'অপাৰেচন সিন্দূৰ'- ভাৰতৰ দ্ৰুত আৰু কৌশলগত বিজয়...

আমেৰিকাৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়া, উৰবান ৱাৰফেয়াৰৰ বিষয়া তথা লেখক জন স্পেনছাৰ অপাৰেচন সিন্দূৰক লৈ লিখা এক প্ৰতিবেদন এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
'অপাৰেচন সিন্দূৰ'-  ভাৰতে দ্ৰুত আৰু কৌশলগত বিজয়...

ডিজিটেল ডেস্কঃ পেহেলগাম আক্ৰমণৰ পাছতে যোৱা ৭ মে’ত ভাৰতে পাকিস্তানত থিতাপি লৈ ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰা সন্ত্ৰসবাদীৰ বিৰুদ্ধে আৰম্ভ কৰা অপাৰেচন সিন্দূৰ এতিয়াও অন্ত পৰা নাই বুলি ঘোষণা কৰিছে। ইয়াৰ পিছতে ভাৰত-পাকিস্তানৰ সংঘাতক লৈ আন্তঃৰাষ্ট্ৰীয় মহলত নানান চৰ্চা অব্যাহত আছে। 

Advertisment

আমেৰিকাৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়া, উৰবান ৱাৰফেয়াৰৰ বিষয়া তথা লেখক জন স্পেনছাৰ অপাৰেচন সিন্দূৰক লৈ লিখা এক প্ৰতিবেদন এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। তেওঁ ভাৰতে অপাৰেচন সিন্দূৰ শেষ নোহোৱা বুলি কৰা ঘোষণাৰ কথা উল্লেখ কৰি কয় যে, এতিয়া যি পৰিস্থিতিয়ে বিৰাজ কৰিছে সেয়া অভিযানৰ স্পৰ্শকাতৰ স্থগিতকৰণ। কিছুমানে ইয়াক যুদ্ধ বিৰতি বুলি ক’ব পাৰে কিন্তু সামৰিক নেতৃত্বই ইচ্ছাকৃতভাৱে সেই শব্দ এৰাই চলিছে। যুদ্ধৰ দৃষ্টিকোণৰ পৰা এয়া কেৱল বিৰতি নহয়, এয়া এক বিৰল আৰু নিৰ্দ্বিধায় সামৰিক বিজয়ৰ পিছৰ এক কৌশল।

তেওঁ বিশ্লেষণ কৰি এই কথা উল্লেখ কৰিছে যে, কেৱল চাৰি দিনীয়া অভিযানৰ পাছতে ভাৰতে এক দ্ৰুত আৰু স্পষ্ট কৌশলগত বিজয় অৰ্জন কৰিছে। অপাৰেচন সিন্দূৰে নিজৰ উদ্দেশ্য পূৰণ কৰাৰ উপৰিও অধিক সফলতা অৰ্জন কৰিছে। সেইবোৰৰ ভিতৰত সন্ত্ৰাসবাদী আঁচনি ধ্বংস, সেনাৰ প্ৰভূত্ব প্ৰতিষ্ঠা, শক্তিৰ পুনৰুদ্ধাৰ আৰু নতুন ৰাষ্ট্ৰীয় নিৰাপত্তা নীতি। 

উল্লেখ্য যে, ২০২৫ ৰ ২২ এপ্ৰিলত পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৫ গৰাকী পৰ্যটক আৰু এগৰাকী স্থানীয় যুৱক সন্ত্ৰাসবাদীৰ গুলীত নিহত হৈছিল। ইয়াৰে অধিকাংশই আছিল হিন্দু নাগৰিক। লস্কৰ-ই-তৈবা নামৰ সন্ত্ৰাসবাদী সংগঠনৰ ছায়া সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল। 

ইয়াৰ পিছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে একাধিক কূটনৈটিক সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত যোৱা ৭ মে’ৰ পুৱতি নিশা প্ৰায় ১ বজাৰ পৰা আৰম্ভ কৰিছিল অপাৰেচন সিন্দূৰ। এই অভিযানৰ জৰিয়তে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত মুঠ ৯ টা সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতে আক্ৰমণ চলাই ধ্বংস কৰে আৰু ১০০ ৰো অধিক সন্ত্ৰাসবাদী নিহত হয় বুলি দাবী কৰে। 

ইয়াৰ পিছতে ১২ মে’ৰ নিশা ৮ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰি পাকিস্তানক সকিয়াই এক নতুন নীতিৰ কথা ঘোষণা কৰিলে। তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে ভাৰতে কোনো ধৰণৰ নিউক্লিয়াৰ ব্লেক মেইল সহ্য নকৰে। ভাৰতে সঠিক লক্ষ্যত সঠিক সময়ত প্ৰহাৰ কৰিব। 

আমেৰিকাৰ প্ৰাক্তন সামৰিক বিষয়াগৰাকীয়ে ৭ মে’ৰ পৰা ১০ মে’লৈ ভাৰত-পাকিস্তানৰ সংঘাতময় পৰিস্থিতি পৰ্যবেক্ষণ কৰি তাৰ ওপৰত পৰ্যালোচনা কৰি কয়, ৭ মে’ত ভাৰতে পাকিস্তানত প্ৰবেশ কৰি বৃহৎ আঘাত কৰিলে। বাহৱালপুৰ, মুৰিদকে, মুজাফৰাবাদ আদি স্থানত সন্ত্ৰাসবাদীৰ শিবিৰ ধ্বংস কৰিলে।

৮ মে’ত পাকিস্তানে ড্ৰোণ আক্ৰমণ কৰে যদিও ভাৰতীয় বায়ু-প্ৰতিৰক্ষা ব্যৱস্থাই পাকিস্তানৰ সেই ড্ৰোণ ধ্বংস কৰে। ৯ মে’ত ভাৰতে পাকিস্তানৰ ছটা বিমান ঘাটি আৰু ড্ৰোণ সমন্বয় কেন্দ্ৰ ওপৰত প্ৰতি আক্ৰমণ কৰে। ১০ মে’ত দুয়ো পক্ষৰ মাজত ‘ষ্টপেজ অফ ফায়াৰিং’ ঘোষণা হয়। তেওঁ কয় যদিও যুদ্ধ বিৰতি বা Ceasefire শব্দটো বুতেই ব্যৱহাৰ কৰিছে তথাপিও সামৰিক বাহিনীয়ে এই শব্দ ব্যৱহাৰ কৰা নাই। এয়া ভাৰতৰ কৌশলগত এক স্থিতি বুলিও তেওঁ উনুকিয়াই দিছে। 

এই সময়ছোৱাত ভাৰতে কৌশলগতভাৱে মুঠ ৪ টা বিষয়ত সফলতা লাভ কৰিছে বুলিও বিশ্লেষণ দাঙি ধৰিছে। তেওঁ কয় নতুন সীমা নিৰ্ধাৰণেৰে ভাৰতে এতিয়াৰে পৰা সন্ত্ৰাসবাদী আক্ৰমণত ভাৰতে শক্তিশালী অস্ত্ৰৰে প্ৰহাৰ কৰি যোগ্য প্ৰত্যুত্তৰ দিব। 

পাকিস্তানৰ ভিতৰলৈ গৈ প্ৰহাৰ কৰাৰ ক্ষমতা আৰু নিজৰ অঞ্চল সুৰক্ষিত ৰাখিবলৈ সক্ষমতা প্ৰদৰ্শনৰ জৰিয়তে ভাৰতীয় সেনাই প্ৰভুত্ব অৰ্জন কৰিলে। পূৰ্ণ যুদ্ধৰ পৰিবৰ্তে কঠোৰ প্ৰতিক্ৰিয়াৰ জৰিয়তে ভাৰতীয় সেনাই প্ৰতিৰোধ শক্তিৰ পুনৰ স্থাপনৰ ক্ষমতা দেখুৱালে। কোনো আন্তৰ্জাতিক মধ্যস্থতা নোহোৱাকৈ ভাৰতে নিজৰ নীতি নিজেই নিৰ্ধাৰণ কৰি কূটনৈতিক স্বাৰ্থক দাঙি ধৰিবলৈ সক্ষম হ’ল। 

আমেৰিকাৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়া তথা উৰবান ৱাৰফেয়াৰৰ বিষয়া তথা লেখক জন স্পেনছাৰৰ এই বিশ্লেষণ এইবাবেও গুৰুত্বপূৰ্ণ যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ মধ্যস্থতা আৰু বাণিজ্যিক সম্পৰ্ক বিচ্ছিন্নৰ ভাবুকিয়ে সংঘাত বন্ধ কৰিলে বুলি দাবী কৰি আহিছে। তাৰোপৰি পাকিস্তানেও ভাৰতৰ বিৰুদ্ধে জয়ৰ ভুৱা প্ৰচাৰ অব্যাহত ৰাখিছে। তাৰ মাজতেই এই বিশ্লেষণাত্মক লেখাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত হৈ পৰিছে। 

আমেৰিকা অপাৰেচন সিন্দুৰ