পুনৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ'ব পলাতক নৱাজ শ্বৰিফ !

পুনৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ'ব পলাতক নৱাজ শ্বৰিফ !

author-image
Asomiya Pratidin
New Update
পুনৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ'ব পলাতক নৱাজ শ্বৰিফ !

পুনৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ'ব পলাতক নৱাজ শ্বৰিফ !

ডিজিটেল ডেস্কঃ পুনৰ স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিব প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফে ! স্বদেশলৈ ঘূৰি আহিয়েই পুনৰ ল’ব পূৰ্বৰ দায়িত্ব। হয়তো আকৌ তেওঁ বহিব পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পদত !

Advertisment

পাকিস্তানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বেহৱাজ শ্বৰিফে এই সন্দৰ্ভত দিছে এক ইংগিত। নৱাজ শ্বৰিফ স্বদেশলৈ ঘূৰি আহিলেই সলনি হৈ পৰিব পাকিস্তানৰ ৰাজনৈতিক মানচিত্ৰ।

পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এক আভ্যন্তৰীণ বৈঠকত শ্বেহৱাজ শ্বৰিফে নৱাজ শ্বৰিফ স্বদেশলৈ ঘূৰি অহাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে। এই বৈঠকত শ্বেহৱাজ শ্বৰিফে কৈছে, জ্যেষ্ঠ ভাতৃ নৱাজ শ্বৰিফ ঘূৰি আহিলেই পাকিস্তান মুছলিম লিগ-নৱাজৰ দায়িত্ব তেওঁৰ হাতত অৰ্পণ কৰিবলৈ চাব। আৰু যদি সেয়াই হয় তেনে ভৱিষ্যতে প্ৰধানমন্ত্ৰী পদতো পুনৰ তেওঁক দেখা পোৱাৰ সম্ভাৱনাই দেখা দিছে।

উল্লেখ্য, চলিত বছৰৰ শেষত পাকিস্তানত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। তাৰ পূৰ্বেই দলীয় বৈঠকত শ্বাহবাজ শ্বৰিফে কয় যে, নৱাজ শ্বৰিফ দেশলৈ ঘূৰি আহিলে ৰাজনৈতিক মানচিত্ৰ সম্পূৰ্ণ সলনি হৈ যাব। শ্বেহবাজ শ্বৰিফৰ এই মন্তব্যতে এতিয়া বহুতেই নৱাজ শ্বৰিফৰ প্ৰত্যাৱৰ্তনৰ ইংগিত বিচাৰি পাইছে পাক সংবাদ মাধ্যমে।

একেই ইংগিত বিচাৰি পাইছে পাকিস্তানৰ ৰাজনৈতিক বিশ্লেষকসকলে। স্মৰ্তব্য যে, পাকিস্তানৰ সংসদত পাছ হোৱা চুপ্ৰিম ক’ৰ্ট ৰিভিউ অফ জাজমেণ্ট এণ্ড অৰ্ডাৰ্ছ এক্ট-২০২৩ ত দেশখনৰ ৰাষ্ট্ৰপতি আৰিফ আলবিয়ে স্বাক্ষৰ কৰিছে।

এই আইনৰ বলতেই নৱাজ শ্বৰিফে তেওঁৰ বিৰুদ্ধে দিয়া ৰায়ৰ পুনৰ বিবেচনাৰ বাবে আৱেদন কৰিব। পানামা পেপাৰ কাণ্ডৰ বাবে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে পূৰ্বৰ প্ৰধানমন্ত্ৰীগৰাকীক ২০১৭ ৰ ২৮ জুলাইত দোষী সাব্যস্ত কৰি শাস্তি ঘোষণা কৰিছিল।

অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ স্বাস্থ্যৰ  অৱনতিৰ বাবে চিকিৎসাৰ অচিলাৰে দেশ এৰিছিল। তাৰ পাছৰ পৰা তেওঁ আৰু স্বদেশলৈ ঘূৰি অহা নাই। 

Also Read: ২৪.৫ লাখ টকাৰ নকল নোট জব্দ...

পাকিস্তান