Advertisment

ভূ-গৰ্ভত স্বৰ্ণ ভাণ্ডাৰঃ সলনি হৈ যাব পাৰে চুবুৰীয়া পাকিস্তানৰ চেহেৰা...

২০১৫ চনতে পাকিস্তানৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী নাৱজ শ্বৰীফে ঘোষণা কৰিছিল দেশখনৰ পঞ্জাৱ প্ৰদেশৰ চিনিওট চহৰত লোহা, তাম আৰু সোণৰ বিশাল ভাণ্ডাৰ পোৱা গৈছে।

author-image
Asomiya Pratidin
New Update
ভূ-গৰ্ভত স্বৰ্ণ ভাণ্ডাৰঃ সলনি হৈ যাব পাৰে চুবুৰীয়া পাকিস্তানৰ চেহেৰা...

 ডিজিটেল ডেস্কঃ চুবুৰীয়া পাকিস্তানৰ এটা বিশাল অঞ্চলৰ ভূ-গৰ্ভত সোণৰ বিশাল ভাণ্ডাৰ থকাৰ দাবী যোৱা দীৰ্ঘসময় ধৰি উত্থাপন হৈ আহিছে। ২০১৫ তেতিয়াৰ প্ৰধানমন্ত্ৰী নাৱজ শ্বৰীফে ঘোষণা কৰিছিল দেশখনৰ পঞ্জাৱ প্ৰদেশৰ চিনিওট চহৰত লোহা, তাম আৰু সোণৰ বিশাল ভাণ্ডাৰ পোৱা গৈছে।

Advertisment

নতুনকৈ আৱিষ্কাৰ হোৱা এই বিশাল সম্পদৰ ভাণ্ডাৰে দেশখনৰ অৰ্থনীতিৰো পৰিবৰ্তন সাধিব বুলি দাবী কৰিছিল শ্বৰীফে। ইয়াৰ পাছতে এই অঞ্চলটোত এই সম্পৰ্কীয় খনন আৰু গৱেষণা অব্যাহত আছে।

তাৰ মাজতে অতি শেহতীয়াকৈ দেশখনৰ পঞ্জাৱ প্ৰদেশৰ খনন মন্ত্ৰী শ্বেৰ আলী গোৰ্চানিয়ে আকৌ দাবী কৰিছে প্ৰদেশখনৰ আট্টাকত প্ৰায় ৭০০ বিলিয়ন পাকিস্তানী টকাৰ সোণৰ ভাণ্ডাৰ আছে।

সোণৰ সাম্ভাব্য ভাণ্ডাৰ

স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি আট্টকৰ ৩২ কিলোমিটাৰ এলেকাত প্ৰায় ২৮ লাখ তোলা সোণৰ উপস্থিতি ধৰা পৰিছে। পাকিস্তানৰ জিঅলজিকেল ছাৰ্ভে (জি এছ পি)-এ এই অঞ্চলত পৰীক্ষা চলাই সোণৰ উপস্থিতি নিশ্চিত কৰিছে।

জি এছ পিয়ে ২০২২-২৩ চনৰ প্ৰতিবেদনত উল্লেখ কৰিছিল, গিলগিত-বালতিস্তান, আট্টক আৰু খাইবাৰ পাখতুনখাওৱা অঞ্চলত সোণ আৰু তামৰ ভাণ্ডাৰৰ সন্ধান পোৱা গৈছে। বিশেষকৈ চিত্ৰাল, স্বাত আৰু বান্নু অঞ্চলত প্লেছাৰ গোল্ডৰ উপস্থিতি চিনাক্ত কৰাৰ বাবে জিঅলজিকেল মেপিং চলোৱা হৈছে।

ৰেকোডিক আৰু চেণ্ডক প্ৰকল্পৰ ভূমিকা

চুবুৰীয়া দেশখনৰ বেলুচিস্তানৰ ৰেকোডিক আৰু চেণ্ডক খনিৰ প্ৰকল্পসমূহে পাকিস্তানৰ সোণৰ সম্পদৰ ক্ষেত্ৰত উল্লেখযোগ্য  ভূমিকা পালন কৰি আহিছে। চেণ্ডক প্ৰকল্পত চীনৰ প্ৰতিষ্ঠানৰ সহযোগিতাত প্ৰতি বছৰে প্ৰায় ১১,৫০০ কিলোগ্ৰাম সোণ আৰু ১০০০ কিলগ্ৰাম ৰূপ আহৰণ কৰে।

বেলুচিস্তানৰ ছাগাই অঞ্চলৰ ৰেকোডিক প্ৰকল্পত বিশ্বৰ অন্যতম বৃহৎ তাম আৰু সোণৰ ভণ্ডাৰ আছে। ২০২২ চনত কানাডাৰ কোম্পানী বেৰিক গোল্ডে ৰেকোডিক প্ৰকল্পত পুনৰ কাম আৰম্ভ কৰাৰ এক চুক্তি সম্পন্ন কৰিছে। তেওঁলোকৰ লক্ষ্য ২০২৮  চনৰ ভিতৰত ইয়াত উৎপাদন আৰম্ভ কৰা।

চিনিয়েটৰ খনি 

২০১৫ চনত চিনিয়েটৰ সোণ আৰু তামৰ ভাণ্ডাৰ পোৱাৰ কথা কোৱা হৈছিল। পাকিস্তান মিনাৰেল কৰ্পোৰেচনৰ তথ্য অনুসৰি এই অঞ্চলত ২৬১.৫ মিলিয়ন টন উচ্চমানৰ লোহা আৰু ৩৬.৫ মিলিয়ন টন তাম আছে। সেয়ে ইয়াৰ পৰা কিমান সোণ আহৰণ সম্ভৱ সেয়া এতিয়াও পৰিষ্কাৰ হোৱা নাই। 

নদীৰ পৰা সোণৰ কণা আহৰণ

উত্তৰ পাকিস্তানৰ ইগনিয়াছ আৰু মেটামৰফিক পাথৰৰ পাহাৰীয়া অঞ্চলৰ পৰা বৈ অহা নদীসমূহত সোণৰ কণাৰ উপস্থিতি পোৱা গৈছে। বিশেষজ্ঞসকলৰ মতে উত্তৰ অঞ্চলৰ পাহাৰীয়া অঞ্চলত প্লেছাৰ গোল্ডৰ সম্ভাৱনা বেছি। গিলগিত আৰু তাৰ আশেপাশে অঞ্চলসমূহত গৱেষাৰ জৰিয়তে সোণৰ উপস্থিতি নিশ্চিত কৰা হৈছে।

সীমাবন্ধতা আৰু ভৱিষ্যত সম্ভাৱনীয়তা

বিবিচিৰ এক প্ৰতিবেদনত এই সম্পৰ্কীয় গৱেষণাৰ অভিজ্ঞতাৰে অভিজ্ঞ ড০ এহতেছাম ইছলাম আৰু ড০ আদনান খানে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কয়, পাকিস্তানত সোণৰ খনন, উদ্যোগ আৰু গৱেষণাৰ ক্ষেত্ৰত বিভাগসমূহৰ মাজত সমন্বয়ৰ অভাৱ হৈছে। সেয়ে দেশখনৰ খনিজ সম্পদসমূহ সম্পূৰ্ণৰূপে কামত লগাব পৰা নাই। 

যদিও চাগাই আৰু উত্তৰ বেলুচিস্তানত তাম আৰু সোণৰ উপস্থিতি আশাব্যঞ্জক, তথাপিও এইসমূহৰ ঔদ্যোগিক ব্যৱহাৰৰ বাবে আৰু ইয়াক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ মুখ্য বিনিয়োগ আৰু উন্নত প্ৰযুক্তিৰ প্ৰয়োজন। পাকিস্তানৰ খনিজ সম্পদৰ সঠিক ব্যৱহাৰে দেশৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব পাৰে। অৱশ্যে, ইয়াৰ বাবে অধিক গৱেষণা, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু প্ৰযুক্তিগত বিকাশ অপৰিহাৰ্য বুলিও দাবী কৰিছে বিশেষজ্ঞ দুগৰাকীয়ে।

 

পাকিস্তান