/asomiyapratidin/media/media_files/2025/04/28/Zm7vKEvsFRIivbBnFvxd.jpg)
ডিজিটেল ডেস্কঃ ভাৰত সম্পৰ্কে কোনোধৰণৰ মন্তব্য নকৰিবলৈ দেওবাৰে নৱাজ শ্বৰিফে প্ৰধানমন্ত্ৰী ভাতৃ শ্বেহবাজ শ্বৰিফক পৰামৰ্শ দিয়াৰ লগতে দেশখনৰ অন্যান্য নেতা, মন্ত্ৰীৰো মুখ বন্ধ কৰিবলৈ পৰামৰ্শ দিছিল। সেই পৰামৰ্শক শ্বেহবাজ শ্বৰিফে গুৰুত্বসহকাৰে লৈছে যদিও দেশখনৰ একাংশ বহুবল্কী নেতাৰ এতিয়াও মুখ বন্ধ হোৱা নাই।
সোমবাৰে ৰয়টাৰ্ছৰ আগত দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা মহম্মদ আছিফে পুনৰ উচতনিমূলক মন্তব্য কৰাহে পৰিলক্ষিত হৈছে। খোৱাজা আছিফে ৰয়টাৰ্ছৰ আগত কয়, পেহলগামৰ ঘটনাৰ পাছত ভাৰতৰ সামৰিক আগ্ৰাসন ঘটিছে। সেয়ে দুয়োখন পাৰমাণৱিক অস্ত্ৰধাৰী দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।
উল্লেখ্য যে, ২২ এপ্ৰিলত পাক মদদপুষ্ট সন্ত্ৰাসবাদীয়ে ২৬ জনকৈ পৰ্যটক আৰু এগৰাকী স্থানীয় লোকক হত্যা কৰাৰ পাছতে সমগ্ৰ দেশজুৰি পাকিস্তানৰ বিৰুদ্ধে জনমত গঠন হৈছে। সকলোৱেই বিচাৰিছে পাকিস্তানৰ বিৰুদ্ধে এক শক্তিশালী পদক্ষেপ গ্ৰহণৰ। সমান্তৰালকৈ বিশ্বৰ অন্যান্য ৰাষ্ট্ৰসমূহেও ভাৰতৰ পক্ষে মত প্ৰকাশ কৰিছে।
এনে সময়তে বাৰে বাৰে অসত্যৰ আশ্ৰয় লৈ পাকিস্তানে নিজকে যিমানে পাৰি এই ঘটনাৰ পৰা আঁতৰাই ৰাখিবলৈ ব্যৰ্থ চেষ্টা অব্যাহত ৰাখিছে। ইছলামাবাদৰ নিজা কাৰ্যালয়ত ৰয়টাৰ্ছৰ আগত দিয়া এক সাক্ষাৎকাৰত প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা মহম্মদ আছিফে কয়, আমি আমাৰ সেনা বাহিনীক শক্তিশালী কৰিছো। বৰ্তমানৰ পৰিস্থিতিত কিছুমান কৌশলগত সিদ্ধান্ত ল’ব লাগিব।
আছিফে আৰু কয় ভাৰতীয় সেনাই যথেষ্ট আগ্ৰাসী ৰূপ ধাৰণ কৰিছে। সেয়ে পাকিস্তানৰ সেনাই সাম্ভাব্য আক্ৰমণৰ বিষয়ে চৰকাৰক অৱগত কৰিছে। অৱশ্যে তেওঁ ভাৰতীয় সেনাই সীমান্তত কিদৰে আগ্ৰাসী ৰূপ ধাৰণ কৰিছে সেই বিষয়ে সবিস্তাৰে উল্লেখ কৰাৰ পৰা বিৰত থাকে।
তথ্য, প্ৰমাণ অবিহনে কেৱল অভিযোগ উত্থাপন কৰিয়েই পাকিস্তানক নিৰ্দোষী প্ৰমাণ কৰিবলৈ উঠিপৰি লাগিছে। ইফালে ভাৰতে পেহেলগাম আক্ৰমণৰ সৈতে জড়িত চাৰি সন্ত্ৰাসবাদীৰ ভিতৰত দুগৰাকী পাকিস্তানী বুলি চিনাক্ত কৰাৰ পাছতো সেই দুই সন্ত্ৰাসবাদী পাকিস্তানৰ নহয় বুলিও অসত্যৰ আশ্ৰয় লৈছে খোৱাজা ছৰিফে।
তেওঁ ৰয়টাৰ্ছৰ আগত কয়, ভাৰতে দুজন সন্দেহযুক্ত উগ্ৰপন্থীক পাকিস্তানী বুলি চিনাক্ত কৰিছে। ইছলামাবাদে এয়া অসত্য বুলি উল্লেখ কৰি নিৰপেক্ষ তদন্তৰ দাবী কৰিছে। তাৰোপৰি এইগৰাকী পাক মন্ত্ৰীয়ে ৰয়টাৰ্ছৰ জৰিয়তে ভাৰতক পাৰমাণৱিক আক্ৰমণৰো ভাবুকি দিছে।
তেওঁ কয় পাকিস্তান হাই এলাৰ্টত আছে। আমাৰ অস্তিত্বৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি আহিলে আমি নিজৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ ব্যৱহাৰ কৰিবলৈ প্ৰস্তুত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us