'মুখ বন্ধ ৰখা, বাকীবোৰকো মুখ বন্ধ কৰি ৰাখিবলৈ কোৱা'- পাক প্ৰধানমন্ত্ৰীক জ্যেষ্ঠ ভাতৃৰ পৰামৰ্শ

ভাৰতৰ এনে তৎপৰতা প্ৰত্যক্ষ কৰিয়েই বিপদত পৰি জ্যেষ্ঠ ভাতৃ তথা পূৰ্বৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফৰ কাষলৈ মন্ত্ৰণা বিচাৰি দৌৰিবলৈ বাধ্য হৈছে শ্বেহবাজ শ্বৰিফ।

author-image
Tushar Pratim
New Update
'মুখ বন্ধ ৰখা, বাকীবোৰকো মুখ বন্ধ কৰি ৰাখিবলৈ কোৱা'- পাক প্ৰধানমন্ত্ৰীক জ্যেষ্ঠ ভাতৃৰ পৰামৰ্শ

ডিজিটেল ডেস্কঃ ‘নিজেও মুখ বন্ধ ৰখা আৰু দেশৰ অন্যান্য নেতা, মন্ত্ৰীকো মুখ বন্ধ কৰি ৰাখিবলৈ কোৱা’।– কাৰ্গিল যুদ্ধৰ অভিজ্ঞতাৰে পুষ্ট নৱাজ শ্বৰিফে এই পৰামৰ্শ দিছে নিজ ভাতৃ তথা পাকিস্তানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰিফক। 

Advertisment

পেহেলগাম আক্ৰমণৰ পাছত ভয়াৱহ চাপত পৰিছে পাকিস্তান। এফালে দিনে, নিশাই ভাৰতে কোন সময়ত, কেনে ধৰণৰ শক্তিশালী প্ৰত্যুত্তৰ আগবঢ়াই সেই চিন্তাই দেশখনৰ সামৰিক বাহিনীৰ পৰা আৰম্ভ কৰি শাসকীয় চৰকাৰৰ প্ৰধানমন্ত্ৰীলৈ সকলোকে যিদৰে খুলি খুলি খাইছে ঠিক সেইদৰেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো দেশখন পুনৰ এবাৰ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক বুলি স্পষ্টকৈ প্ৰমাণ হৈ গৈছে। 

এনে পৰিস্থিতিত পাকিস্তানৰ কাৰণে স্বাভাৱিক অৱস্থা অতি জৰুৰী হৈ পৰিছে। পেহেলগাম আক্ৰমণৰ পাছত ভাৰত-পাকিস্তানৰ মাজৰ উত্তেজনা তীব্ৰতৰ হৈ পৰিছে। ভাৰতত বিৰোধী ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি সাধাৰণ নাগৰিকলৈ সকলোৱে বিচাৰিছে পাকিস্তানৰ বিৰুদ্ধে কঠোৰতকো কঠোৰ ব্যৱস্থা। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহেও দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে। সেই মতেই গ্ৰহণ কৰা হৈছে একাধিক কূটনৈতিক সিদ্ধান্ত। 

ভাৰতৰ এনে তৎপৰতা প্ৰত্যক্ষ কৰিয়েই বিপদত পৰি জ্যেষ্ঠ ভাতৃ তথা পূৰ্বৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফৰ কাষলৈ মন্ত্ৰণা বিচাৰি দৌৰিবলৈ বাধ্য হৈছে শ্বেহবাজ শ্বৰিফ। ভাতৃ শ্বেহবাজক নৱাজে এই সময়ত ভাৰতৰ ক্ষেত্ৰত পৰাপক্ষত মুখ বন্ধ কৰি ৰাখিবলৈকে পৰামৰ্শ দিছে।  

পাকিস্তানৰ সংবাদ মাধ্যম 'দ্য এক্সপ্ৰেছ ট্ৰিবিউন'ত প্ৰকাশিত এক খবৰ অনুসৰি নৱাজ শ্বৰিফে ভাতৃ শ্বেহবাজ শ্বৰিফক এই সময়ত ভাৰত বিৰোধী মন্তব্যৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে। খবৰ অনুসৰি দেওবাৰে নৱাজ শ্বৰিফক সাক্ষাৎ কৰিবলৈ গৈছিল শ্বেহবাজ শ্বৰিফ।

যোৱা কিছু মাহ ধৰি লাহোৰৰ নিজ ঘৰতেই আছে এসময়ত দেশৰ পৰা বিতাৰণ হোৱা নৱাজ শ্বৰিফ। তাতেই তেওঁক সাক্ষাৎ কৰে শ্বেহবাজে। সেই সময়ত তেওঁলোকৰ সৈতে উপস্থিত আছিল পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী মাৰিয়ম নৱাজো।

ইয়াতেই নৱাজ শ্বৰিফে পেহেলগাম কাণ্ডৰ পাছত সৃষ্টি হোৱা পৰিবৰ্তিত এই পৰিস্থিতিত ভাৰত-পাকিস্তানৰ সম্পৰ্ক যিকোনো কাৰণতে স্বাভাৱিক কৰাৰ পৰামৰ্শ দিছে শ্বেহবাজক। খবৰ অনুসৰি ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা কমিটীয়ে কি কি পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়ে অৱগত কৰিছে। 

তাৰ পাছতেই নৱাজ শ্বৰিফে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কিছু পৰামৰ্শ আগবঢ়াইছে। নৱাজ শ্বৰিফে এই মুহূৰ্তত সামৰিক যুদ্ধৰ দৰে কথাৰ পৰিবৰ্তে কূটনৈতিক পথকেই অনুসৰণ কৰাৰ পৰামৰ্শ আগবঢ়াইছে আৰু উত্তেজনা হ্ৰাস কৰিবলৈ পৰামৰ্শ দিছে। 

নৱাজ শ্বৰিফৰ মতে দুই দেশৰ মাজৰ এই সমস্যা সমাধান কৰিব পাৰি। নৱাজ শ্বৰিফৰ এক ঘনিষ্ঠ সূত্ৰৰ আধাৰত প্ৰকাশিত সেই বাতৰিত লগতে এই কথাও কোৱা হৈছে নৱাজ শ্বৰিফে বিচাৰিছে দুই দেশৰ মাজত শান্তি ঘূৰি অহাতো।

২২ এপ্ৰিলত সংঘটিত হোৱা পেহেলগাম আক্ৰমণৰ পাছত ভাৰতে লোৱা একাধিক স্থিতিক সমালোচনা কৰি পাকিস্তানে প্ৰথমে দাবী কৰিছিল এই আক্ৰমণৰ সৈতে পাকিস্তান কোনো কাৰণতে জড়িত নহয়। কিন্তু পৰৱৰ্তী সময়ত সেই পাকিস্তানেই ঘটনাৰ তদন্তক সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দি তেওঁলোকৰ দুমুখীয়া স্থিতি স্পষ্ট কৰিছে। 

বাৰে বাৰে দেশখনৰ স্থিতি সলনি হোৱাত বুজিবলৈ কাৰো বাকী নাই কিদৰে সন্ত্ৰাসবাদক সুৰক্ষা দিয়াত উঠিপৰি লাগিছে পাকিস্তান। এই পৰিস্থিতিত কেইবাজনো পাকিস্তানী মন্ত্ৰী তথা ৰাজনৈতিক নেতাই ভাৰত বিৰোধী মন্তব্য দি ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক যুদ্ধৰো হুংকাৰ দিছে। 

এইসকল নেতা, মন্ত্ৰীৰ মুখ শীঘ্ৰেই বন্ধ কৰাৰ ব্যৱস্থা কৰিবলৈ শ্বেহবাজ শ্বৰিফক একপ্ৰকাৰে নিৰ্দেশই দিছে নৱাজ শ্বৰিফে। উল্লেখ্য যে, ভাৰতে পেহেলগাম আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে সিন্ধু জল চুক্তি বাতিল কৰাৰ লগতে বাণিজ্যিক সম্পৰ্ক, ভিছা আদি বাতিল কৰিছে। একেদৰেই পাকিস্তানেও ভাৰতৰ সৈতে ছিমলা চুক্তি আৰু বাণিজ্যিক সম্পৰ্ক বাতিল কৰিছে। 

তাৰ মাজতেই পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে ভাৰতকহে দোষাৰোপ কৰি ভাৰতে পাকিস্তানৰ সমস্যা বৃদ্ধি কৰিবলৈ এই আক্ৰমণ কৰা বুলি দাবী কৰিছিল। একেদৰে পাকিস্তান চৰকাৰৰ আন এগৰাকী মন্ত্ৰী হানিফ আব্বাছিয়ে ভাৰতৰ বিৰুদ্ধে হুংকাৰ দিছিল পৰামাণু যুদ্ধৰ। 

বিলৱাল ভূট্টো জৰদাৰিয়েও ভাৰতে সিন্ধু নদীৰ পানী বন্ধ কৰিলে সেই পানীৰে ভাৰতীয় তেজ বৈ যাব বুলি ভাবুকি দিছে। পাকিস্তানৰ একাংশ নেতা, মন্ত্ৰীৰ এনে মন্তব্যত অসন্তুষ্ট পূৰ্বৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফ। তেওঁ যিকোনো পৰিস্থিতিত এই নেতাসকলৰ মুখ বন্ধ কৰাৰ ব্যৱস্থা কৰিবলৈ শ্বেহবাজক পৰামৰ্শ দিছে। 

স্মৰ্তব্য, ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী আছিল নৱাজ শ্বৰিফ। কাৰ্গিল যুদ্ধত ভাৰতৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ সেই অভিজ্ঞতা তেওঁ এতিয়াও পাহৰা নাই। আনকি তেওঁ এই কথাও কিছু বছৰ পূৰ্বে স্বীকাৰ কৰিছে ভাৰতৰ বিৰুদ্ধে তেওঁ কাৰ্গিল যুদ্ধ বিচৰা নাছিল।

সেই সময়ৰ সেনা প্ৰধান পাৰভেজ মুছাৰফৰ বাবেহে কাৰ্গিল যুদ্ধ হৈছিল আৰু ভাৰতৰ বিৰুদ্ধে পৰাজয়ৰ সোৱাদ ল’বলগীয়া হৈছিল। সেই যুদ্ধৰ পক্ষত অৱস্থান নকৰাৰ বাবেই হেনো তেওঁ ক্ষমতাৰ পৰা আঁতৰিবলগীয়াও হৈছিল।

সেইগৰাকী নৱাজ শ্বৰিফেই এতিয়া তেওঁৰ প্ৰধানমন্ত্ৰী ভাতৃ শ্বেহবাজ শ্বৰিফক ভাৰতৰ ক্ষেত্ৰত কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে সেই সম্পৰ্কে মন্ত্ৰণা দিছে। নৱাজ শ্বৰিফে স্পষ্টকৈ বুজাই দিছে ভাৰতৰ বিৰুদ্ধে এইধৰণৰ কথা, বতৰাই কিদৰে দেশখনক ক্ষতি কৰিব। 

 

জম্মু কাশ্মীৰ পাকিস্তান পেহেলগাম