/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/msp.png)
ডিজিটেল ডেস্ক: ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ সদৃশ পৰিৱেশৰ মাজতে ৰাছিয়া ভ্ৰমণ কৰিব পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে।ৰাছিয়ালৈ বুলি ২৩ ফেব্ৰুৱাৰীত উৰা মাৰিব ইমৰান খানে আৰু ২৬ ফেব্ৰুৱাৰীলৈ তেওঁ ৰাছিয়াতে থাকিব।
২৩ বছৰৰ অন্তত পাকিস্তানী প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিব ৰাছিয়া। ইয়াৰ পূৰ্বে ১৯৯৯ চনত প্ৰধানমন্ত্ৰী নবাজ শ্বৰীফে ৰাছিয়া ভ্ৰমণৰ বাবে গৈছিল। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী গৰাকীক ইতিমধ্যে আমন্ত্ৰণ জনাইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমাৰ পুটিনে। এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে পাকিস্তানৰ বিদেশ মন্ত্ৰালয়ে।
বৰ্তমান সময়ত আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপতত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা উত্তেজনাই বিশেষ চৰ্চা লাভ কৰি আছে। ইতিমধ্যে ৰাছিয়াই অতিশীঘ্ৰেই ইউক্ৰেইন আক্ৰমণ কৰাৰ আশংকা কৰা হৈছে। ইয়াৰ মাজতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ ৰাছিয়া ভ্ৰমণে আমিৰিকা আৰু ৰাছিয়াৰ বন্ধু ৰাষ্ট্ৰ ভাৰতৰ ওপৰত কি প্ৰভাৱ পেলাব সেয়া হ'ব লক্ষণীয়।