সিন্ধু চুক্তি বাতিল যুদ্ধৰ সমানঃ পাকিস্তানেও বাতিল কৰিলে ভাৰতৰে সকলো দ্বিপাক্ষীক সম্পৰ্ক...

ভাৰতে সিন্ধু জল চুক্তি বাতিল কৰাৰ পাছতে পাকিস্তানেও ভাৰতৰ সৈতে সকলো দ্বিপাক্ষীক সম্পৰ্ক বাতিল কৰাৰ কথা ঘোষণা কৰিছে।ইছলামবাদে ভাৰতৰ সৈতে দ্বিপাক্ষিক বাণিজ্য স্থগিত কৰিছে।

author-image
Asomiya Pratidin
New Update
সিন্ধু চুক্তি বাতিল যুদ্ধৰ সমানঃ পাকিস্তানেও বাতিল কৰিলে ভাৰতৰে সকলো দ্বিপাক্ষীক সম্পৰ্ক...

ডিজিটেল ডেস্কঃ ভাৰতে সিন্ধু জল চুক্তি বাতিল কৰাৰ পাছতে পাকিস্তানেও ভাৰতৰ সৈতে সকলো দ্বিপাক্ষীক সম্পৰ্ক বাতিল কৰাৰ কথা ঘোষণা কৰিছে।বৃহস্পতিবাৰে ইছলামবাদে ঘোষণা কৰিছে, ভাৰতৰ সৈতে সকলো দ্বিপাক্ষিক বাণিজ্য স্থগিত ৰখা হৈছে। 

Advertisment

পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব ভাৰতীয় বিমান। ইয়াৰ লগতে ভাৰতীয়ৰ পাকিস্তান যাত্ৰাৰ সকলো ভিছা বাতিল কৰা হৈছে। অৱশ্যে শিখ তীৰ্থযাত্ৰীসকলৰ বাবে পাকিস্তান প্ৰশাসনে বিশেষ ৰেহাই প্ৰদান কৰিব। 

উল্লেখ্য যে, পেহেলগামত পৰ্যটকৰ ওপৰত পাক মদদপুষ্ট সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছতে বৈঠকত মিলিত হয় নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটী। প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বাসগৃহত প্রায় ডেৰ-দুই ঘণ্টা ধৰি চলা এই বৈঠকতে কেইবাটাও ডাঙৰ সিদ্ধান্ত লোৱা হৈছিল।  

এই বৈঠকৰ অন্তত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সেই সিদ্ধান্তসমূহ ৰাজহুৱা কৰিছিল। তেওঁ জনাইছিল ভাৰতে পাকিস্তানৰ সৈতে থকা সিন্ধু জল চুক্তি বাতিল কৰিছে। ৱাগাহ-আটাৰী সীমান্তও ততাতৈয়াকৈ বন্ধ কৰা হৈছে। 

পাকিস্তানী লোকক প্ৰদান কৰা ভিছা বাতিলৰ উপৰিও যিসকল পাকিস্তানী লোক ভাৰতত আছিল তেওঁলোকক ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ কোৱা হৈছিল। ইয়াৰ উপৰিও ভাৰত আৰু পাকিস্তান উভয়ৰে উচ্চায়ুক্তৰ পৰা সামৰিক উপদেষ্টাক অপসাৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

ভাৰতৰ এই সিদ্ধান্তৰ প্ৰতিশোধ ল’বলৈকে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ সৈতে বৈঠকত মিলিত হয়। ইছলামবাদে ভাৰতৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ গৈ ৱাগাহ সীমান্ত বন্ধ কৰা, ভাৰতীয়ৰ বাবে পাকিস্তানী ভিছা বাতিল কৰা, উচ্চায়ুক্তৰ কৰ্মচাৰী প্ৰত্যাহাৰ কৰা আদি সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে ভাৰতৰ পৰা পাকিস্তানলৈ যোৱা শিখ তীৰ্থযাত্ৰীক ৰেহাই দিয়া হৈছে।

পাকিস্তানে ভাৰতৰ সৈতে সকলো বাণিজ্য বন্ধ কৰাৰ কথাও ঘোষণা কৰিছে। কোনো তৃতীয় দেশৰ জৰিয়তে ভাৰত-পাকিস্তানৰ বাণিজ্য চলিব নোৱাৰিব। আন আন বাণিজ্যিক চুক্তিকে ধৰি ছিমলা চুক্তিও বাতিল কৰা হয়। 

ভাৰতৰ মালিকানাধীন বা নিয়ন্ত্ৰিত বিমান সংস্থাৰ বিমান পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিব নোৱাৰিব। পাকিস্তানে সোঁৱৰাই দিছে সিন্ধু জল চুক্তি বাতিল কৰাটো যুদ্ধ ঘোষণা কৰাৰ সমান। স্বাভাৱিকভাৱে ইছলামবাদে অভিযোগ কৰিছে পেহেলগাম আক্ৰমণৰ বাবে পাকিস্তানক দোষাৰোপ কৰি ভাৰতে সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থৰ সেৱা আগবঢ়াইছে।

পেহেলগাম পাকিস্তান