/asomiyapratidin/media/media_files/2025/05/10/cEGEPi4QR76yOnL39Ahl.jpg)
ডিজিটেল ডেস্কঃ সুৰ সলনি হৈছে পাকিস্তানৰ। সন্ত্ৰাসবাদক সমৰ্থন কৰি ভাৰতৰ বিৰুদ্ধে বাৰে বাৰে আক্ৰমণৰ চেষ্টা অব্যাহত ৰখা পাকিস্তানক ভাৰতীয় সেনাই যথোচিত প্ৰত্যুত্তৰ দিছ। ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰত দিশহাৰা হৈছে পাকিস্তান।
অৰ্থনৈতিক ভাৱে বিধ্বস্ত হৈ থকা পাকিস্তানৰ পক্ষে ভাৰতৰ সৈতে অধিক সময় যুদ্ধ কৰি থকাটো সম্ভৱ নহয় বুলি পাকিস্তানে নিজেই অনুভৱ কৰিছে। মিত্ৰ ৰাষ্ট্ৰলৈ ভাৰতৰ বিৰু্দ্ধে যুদ্ধ কৰিবলৈ সহায় বিচাৰিও বিফল হৈছে পাকিস্তান। চীন, আমেৰিকা আদি দেশসমূহে উত্তেজনা হ্ৰাস কৰি আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাইছে।
এনে পৰিস্থিতিত পূৰ্বে ভাৰতৰ বিৰুদ্ধে বৰ বৰ কথা কোৱা পাকিস্তানে এতিয়া সুৰ সলনি কৰিবলৈ বাধ্য হৈছে। দেশখনৰ বৈদেশিক মন্ত্ৰী ইছাক দাৰে এইবাৰ চৰ্ত আৰোপ কৰি আক্ৰমণ বন্ধ কৰিবলৈ সাজু হোৱাৰ কথা ঘোষণা কৰিছে।
সংবাদ সংস্থা ৰয়টাৰে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছাক দাৰৰ উধৃতিৰে কয়, ভাৰতে ‘আক্ৰমণ’ বন্ধ কৰিলে পাকিস্তানেও ‘আক্ৰমণ’ বন্ধ কৰিব।
দাৰে দাবী কৰিছে ভাৰতে পুনৰ ‘আক্ৰমণ’ কৰিলে পাকিস্তানে ইয়াৰ প্ৰত্যুত্তৰ দিব। পাকিস্তানৰ সংবাদ মাধ্যম জিঅ’ নিউজৰ আগতো দাৰে এই কথা উল্লেখ কৰি কয় যে, এই বিষয়ে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’কো জনাইছে। তেওঁ কৈছে "আমাৰ ধৈৰ্য্য শেষ হৈছে। সেয়েহে আমি উত্তৰ দিছো। যদি তেওঁলোকে আক্ৰমণ বন্ধ কৰে, আমিও আক্ৰমণ বন্ধ কৰাৰ কথা বিবেচনা কৰিম।"
কিন্তু লক্ষ্যণীয় ভাৱে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আগ্ৰাসী ৰূপত আক্ৰমণ আৰম্ভ কৰা নাই। ভাৰতীয় সেনাই পাকিস্তানে বাৰে বাৰে কৰি অহা প্ৰৰোচনাক প্ৰত্যুত্তৰ দিয়াৰ সমান্তৰালকৈ সন্ত্ৰসাবাদীৰ ঘাটিকহে ধ্বংস কৰিছে। পাকিস্তানৰ পৰা নিক্ষেপ কৰা মিছাইল, ড্ৰোণ আদি মাজ আকাশতে ধ্বংস কৰিছে।
পাকিস্তানৰ কোনো সাধাৰন বসতিক লক্ষ্য কৰি মিছাইল, ড্ৰোণ আদি আক্ৰমণ কৰা নাই। কিন্তু পাকিস্তানে ভাৰতৰ সাধাৰণ নাগৰিককো লক্ষ্য কৰি লৈ মিছাইল, ড্ৰোণেৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। তাৰ পাছতো পাকিস্তানে ভাৰতেহে আক্ৰমণ কৰাৰ কথা কৈ ভাৰতে পিছুৱালে তেওঁলোকো পিছুৱাব বুলি ভাৰতলৈ বল ঠেলিছে।
উল্লেখ্য যে, ২২ এপ্ৰিলত পেহেলগাম সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ পিছতে ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা তীব্ৰতৰ হৈছিল। এই ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছে পাকিস্তান। বাৰে বাৰে এই কথাৰ স্পষ্ট প্ৰমাণ পোৱা গৈছে যদিও পাকিস্তানে অৱশ্যে অস্বীকাৰ কৰি আহিছে।
ইফালে যোৱা ৭ মে’ত ভাৰতীয় সেনাই অপাৰেচন সিন্দূৰৰ জৰিয়তে পাকিস্তানৰ মুঠ ৯ টাকৈ সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰিছিল। পাকিস্তানে এই আক্ৰমণত তেওঁলোকৰ সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা বুলি দাবী কৰিছিল যদিও ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই দাবী অস্বীকাৰ কৰিছে।
বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে স্পষ্ট কৰি দিছে ভাৰতীয় সেনাই পাকিস্তানত থকা সন্ত্ৰাসবাদী শিবিৰসমূহহে বাছনি কৰি ধ্বংস কৰিছিল। মিশ্ৰীয়ে লগতে এই কথাও স্পষ্টকৈ কয় সমগ্ৰ বিশ্বতে পাকিস্তানৰ সন্ত্ৰাসবাদৰে সম্পৰ্ক থকাৰ প্ৰমাণ আছে। পাকিস্তানৰ এবটাবাদতেই আল কায়দাৰ প্ৰাক্তন মুৰব্বী ওছামা বিন লাডেনে আত্মগোপন কৰি আছিল। আমেৰিকাৰ সেনাই তাতেই তেওঁক নিঃশেষ কৰিছিল।
মিশ্ৰীয়ে লগতে এই কথাও উনুকিয়াই দিয়ে যে, ভাৰতীয় সেনাৰ অভিযানত নিহত উগ্ৰপন্থীৰ কফিন পাকিস্তানৰ জাতীয় পতাকাত মেৰিয়াই থোৱা আছিল। পাকিস্তানত এনেদৰেই সন্ত্ৰাসবাদীক মৰ্যাদা দিয়া হৈছিল।
এইবাৰ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছাক দাৰে ভাৰতেহে আক্ৰমণ কৰা বুলি প্ৰকাৰন্তৰে কবলৈ গৈ এই যুক্তি দিছে যে ভাৰতে আক্ৰমণ বন্ধ কৰিলে তেওঁলোকেও বন্ধ কৰিব। স্মৰ্তব্য যে, শনিবাৰে পুৱা আমেৰিকাৰ বিদেশ মন্ত্ৰী ৰুবিঅ’ৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিছিল পাকিস্তানৰ সেনা প্ৰধান অছিম মুনিৰে।
এই বাৰ্তালাপৰ সময়তো আমেৰিকাই উত্তেজনা হ্ৰাস কৰি আলোচনাৰ পথৰ সন্ধান কৰিবলৈ আহ্বান জনাইছিল। তেতিয়াই পাকিস্তানে ভাৰতৰ গালৈ বিষয়টো ঠেলি দিছে।