এটা বছৰত সমগ্ৰ বিশ্বত গৃহহাৰা হ'ল ৭ কোটিৰো অধিক লোক

এটা বছৰত সমগ্ৰ বিশ্বত গৃহহাৰা হ'ল ৭ কোটিৰো অধিক লোক

ডিজিটেল ডেস্ক : নিজা সুবিধাৰ বাবে বাসগৃহ ত্যাগ কৰা আৰু গৃহহাৰা হোৱাৰ মাজত থকা প্ৰভেদ আকাশ পাতাল । সমগ্ৰ বিশ্বৰ মধ্যবিত্ত তথা দুখীয়া শ্ৰেণীৰ জনসাধাৰণে চৰম কষ্ট আৰু ত্যাগৰ বলত নিৰ্মাণ কৰি উলিয়াই এটি আৱাসগৃহ । যি বাসগৃহত হয়তো প্ৰজন্মৰ পাছত প্ৰজন্ম বাস কৰি আহে । কোনো এক চৰম পৰিস্থিতিৰ সন্মুখীন নহ'লে সেই বাসগৃহ ত্যাগ কৰিব লগীয়া সাধাৰণতেই নহয় জনসাধাৰণৰ । কিন্তু সেই পৰিস্থিতি যদি সামাজিক হয়, ৰাজনৈতিক হয় অথবা প্ৰাকৃতিক দুৰ্যোগ হয় ?

ইন্টাৰনেটত শেহতীয়াকৈ প্ৰকাশ পোৱা এক তথ্য অনুসৰি, ২০২২ চনত সৰ্বমুঠ ৭ কোটি লোক গৃহহাৰা হয় সমগ্ৰ বিশ্বত । ইয়াৰে কাৰণ সমূহ ইতিমধ্যে উল্লেখ কৰি অহা সমূহৰ দৰেই ।

কেৱল যুদ্ধবিধ্বস্ত ইউক্ৰেইনতেই ১.৭ লাখ লোক গৃহহাৰা হৈ পৰিছিল ৰাছিয়াৰ আগ্ৰাসনৰ কবলত পৰি । এই ১.৭ কোটিৰ ৫৯ লাখেই বাসগৃহ ত্যাগ কৰি পলায়ন কৰিব লগীয়া হৈছিল নিকটৱৰ্তী ৰাষ্ট্ৰসমূহলৈ ।

ইয়াৰ ওপৰিও বিগত বৰ্ষত পাকিস্তানত হোৱা প্ৰৱল বানপানীয়ে প্ৰায় ৮০ লাখ লোকক গৃহহীন কৰে বুলিও প্ৰকাশ কৰে প্ৰতিবেদনখনে ।

কেৱল এয়াই নহয় আন বহু কাৰণতো সমগ্ৰ বিশ্বত বাসস্থান ত্যাগ কৰিব লগীয়া হৈছিল আন বহু লোকে । ইউৰোপৰ অবৈধ প্ৰব্ৰজনকাৰীৰ সমস্যাও এই প্ৰতিবেদনৰে অন্তৰ্গত ।

অৱশ্যে বুধবাৰে প্ৰকাশ পোৱা এই প্ৰতিবেদনত ২০২৩ বৰ্ষৰ প্ৰাৰম্ভিক মাহবোৰত তুৰস্ক, ছিৰিয়াৰ ভূমিকম্পত গৃহহাৰা হোৱা লোকসকল আৰু শেহতীয়াকৈ ছুডানত হোৱা ভয়ংকৰ গৃহযুদ্ধৰ কথা উল্লেখ নাই, অথবা এই পৰিসংখ্যা যে ৭ কোটিতকৈ বহু বেছি হ'ল হয় সেইয়া খাটাং ।

এটা বছৰত সমগ্ৰ বিশ্বত গৃহহাৰা হ'ল ৭ কোটিৰো অধিক লোক
ৰাজস্থানৰ সভাত মুখ্যমন্ত্ৰী গেহলটক কটাক্ষ প্ৰধানমন্ত্ৰী মোডীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in