত্তা পৰিষদৰ ১৫ জনীয়া সদস্যৰে গঠিত সন্ত্ৰাসবাদ বিৰোধী সমিতিৰো উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব। বিশ্ব শান্তি আৰু সন্ত্ৰাসবাদ বিৰোধিতাৰে ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সংস্থা হৈছে তালিবান নিষেধাজ্ঞা সমিতি আৰু সন্ত্ৰাসবাদ বিৰোধী সমিতি। 

২০২৫ত তালিবান নিষেধাজ্ঞা সমিতিৰ অধ্যক্ষতা কৰিবলৈ আগবাঢ়িছে পাকিস্তান। তাৰোপৰি সন্ত্ৰাসবাদ বিৰোধী সমিতিৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব সন্ত্ৰাসবাদক সাৰ-পানী যোগানেৰে লালন-পালন কৰি অহা দেশখনে। 

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তানৰ এনে বৰ্ধিত প্ৰভাৱৰ পিছতে এতিয়া ভাৰত চৰকাৰৰ বৈদেশীক নীতিক লৈ প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ বিৰোধী দল কংগ্ৰেছে ভাৰত চৰকাৰক লক্ষ্য কৰি লৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে। 

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াই এই বিষয়টোক সমালোচনা কৰি কয়, তালিবানক আশ্ৰয় আৰু সুৰক্ষা দিয়া দেশখনে এতিয়া ৰাষ্ট্ৰসংঘৰ এখন সমিতিৰ নেতৃত্ব দিছে। তেওঁ কয়, আমি কেনেধৰণৰ বিশ্বজুৰি বিদ্ৰুপৰ সাক্ষী হৈ আছো? 

তেওঁৰ মতে নৰেন্দ্ৰ মোডী চৰকাৰৰ বৈদেশিক নীতিয়ে পাকিস্তানক একাষৰীয়া কৰিব পাৰিব লাগিছিল যদিও বিশ্ব মঞ্চত পুনৰ সংযোগ আৰু বৈধকৰণৰহে সূচনা কৰিছে। তেওঁ এক্সৰ জৰিয়তে সমালোচনা কৰি কয়, অপাৰেচন সিন্দূৰৰ পিছত বিশ্ব প্ৰতিষ্ঠান আৰু শক্তিসমূহে প্ৰৃততে পাকিস্তানক পুৰস্কৃতহে কৰিছে। 

উল্লেখ্য যে, অপাৰেচন সিন্দূৰ চলি থকাৰ মাজতে ৯ মে’ত আই এম এফে পাকিস্তানক আৰ্থিক সহায় প্ৰদান কৰিছিল। তাৰ পৰিৱৰ্তি সময়ত বিশ্ব বেংকে দেশখনক ৪০ বিলিয়ন ডলাৰ ঋণ দিয়াৰ কথা চিন্তা কৰিছে। 

এছিয়ান ডেভলেপমেণ্ট বেংকে যোৱা ৩ জুনত ৮০ কোটি ডলাৰৰ অনুমোদন জনাইছে। তাৰ পিছত এতিয়া পাকিস্তানক তালিবান নিষেধাজ্ঞা সমিতিৰ অধ্যক্ষ আৰু সন্ত্ৰাসবাদ বিৰোধী সমিতিৰ উপাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰিছে। 

এনে পৰিস্থিতিত পৱন খেড়াই এই গোটেই বিষয়সমূহক বিশ্ব মঞ্চত ভাৰতৰ বৈদেশীক নীতিৰ পতনৰ দুখজনক কাহিনী বুলি উল্লেখ কৰিছে। তাৰোপৰি তেওঁ বিশ্ব সম্প্ৰদায়ে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতাক কিদৰে নিৰন্তৰ বৈধকৰণৰ অনুমতি দিব পাৰে বুলিও প্ৰশ্ন কৰিছে।

মন কৰিবলগীয়া যে, এছিয়ান ডেভলপমেণ্ট বেংকে পাকিস্তানক আৰ্থিক সহায় কৰাৰ বিষয়টোত আপত্তি দৰ্শাইছিল ভাৰতৰ জ্যেষ্ঠ বিষয়াসকলে। নতুন দিল্লীয়ে এই ধনৰ অপব্যৱহাৰৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি ইছলামাবাদলৈ পুঁজি প্ৰদান বন্ধ কৰিবলৈ এছিয়ান ডেভলপমেণ্ট বেংকক আহ্বান জনাই আহিছিল। 

তাৰ পিছতো দেশখনে এই সংস্থাৰ পৰা আৰ্থিক সাহায্য লাভ কৰিলে। একেদৰে আই এম এফকো পাকিস্তানলৈ ঋণ প্ৰদান কৰাৰ ক্ষেত্ৰত আপত্তি দৰ্শাইছিল। তাৰ পিছতো আই এম এফে অপাৰেচন সিন্দূৰৰ মাজতে ঋণ প্ৰদান কৰিলে পাকিস্তানক। 

অপাৰেচন সিন্দূৰৰ সময়ত আৰু তাৰ পিছত পাকিস্তানৰে বহু কেইখন ৰাষ্ট্ৰই ঘনিষ্ঠতা বৃদ্ধি কৰিছে। কুৱেইটে ভিছাৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে, উপসাগৰীয় ৰাষ্ট্ৰসমূহে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। আনকি ৰাছিয়াৰ দৰে ভাৰতৰ বন্ধু ৰাষ্ট্ৰয়ো পাকিস্তানৰে ২.৬ বিলিয়ন ডলাৰৰ এক চুক্তিত স্বাক্ষৰ কৰিছে।

এনে ঘটনাক কাকতলীয় নহয় বুলি উল্লেখ কৰি কংগ্ৰেছে ইয়াক ভাৰতৰ কূটনৈতিক প্ৰভাৱ দুৰ্বল হোৱাৰ লক্ষ্যণ বুলি উল্লেখ কৰিছে। খেড়াৰ মতে অপাৰেচন সিন্দূৰৰ সময়ত বিশ্বজুৰি ভাৰতে সমৰ্থন আশা কৰিছিল যদিও তাৰ পৰিবৰ্তে বিশ্ব‌ই পাকিস্তানক পুৰস্কৃতহে কৰিছে বুলি উল্লেখ কৰিছে।

 

অপাৰেচন সিন্দুৰ ৰাষ্ট্ৰসংঘ পাকিস্তান