পি ভি সিন্ধুৰ প্ৰি-কোৱাটাৰ ফাইনেলত সহজ জয়…

পি ভি সিন্ধুৰ প্ৰি-কোৱাটাৰ ফাইনেলত সহজ জয়…

author-image
asomiyapratidin
New Update
পি ভি সিন্ধুৰ প্ৰি-কোৱাটাৰ ফাইনেলত সহজ জয়…

ডিজিটেল ডেস্ক : কমনৱেলথ গেমছৰ ৭ম দিনত হিমা দাসৰ পাছত আন এক ভাল খবৰ। বেডমিন্টনৰ চিংগলছৰ প্ৰি-কোৱাটাৰ ফাইনেলত সহজ জয় পি.ভি সিন্ধুৰ। ফাতিমা নাবাহা আব্দুল ৰজকৰ সৈতে ২১-৪, ২১-১১ ব্যৱধানত জয় লাভ কৰে সিন্ধুৱে।

Advertisment

আনহাতে হিমা দাসে ২০০ মিটাৰ দৌৰৰ হিটছত প্ৰথম স্থান লাভ কৰি পদক নিশ্চিত কৰে। ২৩.৪২ ছেকেণ্ডত হিমাই অতিক্ৰম কৰে এই দূৰত্ব। উল্লেখ্য যে যোৱা ২৮ জুলাইৰ পৰা আৰম্ভ হোৱা কমনৱেলথ গেমছত ভাৰতে ৬ষ্ঠ দিনৰ লৈকে মুঠ ১৮টা পদক লাভ কৰিবলৈ সক্ষম হৈছে।

সোণৰ পদক ৫টা, ৰূপৰ পদক ৬টা আৰু ব্ৰঞ্জৰ পদক ৮টাৰে মুঠ ১৮টা পদক লাভ কৰি ভাৰত তালিকাৰ ৭ম স্থানত থাকিবলৈ সক্ষম হৈছে। তালিকাৰ শীৰ্ষত আছে অষ্ট্ৰেলিয়া। বৰ্তমানেও ভাৰতলৈ বহু পদক অহাৰ সম্ভাৱনা প্ৰায় নিশ্চত।

আৰু পঢ়ক : যোৰহাট দৃষ্টিহীন বিদ্যালয় আৰু যোৰহাট বধিৰ বিদ্যালয় পৰিদৰ্শন মন্ত্ৰী পিয়ুষ হাজৰিকাৰ…

p v sindhu international commonwealth games