পাকিস্তানৰ বিৰুদ্ধে ৫ উইকেটত পৰাস্ত হ’ল ভাৰত…

পাকিস্তানৰ বিৰুদ্ধে ৫ উইকেটত পৰাস্ত হ’ল ভাৰত…

author-image
asomiyapratidin
New Update
LIVE UPDATE- INDIA VS PAKISTAN: যুঁজ কৰিও পৰাস্ত হ’ল ভাৰত…

ডিজিটেল ডেস্কঃ পাকিস্তানৰ হাতত পৰাস্ত হ'ল ভাৰত। এছিয়া কাপৰ আজিৰ মেচত টছত জয়লাভ কৰি ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনোৱা পাকিস্তানে ১৯.৫ অভাৰত নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈ বিজয় সাব্যস্ত কৰে। বিৰাট কোহলিৰ সৰ্বাধিক ৪০ বলত ৬০ ৰাণৰ সহায়ত ভাৰতে ১৮১ ৰাণ কৰিবলৈ সক্ষম হয়।

ইয়াৰ পিছতে ১৮২ ৰাণৰ লক্ষ্য লৈ খেলপথাৰত নমা পাকিস্তানে আৰম্ভণিৰে পৰা খেল পথাৰত ভাৰতীয় বলাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। প্ৰতিজন বলাৰকে পাকিস্তানী ক্ৰিকেটাৰ সহজ ভাৱে লৈ দলীয় স্ক'ৰ সঠিক ভাৱেই আগবঢ়াই নিবলৈ সক্ষম হয়।

পাকিস্তানৰ হৈ সৰ্বাধিক মহম্মদ ৰিজৱানে ৫১ বলত ৭১ ৰাণৰ ইনিংছ খেলে। সমান্তৰালকৈ মহম্মদ নাৱাজে মাত্ৰ ২০ টা বলতে ৪২ ৰাণৰ ইনিংছ খেলি দলটোক বিজয়ৰ দিশে আগবঢ়াই নিয়ে। পৰিশেষত দলটোৱে ৫ উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়।